" নেটৱৰ্কত আহি আছিলোঁ। 71 দেখি আচৰিত, কোনে আনিলে আক' এইখন ? সেইকাৰণে নামি দিলোঁ। ভাইটিয়ে ক'লে তুমি শুবলৈ পোৱাই নাই। ময়ে লৈ আহিলোঁ।"
" বহুত ভাল কৰিলা। তোমাৰ বাছ ক'ত ?"
" মই জখলাবন্ধাত নামি দিলোঁ। ইটানগৰৰ বাইদেউৰ ঘৰলৈ যাম। ভালেই হ'ল , আজি তোমাৰ লগতেই যাম।"
" বঢ়িয়া। মাকচম , ফালি গৈছে মোৰ। চব দাদাৰ ভুলৰ বাবে মই ভুগিলোঁ। কিযে কৰি থাকে অকল তেওঁ জানে।"
" নকবা আৰু দাদাৰ কথা। ওস্তাদি মাৰি নিজেই ফছে।"
ভাগিনাই বাছ চলাই আছে। মই আকৌ শুই দিলোঁ।ভাগিনাৰ লগত আহি তিনিচুকীয়া পালোঁহি। বাছখন নি আকৌ গুৰুজীৰ গেৰেজত ভৰাই দিলোঁ। এয়াৰ বাছলৈ আহি ভাল লাগিছে। ইয়াৰ ষ্টেণ্ডাৰ্ড বহুত বেছি। কৈয়ে ভাল লাগে যে এয়াৰ বাছ চলাও। আজি এটাৰ বদলি কাইলৈ আনটোৰ বদলি মাৰি আছোঁ। ইয়াত মই চেকেণ্ড ড্ৰাইভাৰ। খোৰাকীও বহুত দিয়ে, ৰাহুল আৰু ভাগিনাই। সেইবাবে কষ্ট কৰিও ভাল লাগে।
দুদিনমান ঘৰত বহি আছোঁ। আবেলি কাউণ্টাৰলৈ যাওঁ। মনোজ দা, ভাগিনা , টুপী বৰা, ৰাহুল সকলোকে লগ পাওঁ। বহি থকা দেখি গোটেই কেইটাই এশ দুশ টকা দি যায়। প্ৰতি দিনে গাড়ীত নগলেও মিৰ পাঁচশ ছশ টকা আহি যায়। সকলোৱে মৰম কৰি ৰাখে মোক। জানে যেতিয়াই মাতিলেও মই না নকৰোঁ।
মুকু দাৰ ফোন আহিল।
"দাদা.…...."
" ক'ত আছ ? "
" ঘৰতে আছোঁ। কিবা আছিল নেকি?"
" মোৰ ঘৰলৈ আহচোন। কাম আছে।"
" আহি আছোঁ।"
মোৰ পালচাৰ বাইকখন লৈ চিধাই দাদাৰ ঘৰ পালোগৈ।
বৌয়ে মোক বৰ মৰম কৰে। হাঁহি এটা মাৰি ড্ৰয়িং ৰূমত বহিবলৈ দি দাদাক মাতিবলৈ সোমাই গ'ল। দাদা আহিল।
" এইখন এ টি এম ল'। নম্বৰটো 7759। দেৰগাঁও পাৰ হৈ দত্তৰ গাড়ীখনৰ এক্সিডেন্ট হ'ল। ৰৈ থকা ট্ৰাকত মাৰিলে। অ চি ৰ লগত কথা পতা আছে। পোন্ধৰ হাজাৰ উলিয়াই দি দিবি। গাড়ী খালি আছে। চলাব পৰা কণ্ডিচনত থাকিলে গুৰুজীৰ গেৰেজত ভৰাই দিবি। নহ'লে ফোন কৰিবি মোক। দত্ত নাছিল। বেলেগ ড্ৰাইভাৰক দি পঠাইছিল।"
" ঠিক আছে। কিন্তু এতিয়া কিহত যাওঁ মই ?"
