◆◆◆◆কেবিনৰ ইপাৰে....5◆◆◆◆

38 0 0
                                    

কেতিয়াবা বাছ বহি যায় , যাত্ৰী নোহোৱাৰ বাবে নতুবা কিবা বন্ধৰ বাবে। বাছ বহিলে ইটানগৰত আমাৰ ৰাজযোগ চলে। দিনৰ ন মান বজাত আমালৈ খবৰ আহে, যে আজি গাড়ী নাযায়। খবৰ অহাৰ লগে লগে আমাৰ ৰাতিৰ প্লেন তৈয়াৰ হৈ যায়।
সাধাৰণতে এনেকৈ বহিলে আমি ছাগলী মাংস বনাও। ইটানগৰ গুৱাহাটী লাইনৰ দিনত চলা দুই এখন বাছ ৰাতি পাৰ্কিংত থাকে। তেনেকুৱা চিনাকী বাছ পালে মিলাই বজাৰ কৰোঁ। সেইদিনা সময় চোৱা নহয় , অকল খোৱা আৰু কথা পতা। মদ মাংস উভৈনদী হৈ পৰে। হেঁপাহ পলুৱাই আমি শুবলৈ পাওঁ। আমাৰ কোম্পানীৰ ৰাতিপুৱা পাব লগীয়া বাছখনে দিনত আমাৰ বাবে খোৱা বনাব লাগিব। এইয়া এটা নিয়ম ,অলিখিত।
এনেদৰে আমি জীৱনটো উপভোগ কৰো। সকলো দুখ-কষ্ট উৰি বতাহৰ লগত মিহলি হৈ পৰে। ঘৰৰ চিন্তা , অন্তৰৰ বেদনা আমি পাহৰি যাওঁ।
এবাৰ জন বাছৰে মনোজদাই চলোৱা বাছত মনোজদা নথকাৰ বাবে মোক হিচাপ ল'বলৈ দিলে। টুপী বৰাৰ লগত বুঢ়া কোঁৱৰদা মোৰ ঠাইত উঠিলে। মই মানোজৰ বাছ চলাইছোঁ। এদিন ইটানগৰত বীয়েৰ অলপ বেছিকৈ খালে বৰাদাই। সময়ত বাছ ইটানগৰ এৰিলে। বৰাদাই চলাই আছে। বিশ্বনাথ চাৰিআলি পাৰ হৈ আহিছে। কোনোবা এজন অনা অসমীয়া যাত্ৰীৰ লগত হেণ্ডিমেনৰ কাজিয়া লাগি আছে , ভাড়াৰ বাবে। লোকেল যাত্ৰী ওচৰৰে কৰবাত নামিব। কাজিয়া বেছি হৈ ইঞ্জিনৰ ওপৰত বহি থকা যাত্ৰীজনে হেণ্ডিমেনক চৰ এটা দিলে। বৰাদাৰ অসমীয়া তেজ উটলি উঠিল। গাড়ী চলাই থকাৰ পৰাই এটা ঘোচা যাত্ৰীজনৰ মুখত লগাই দিলে। তেজে একাকাৰ হৈ পৰিল যাত্ৰীজনৰ। লগে লগে মোবাইল উলিয়াই যাত্ৰীজনে কাৰোবাক ফোন কৰি মাৰপিটৰ কথা জনালে। লগতে বাছৰ নাম। বৰাদাই বুজি পালে যাত্ৰীজন অলপ আগত থকা আৰ্মী কেম্পৰ এজন আৰ্মী। মানে আগত আৰ্মীয়ে গাড়ী ৰখাব। তাৰ পাছত কি কি হ'ব পাৰে বৰাদাই নুবুজাকে নাথাকিল।
" এ কোঁৱৰ দা। নামক তললৈ।"
ওপৰৰ ছিটত কোঁৱৰ দা শুই আছিল। কেবিনত যাত্ৰী কেইবাজনো আছিল। কোঁৱৰ দা নামি ইঞ্জিনৰ ওপৰত বহিলে।
"কেলে মাতিলি ? "
" কামেংত মই জঁপিয়াম। ষ্টেৰিং ধৰিব। "
কোঁৱৰ দাই বুজি নাপালে। অলপ আগত কামেং নামৰ এখন ডাঙৰ নৈ আছে , দীঘল দলং। দলঙত গাড়ী উঠিলে। সোঁফালে একেবাৰে দলঙৰ কাষ চপাই ড্ৰাইভাৰৰ দুৱাৰ খুলি বৰাদাই ক'লে...
