অনুভৱত তুমি। ❤🌹

14 3 3
                                    

অন্তিম খণ্ড:
এক নতুন জীৱনৰ পাতনি মেলিবলৈ ওলাইছে তাই!
সময়বোৰ যে কেনেকৈ হেৰাই গ'ল!! পাছলৈ চালেই বুকুখন খুন্দা মাৰি ধৰে তাইৰ।
পৰীক্ষা তাইৰ বহুত বেছি ভাল হ'ল।
দহটা স্হানৰ ভিতৰত তাইৰ নাম।
হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত তাই সপ্তম স্হান পালে।
বাতৰি কাকতত তাইৰ ফটো দেখি মাক-দেউতাকে কিমান কান্দিছিল।
কিন্তু অনুৰাগে তাইৰ খবৰ এটাও নল'লে।

নাই নাই সি চাগৈ কিবা কামত ব্যস্ত। নহ'বাটো সি কোনোদিন এনে নকৰে।
তাইৰ তাৰ ওপৰত দৃঢ় বিশ্বাস।
সি আহিব।

তাই মন কৰা ধৰণে দেউতাকে ডিব্ৰুগড় ইউনিভার্সিটিতে নাম লগালে।
যাবৰ দিনাখন তাইক শোকে খুন্দা মাৰি ধৰিছিল।
তথাপি ইউনিভার্সিটিৰ মনোমোহা, গহীন পৰিৱেশ, কৃষ্ণচূড়া-ৰাধাচূড়াবোৰে তাইৰ মনটোত সুখ ঢালি দিছিল।
অনুৰাগৰ অনুপস্থিতিয়ে তাইক ব্যাকুল কৰে যদিও নতুন-নতুন বান্ধৱীকেইজনী পাই তাই সব পাহৰি পেলাইছিল।

এদিন তাইলৈ কল এটা আহিল।

অনুৰাগৰ পৰা।

:কি কৰিছ'। তই তাত পঢ়িছ' নি?
-সি ক'লে।

:ইমান দিন খা-খবৰ নাই! তই ক'ত আছ'?
সব পাহৰিলি?
-তাইৰ কান্দো-কান্দো লাগিল।

:সেই, এইজনী সেইবোৰ বাদ দে  মই মামাৰ ঘৰত আছোঁহি। মোৰ এক্সিডেন্ট হৈছিল। ভাল পাইছোঁ এতিয়া।

:কি? কি হ'ল তোৰ। ক'ত দুখ পালি।
মই তোক কওঁনে  কেয়াৰ ল'বি নিজৰ।
-তাইৰ বুকুখন মোচৰ খাই উঠিল। সি দুখ পোৱা বুলি জানি.. এতিয়াই যেন তাই তাৰ ওচৰলৈ গুচি যাব।
:লগ পাম কাইলৈ।

:কি??????

:ওমমম!
-সি লাইন কাটিলে।

সি আহিব! কেতিয়া?
কাইলৈ?নক'লেও সি!

আজি তাইৰ টোপনি নাহিব।
তাইৰ অনুৰাগ আহিব।
হয়, তাইৰ মাথোঁ তাইৰ অনুৰাগ।

*****
*****

ক্লাছটো কৰি তাই বাহিৰলৈ ওলাই আহিল।
ফোনটোলৈ কেইবাবাৰো চাইছে তাই।
নাই।
সি নিশ্চয় ফোন কৰিব।

তাই কৃষ্ণচূড়া কেইজোপাৰ তলতে থকা বেঞ্চ খনতে বহিল।
দুঘন্টা-তিনিঘন্টা পাৰ হ'ল।

পিছফালৰ পৰা কোনোবাই মাত দিলে তাইক।
পিছলৈ চাই দেখে।
আচৰিত।
তাইৰ অনুৰাগ।
:ভালে আছ'
-তাৰ ভৰিত মস্ত বেণ্ডেজ।
লেঙেৰাই  আহিছে সি।

তাই দৌৰি গৈ তাৰ ওচৰত ৰ'লহি।

:তই কিয় এনেকুৱা? না মেচেজ,না কল।

:সেই আঁকৰীজনী তোক কৈছিলোঁ নাই। ফোন মেসেজ নাথাকিলেও মোৰ হৃদয়ত তই। মই বহুত সুখ অনুভব কৰিছোঁ মই ভবা ধৰণেই তোৰ ৰিজাল্ট ভাল হ'ল। ৰিজাল্টৰ আগতেই মোৰ এই অৱস্থা হ'ল। তই বেয়া নাপাবি মই তোৰ খবৰ এটাও ল'ব পৰা নাই।
-সি বিষত কেঁকাই  উঠিল।

:মই আছোঁ নহয়। সদায়।
তোৰ প্রিয়াজনী।
:মোৰ তই। আশাবোৰ পূৰ হ'ব।
একেলগে... সপোনবোৰ পূৰাম।
আজিৰ পৰা মই তোৰ কাষতে থাকিম কাষত নাথাকিলেও তোৰ ছায়া হৈ থাকিম।
ভালকৈ পঢ়িব লাগিব তই।

:তই থাকিলে সব ভাল হ'ব।
-তাই তাৰ হাতখন খামুচি ধৰিলে।

সিও তাইৰ হাত খনত এটি চুমা আঁকি দিলে।

তাই লাজে লাজে তালৈ চালে।

সি তাইৰ কাষ চাপি আহিল, কোনো নাছিল ওচৰে-পাজৰে।

:তই বহুত দুখ পালি?

:তোক পালোঁ যেতিয়া সব ঠিক হৈ যাব।

:মই তোৰ কেয়াৰ ল'ম।
-তাই ক'লে।
সি তাইৰ কপালত নিবিড়ভাৱে এটি চুমা আঁকি দিলে।
তাইৰ মেলা ক'লা দীঘল চুলিটাৰিয়ে তাৰ মুখত লুকা-ভাকু খেলিবলৈ ধৰিলে।

সি তাইৰ চকুত চকু থৈ ক'লে,
:তুমি মোৰ কেৱল মোৰ।
মোৰ অনুভৱবোৰত  মোৰ মন-মগজুত কেৱল তুমি।
এছাটি বতাহে দুয়োকে চুই গ'ল।
সি তাইক আলফুলে সাৱটি ধৰিলে।
দুয়োৰে মধুৰ মিলনৰ সাক্ষী হৈ ৰ'ল ডিব্ৰুগড়ৰ কৃষ্ণচড়া-ৰাধাচূড়াবোৰ......!!!

*****
*****

অনুভৱত তুমি! Where stories live. Discover now