" আপুনি অকল ধান্দা কৰক, যিমান চলাব লাগে মই চলাম। "
এনেকুৱাকৈ চেকেণ্ড ড্ৰাইভাৰে ক'লে সাহস পোৱা যায়। ধান্দা যিমান কৰিম আমাৰো সিমানেই পইচা ওলাব , মালিকলেও সিমানেই পইচা বাঢ়িব।
" শুনক ৰূপ ভাই, মই গাড়ী চলাই চলাই বুঢ়া হ'লো। এতিয়া , আজি এখন কালি এখন গাড়ীত উঠিবলৈ ভাল নালাগে। মোক আপোনাৰ লগতেই ৰাখিব। "
"ঠিক আছে চাচা। মই আজি মালিকৰ লগত কথা পাতিম।"
ৰাতিপুৱা মই তিনিচুকীয়াত নামি গ'লো। চাচা জাগুণলৈ গ'ল। আবেলি তিনিমান বজাত আহি ASTC ত থকা জন কাউণ্টাৰলৈ আহিলোঁ। চাৰি বজাত মোৰ বাছখন আহি পাবহি। মালিক জানুদা বহি আছিল। হিচাপ দিলোঁ। দুই এটা ইটানগৰৰ কাউণ্টাৰ, নাহৰলগুণৰ কাউণ্টাৰৰ বিষয়ে দাদাক জনালোঁ। বহুত কথাই পতা হ'ল। মাজতে মই ক'লো...
" দাদা , ডিব্ৰুগড়ৰ ড্ৰাইভাৰ এজন উঠালোঁ। নেটৱৰ্কৰ পুৰণা ড্ৰাইভাৰ।"
" ভাল কৰিলা। লাইচেন্সৰ কপি এটা দিবলৈ কবা।"
" আজি দিব। তেওঁ কৈছিল, এখন গাড়ীতেই থাকিব। আপোনাক জনাবলৈ কৈছিল।"
" হ'ব....মিলাই ল'বা তোমালোকে। নামিলেও বেলেগ ড্ৰাইভাৰ নিজে বিচাৰি ল'বা।"
মনটো ভাল লাগি গ'ল। বাছ আহি পালেহি। চাচাক চিনাকি কৰাই দিলোঁ। কিছু সময় কথা পাতি আমি তিনিচুকীয়া এৰিলোঁ। চাচাৰ লগত মোৰ জমি গ'ল, লগত দত্ত হেণ্ডিমেন। আমাৰ গাড়ীৰ হিচাপ ভাল আৰু আমাৰো ভাল উপাৰ্জন চলি আছে। কেতিয়াবা কিবা জৰুৰী কাম থাকিলে চাচা ডিব্ৰুগড়ত নামি যায়। সেইদিনা মই জাগুনলৈ যাব লগীয়া হয়।
এবাৰ ৰাতি মই চলাই আছোঁ। কেবিন খালি। দত্ত ইঞ্জিনৰ ওপৰত। টোকাৰী গীত বাজি আছে, দত্তই মোক অৰ্থ বুজাই আছে।
" টেপটো বন্ধ কৰি দে। কথা আছে।"
দত্তই টেপটো বন্ধ কৰি দিলে। তেতিয়াৰ দিনত , কেছেট ভৰোৱা টেপ বাছত আছিল।
" তই যে বুঢ়া হৈ গ'লি , কিন্তু গাড়ী চলাবলৈ নিশিকিলি কিয় ?"
অকলে চলাবলগীয়া হ'লে, দত্তক অলপ চলা বুলি ক'লেও ষ্টেৰিং নধৰে। কোনো ড্ৰাইভাৰে দত্তক গাড়ী শিকাব নোৱাৰিলে। কিন্তু ইমান পুৰণা মানুহ , বাছৰ পোক। সি গাড়ী চলাব নাজানে বুলি ক'লে মোৰ বিশ্বাস নহয়।
" এনেই.....ভাল নালাগে চলাবলৈ। ভয় লাগে।"
"কি ভয় আক'। বেলেগ ড্ৰাইভাৰে অলপ বেয়া চলালে গালি দি থাক যে ? চলাব নজনা মানুহে গালি কিয় দিয়?"