" মোৰ গাড়ীখন লৈ যা। তেল ফুল কৰি লবি। "
বাইকখন দাদাৰ ঘৰত থৈ , দাদাৰ এচেণ্ট গাড়ীখন লৈ তিনিচুকীয়া এৰি দেৰগাঁও পালোঁহি। গাড়ী চালোঁ, গ্লাছ দুখন ভাগিল। বাওঁফালে কেবিনটো ভাঙিছে। চলাব পাৰিব। এইখন দাদাৰ দহ চকা টেনকাৰ।
" দত্ত দা......গুৰুজী গেৰেজলৈ লৈ আনক।"
" হৈ গ'ল চব কাম ?"
" ও.....হ'ল। ৰেদিয়েটৰ ফটা নাই বাছি গ'ল।"
" মাল খাই আছিল কুকুৰটো। এট্ৰিপ ঘৰলৈ গৈছিলোঁ , শেষ কৰি দিলে।"
" উপায় নাই.....বেছি যে একো নহ'লে।"
" দাদাই কিবা কৈছে নেকি। বহাব যেন লাগিছে মোক। চাকৰি গ'ল আৰু মোৰ। তয়ে চলা এইখন। মই চেকেণ্ড ড্ৰাইভাৰ থাকিম।"
" ধেৎ.....ননমাই আপোনাক। আহক, মই গৈ আছোঁ। বৌক ডিগবৈলৈ নিব লাগে।"
গুলীৰ দৰে দেৰগাঁও এৰি তিনিচুকীয়ালৈ গাড়ী এৰি দিলোঁ। আবেলি আহি দাদাৰ ঘৰ পালোঁ। এ টি এম খন মোৰ লগতেই থবলৈ ক'লে। বৌ আৰু দাদাক লৈ আকৌ ডিগবৈ পালোঁ।
এনেদৰেই এয়াৰ বাছ কোম্পানীত মোৰ দায়িত্ব দিনক দিনে বাঢ়ি গৈ আছিল। গাড়ীৰ কামবোৰ, ৰাস্তাত হোৱা এক্সিডেন্ট.....ড্ৰাইভাৰৰ প্ৰব্লেম.....এইবোৰ মোৰ ওপৰত এৰি দিছিল। কোনো কেনা নলগাকৈ সকলো কাম কৰি গৈছিলোঁ।
কেবাদিনৰ মূৰত দাদাৰ আকৌ ফোন আহিল।
" ঐ শুন। কাপোৰ কানি অলপ লৈ কাইলৈ ওলাবি। পাঞ্জাৱ যাব লাগিব। "
" হ'ব।"
" আৰু কোন যাব দাদা ?"
" লৈ ল' কোনোবা ড্ৰাইভাৰ এটাক। নতুন বাছ আনিম। অমৰ বডীত বনাইছোঁ। সেইখন তই চলাবি। "
এয়াৰ বাছৰ নিয়ম। যি ড্ৰাইভাৰে পাঞ্জাৱৰ পৰা বাছ আনিব, সেইখন বাছ সেই ড্ৰাইভাৰৰ। কথা শুনি বুকু ফুলি গ'ল মোৰ। নতুন বাছ চলাম, তাকো এয়াৰ বাছৰ।
দুদিন আগতে ৰবীন্দ্ৰ সিং দা বিহাৰৰ পৰা আহি পাইছেহি। সিং দাক ফোন কৰি পাঞ্জাৱ যাবলৈ লগ ধৰিলোঁ। একে বাৰতেই মান্তি হ'ল। পাছদিনা ডিব্ৰুগড়ৰ পৰা আমি তিনিওটা উৰা মাৰিলোঁ দিল্লীলৈ।
গধূলি আঠ বজাত দিল্লী পালোঁ। তাৰে বাছ ষ্টেণ্ডত বহুত ভলভ' , মাৰচিডিজ বাছ ৰৈ আছে। আমি যাব লাগে জলন্ধৰ । ভলভ' এখনত গাড়ীতেই টিকেট কাটিলে । বাছ চলিল। মন কৰিলোঁ , ড্ৰাইভাৰ এজন পাঞ্জাৱী। কনডাক্টৰ এজন। পাছদিনা পুৱা পাঁচ বজাত আমাক জলন্ধৰ পোৱাই দিলে।