" ধৰক ........."
ষ্টেৰিং ধৰিলে নে নাই নাচাই  বৰাদাই গাড়ীৰ পৰা তলৰ পানীলৈ জপিয়াই দিলে। কোঁৱৰদা ওস্তাদ ড্ৰাইভাৰ। ঘপককৈ ড্ৰাইভিং ছিটত বহি গাড়ী নিজৰ কব্জালৈ আনিলে। বৰাদা পানীত উটি গুচি গ'ল। কিছুদূৰ অহাৰ পাছত বিশাল বেৰেক লগাই বাছখন আৰ্মীয়ে ৰখালে। কোঁৱৰ দা বুঢ়া মানুহ বুলি মাৰপিট নকৰিলে। হেণ্ডিমেনে ভালকৈ মাৰ খালে।
পানীৰ পৰা আহি বৰাদাই এখন গাঁৱত ৰাতিটো কটালে। বাছৰ অহাৰ সকলো হিচাপ বৰা দাৰ হাততে আছিল। মোক পাছদিনা বৰাদাই ফোন কৰি সকলো জনালে। তাৰ পাছতেই বৰাদা মানুহটো নাইকিয়া হৈ পৰিল। নাহৰকটীয়াৰ চাচনীৰ বৰা দা বহু দিনলৈ হেৰাই গ'ল।
ইয়াৰ মাজতেই ঘটিল বহুত কাহিনী। মনোজ দা আহিল। মোক আকৌ জনৰ 45 খনত দিলে, যিখন মই আৰু বৰাদাই চলাইছিলোঁ। বৰাদা নাই বাছখনৰ হিচাপৰ খেলিমেলি হৈছিল। মোক মেইন ড্ৰাইভাৰ বনাই দিলে।
খান নামৰ এজন বয়সীয়াল ড্ৰাইভাৰ আছিল। ঘৰ বৰসাপজানত। খান, কোঁৱৰ দা কোনো গাড়ীতে স্থায়ীকৈ নাথাকে। য'তেই ড্ৰাইভাৰ নাথাকে এই দুজন আহি যায়। খানে বহুত ধুনীয়া গাড়ী চলায়। টোপনি একেবাৰে নাই। কিন্তু তিনিট্ৰিপ মৰাৰ পাছতেই তাৰ ঘৰৰ অসুবিধা , ঘৈণীয়েকৰ বেমাৰ, ছোৱালীৰ বেমাৰ বহুত লেঠা ওলায়। নোৱাৰে একে লেঠাৰিকৈ গাড়ী চলাই থাকিব।
খানক লগত ল'লোঁ। ধুনীয়াকৈ আমাৰ দিনবোৰ পাৰ হৈ আছে। খান ননমা হ'ল বাছৰ পৰা। আমাৰ লগ মিলি পৰিল। কেইবাট্ৰিপ মৰাৰ পাছত খানৰ বেমাৰ হ'ল। জাগুণৰ পৰা আহি তিনিচুকীয়াত পৰি দিলে। যাব নোৱাৰে। সেই সময়ত বেলেগ ড্ৰাইভাৰ পোৱাটো টান। খানক এৰি মই অকলে ইটানগৰলৈ আহিলোঁ। কোনোবা স্থায়ী ড্ৰাইভাৰে ছুটি ল'লে পাৰ্ট টাইম চলোৱা ড্ৰাইভাৰ এজনো খালি নাই। জাগুন ইটানগৰ লাইন দীঘল লাইন। প্রায় সাতশ কিলোমিটাৰ মান হয়। দিনৰ এক বজাত জাগুণৰ পৰা আৰম্ভ কৰি পাছদিনা ৰাতিপুৱা সাত বজাত ইটানগৰ পাৰ্কিং পাওঁ। ইটো-সিটো কৰোঁ মানেই এঘাৰ বাজে। গা-পা ধুই ভাত খাওঁ মানে বাৰ বাজি যায়। এক বজাত গাড়ী কাউন্টৰত লগাব লাগে। শুবলৈ সময় নাথাকে। মই আহিয়েই পিছ ছিটত শুই দিওঁ। একেবাৰে এঘাৰ মান বজাত উঠাই দিয়ে, আকৌ আৰম্ভ হয় এক দীঘল ৰাতিটোৰ যাত্ৰা। এনেদৰে তিনিট্ৰিপ মাৰিলোঁ। শৰীৰে নটনা হৈ আহিছে। চকুত পানী মাৰি মাৰি চলাইছোঁ। সেইদিনা উপায়হীন হৈ মালিক জানুদাক ক'লো..