" অ' কিয় বেয়াকৈ চলাব। থাপৰ খাব ড্ৰাইভাৰে, যি টি চলালে। এইবোৰ চব ড্ৰাইভাৰ মোৰ লগত হেণ্ডিমেন কৰা। আজি ড্ৰাইভাৰ হৈছে। মোক কি কথা কব ?"
ৰাহুল, ভাগিনা, অৰূপ , কোঁৱৰ এইবোৰ দত্তৰ লগত হেণ্ডিমেন শিকা ল'ৰা , আজি ড্ৰাইভাৰ। সকলোৱে দত্তক বহুত সন্মান কৰে, মানি চলে।
লাহেকৈ বাছখন ৰাস্তাৰ কাষত ৰখালোঁ। দত্ত নামি গৈ টায়াৰকেইটা চেক কৰি আহিলে।
" চলা । মৰিলেও মৰিম। মই নচলাও আৰু। নহ'লে বাছ ইয়াতেই ৰৈ থাকিব। যি কৰ কৰি থাক।"
অলপ দেৰি না নু কৰাৰ পাছত , মোৰ কথা পেলাব নোৱাৰি ড্ৰাইভিং ছিটত বহি বাছ চলালে।
ৱাহ....কি ধুনীয়া ড্ৰাইভিং। বহুত ড্ৰাইভাৰতকৈ বহুত ভাল চলাইছে। যেন এজন পৰিপক্ক ড্ৰাইভাৰে চলাই আছে।
" ঐ, চাদা বনা। "
মোৰ হাঁহি উঠি গ'ল। যেনেকৈ আমি আদেশ দিও হেণ্ডিমেনক , দত্তই মোক আদেশ দিছে। মই বনালোঁ, তাক দিলোঁ। সেইদিনা দত্তই ইটানগৰ পোৱাই দিলে।
" চাল্লা কুকুৰ। তিনিট্ৰিপ পাগল হৈ গৈছিলোঁ অকলে চলাই চলাই, ইমান ক'লো নাই.....ষ্টেৰিং নুচুলি। ভাল মানুহ নহয় তই।"
"ধেৎ , তেনেকুৱা নহয়। কোনোৱে নাজানে মই কিয় নচলাও। শুন। মই ড্ৰাইভাৰ আছিলোঁ আসাম ভেলী বাছত। নামৰূপ লাইনত আছিলোঁ। কিনো হ'ল এদিন , একো ধৰিবকে নোৱাৰিলোঁ। আগত একো নেদেখা হৈ গ'লো। চেপনৰ টাৰ্ণিঙতে পুৰা স্পীদত গছ জোপাত মাৰি দিলোঁ। মোৰ একো নহ'লে। পলাই দিলোঁ। পাছত শুনিলোঁ আঠটা মানুহ মৰিল। তাৰ পাছৰ পৰাই ষ্টেৰিঙত বহিলে হাত কপি উঠে। ৰাতি শুব নোৱাৰো, কেবিনত অহা সেই মানুহবোৰৰ মুখবোৰ দেখোঁ। না মোৰ টোপনি গৈছিল , না মোৰ কিবা নিচা আছিল। আজিও বুজি নাপালোঁ কি হৈছিল সেইদিনা।"
মই চুপ হৈ গ'লো। কিন্তু গাড়ী তামাম চলায়, সেইয়া মানিবই লাগিব।
এজন প্ৰকৃত ড্ৰাইভাৰে জানি-বুজি এটা পৰুৱাও মাৰিব নোখোজে। কিন্তু অবাঞ্চিত কিছুমান কাৰণৰ বাবে এনেকুৱা একচিডেন্টবোৰ সংঘটিত হৈ যায়। সকলো হেণ্ডিমেনৰ এটাই সপোন সকলো সময়তে খেলি থাকে...কেতিয়া ড্ৰাইভাৰ হ'ব। কিন্তু ড্ৰাইভাৰ হৈও আজি দত্ত হেণ্ডিমেন হৈয়েই আছে। মানুহৰ অজীব জীৱন। সি নিজে মানি লৈছে তাৰ এই জীৱন। সি সুখী।