" দাদা , তিনিট্ৰিপ হ'ল , অকলে নোৱাৰিম আৰু চলাব। একচিডেন্ট হৈ যাব।"
" ড্ৰাইভাৰ তিনিচুকীয়াত এটাও নাই এইকেইদিন। কোনোবা ড্ৰাইভাৰ আছে যদি উঠাই লোৱা।"
ডিব্ৰুগড়ত এজন বিহাৰী বুঢ়া ড্ৰাইভাৰ আছে বুলি নেটৱৰ্কৰ বৰুৱাদাই কৈছিল। নেটৱৰ্কৰ বহুত পুৰণা ড্ৰাইভাৰ। যেনেতেনে তেওঁক আজি ডিব্ৰুগড়ত উঠিবলৈ বৰুৱাদাক ক'লো। কথামতে ড্ৰাইভাৰজন ডিব্ৰুগড়ত বাছত উঠিল। মনটোত কিমান সকাহ পাইছোঁ অকল মই জানিছোঁ। টোপনি বহুত ধৰণৰ আছে। এবিধ টোপনি আছে অতি ভয়ানক। ড্ৰাইভাৰে চকু মেলি থাকে, আগলৈ চাই থাকে। ধুনীয়াকৈ গাড়ী চলাই থাকে, আপাৰ-দিপাৰ দি  থাকে। কিন্তু সেইয়া তেওঁ টোপনি। ষষ্ঠ ইন্দ্ৰিয়ৰ নিয়ন্ত্ৰণত কিছু সময় নিখুঁত ভাবে কৰি অহা কামটো টুপনিটো কৰি থাকে। এইটো মানুহজনে নজনাকৈয়ে হয়। সত্তৰ শতাংশ একচিডেন্ট এই টোপনিৰ বাবে হয়। মোৰো হৈছিল কেইবাবাৰো। কিন্তু সঠিক সময়ত জানিব পাৰি বাছ ৰখাই দিছিলোঁ। গতিকে টোপনি ধৰিছে বুলি কলে কোনো শুই থকা ড্ৰাইভাৰ শুব নোৱাৰে, উঠি আহি ষ্টেৰিং ধৰিবই।
জাঁজীলৈকে মই চলালোঁ। চকু টানি টানি আনিছে। ভাত খাই অলপো দেৰি নকৰি মই শুই দিলোঁ। বুঢ়া ড্ৰাইভাৰজনে একেবাৰে ইটানগৰলৈকে চলালে। মই এবাৰো সাৰ নাপালোঁ। মানুহজন বৰ ভদ্ৰ। মোক কৈছিল..
" আপুনি অকল ধান্দা কৰক, যিমান চলাব লাগে মই চলাম। "
এনেকুৱাকৈ চেকেণ্ড ড্ৰাইভাৰে ক'লে সাহস পোৱা যায়। ধান্দা যিমান কৰিম আমাৰো সিমানেই পইচা ওলাব , মালিকলেও সিমানেই পইচা বাঢ়িব।
" শুনক ৰূপ ভাই, মই গাড়ী চলাই চলাই বুঢ়া হ'লো। এতিয়া , আজি এখন কালি এখন গাড়ীত উঠিবলৈ ভাল নালাগে। মোক আপোনাৰ লগতেই ৰাখিব। "
"ঠিক আছে চাচা। মই আজি মালিকৰ লগত কথা পাতিম।"
ৰাতিপুৱা মই তিনিচুকীয়াত নামি গ'লো। চাচা জাগুণলৈ গ'ল।

আগলৈ.......

কেবিনৰ ইপাৰেWhere stories live. Discover now