আমি নিজে বাছি লোৱা এই গাড়ীৰ জীৱনত আমি সকলো সুখী। দুমাহ মান পাৰ হৈ গ'ল। চাচা জাগুণলৈ গৈছে। মই তিনিমান বজাত আহি তিনিচুকীয়াৰ ASTC ৰ জন কাউণ্টাৰ পালোঁহি।
" ঐ , হিৰো......কেনেকুৱা ? "
দেখিলোঁ , বৰাদা মোৰ ফালে আগুৱাই আহিছে। মই আচৰিত ইমান দিনৰ মূৰত বৰাদাক দেখি।
" আৰে.....ভাল ভাল। ক'ৰ পৰা আহিলে ? ধুনিয়াটো হ'ল।"
" ঘৰতে আছিলোঁ। দাদাক আজি ফোন কৰিলোঁ। আহ বুলি ক'লে। যাম আজি তোৰ লগত।"
মই অলপ চিন্তাত পৰি গ'লো। চাচাক কথা দিছিলোঁ , এই গাড়ীৰ পৰা ননমাও বুলি। বৰা দা আহিলে, এতিয়া কি কৰা যাব ?
" কি হ'ল ? মই যাম কোৱাৰ বাবাৰ বেয়া পাইছ নেকি ?"
" ধেৎ , কিয় বেয়া পাম আক'। আপোনাৰ গাড়ী, আপুনি গ'লে মইনো বেয়া পাম নে !!! কিন্তু বুঢ়া বিহাৰী ড্ৰাইভাৰ এজন আছে। কি কৰো এতিয়া। "
" মালিকক ফোন কৰি দেনা। যি কৰে কৰি থাকিব। তোৰ বেলেগৰ লগত বেয়া হ'বলৈ কি দৰকাৰ।"
" ঠিকেই কৈছে। ৰব ফোন কৰোঁ।"
জানুদালৈ ফোন কৰিলোঁ।
" ৰূপ, কোৱা....."
" দাদা , টুপী বৰা আহিলে। যাম কৈছে আজি।"
" অ' মোলৈ ফোন কৰিছিল। মই তোমাৰ লগত মিলাই ল'বলৈ কলো। "
" বিহাৰী ড্ৰাইভাৰ জন আছে যে। ননমাও বুলি কৈছিলোঁ। এতিয়া কি কওঁ ?"
" এহ......তেনেকুৱা ড্ৰাইভাৰ হাজাৰ হাজাৰ পৰি আছে। খোৰাকী দি নমাই দিয়া।"
মোৰ ইমান বিপদত চাচাই ইমান সহায় কৰিলে। আজিলৈকে এটাও একো বেয়া দেখা নাই। কেতিয়াবা গাড়ী বহিলে আমি অলপ মদ খাও। তাৰ বাহিৰে এটাও বেয়া অভ্যাস দেখা নাই। তেওঁক কথা দিয়াৰ পাছত , কেনেকৈ নামি যাওক বুলি কওঁ ? জানুদাই তেওঁক স্থায়ীকৈ ৰাখিম বুলিও কৈছিল।
আজি জানুদাৰ কথাবোৰ মোৰ ভাল নালাগিল। ভিতৰৰ পৰা খং এটা উঠি আহিল।আগলৈ.......
![](https://img.wattpad.com/cover/239560332-288-k20171.jpg)
YOU ARE READING
কেবিনৰ ইপাৰে
Adventureনাইচুপাৰৰ কেবিনত ঘটি থকা কিছুমান কাহিনী। এজন ড্ৰাইভাৰৰ জীৱনী।