অমৰ বডীৰ মালিকে দাদাৰ বাবে হোটেল ৰাখিছিল। দাদাৰ এচি ৰূম। আমাৰ এচি নাই।
ন' মান বজাত আমি অমৰ গেৰেজলৈ আহিলোঁ। কি ধুনীয়াকৈ আমাৰ বাছখন বনাই থৈছে। ভিতৰ বাহিৰ সকলো চালোঁ। কেইটামান ভুল চকুত পৰিল। কেবিনৰ দুৱাৰখন ড্ৰাইভাৰ ফাললৈ মানে বাহিৰ ফাললৈ খোল খাই। এনেকুৱা হ'লে , ৰাতি শুই থকা ড্ৰাইভাৰজনৰ বহুত অসুবিধা হয়। বাৰে বাৰে ছিট দাঙি দুৱাৰ খুলিব লগীয়া হয়। সেইখন ভিতৰলৈ খোলা কৰি ল'লো। কেবিনত আমাৰ মতে কেইবাটাও ছিট লগোৱালোঁ। চাৰিটা হেড লাইট আছিল। তলত আৰু দুটা লগাই ল'লো। ড্ৰাইভাৰ শোৱা ওপৰৰ ছিটটো আৰু অলপ বহল কৰোৱাই ল'লো। যাত্ৰী বহা ছিটবোৰৰ তলত দিম লাইট লগালো। চাউণ্ড চিষ্টেমটো বদলি কৰি বেছি ভাল আৰু পেন ড্ৰাইভ চিষ্টেমৰ লগাই ল'লোঁ। ড্ৰাইভাৰ ছিটৰ পাছফালৰ দীঘল ছিটটোৰ তলত বাকচ বনোৱালোঁ। এইবোৰ বাকচত বহুত বস্তু থব পাৰি। আমাৰ বেগ , গাড়ীৰ ৰেন্স , টিউব , জোতা ইত্যাদি। মোবাইল চার্জ কৰিবৰ বাবে ষ্টেৰিঙৰ ওচৰত চুইছ বৰ্ড লগালোঁ।
গেৰেজৰ বাহিৰত এখন হোটেলত আমি চাহ খাই থাকোতে এটা সৰু ল'ৰা আহি অসমীয়াত কথা পাতিলে। সি মৰাণৰ। ভালেই পালোঁ, তাক লগত ল'লো। বৰ কষ্টত আছিল সি।
এনে ধৰণৰ সৰু সৰু শেষৰ কামবোৰ কৰোঁতে তিনিদিন লাগিল। তিনিদিনৰ দিনা কাম শেষ কৰি গধূলি হেড লাইটবোৰ মিলাই ল'লো। চকাৰ হাৱা সাধাৰণতকৈ অলপ কমাই ল'লো। ৰাতি দহ মান বজাত আমি জলন্ধৰ এৰি যাত্ৰা আৰম্ভ কৰিলোঁ। পাঞ্জাৱ-হাৰিয়ানা সীমাত অলপ ৰ'ব লগীয়া হ'ল। ৰাতি বাৰ বজাত আকৌ যাত্ৰা কৰিলোঁ। মিৰুত নামৰ ঠাইত আমি পূবলৈ সোমাই আহিলোঁ। চিধা গলে দিল্লী। কিছু দূৰ আহি উত্তৰ প্ৰদেশত সোমালো। হাৰিয়ানা শেষ। সেই সময়ত ফৰ লেন বনাই আছিল। পুৱা সাত বজালৈ গাড়ী চলালোঁ। এখন ধাবাত গাড়ী লগাই চাহ, ৰুটি খালো। ৰবীন্দ্ৰদাই চলাই আছে।
কেবিনৰ ড্ৰাইভাৰ শোৱা ওপৰৰ ছিটটো খুলি আনিলোঁ। ভিতৰৰ দুফালৰ ছিটৰ মাজৰ, মানুহ অহা-যোৱা কৰা আলিটোত দীঘলকৈ পাৰি দিলোঁ। ব্ৰেক মাৰিলে পিছলি নাযাবলৈ আগফালে বেগ এটা দি ছিটত বান্ধি দিলোঁ। গৰম যথেষ্ট আছিল। একেবাৰে শেষৰ খিৰিকীখন খুলি দিলোঁ। বাছত বতাহ সদায় পাছফালৰ পৰা কেবিনৰ ফালে যায়। গাৰুটো লৈ বনাই লোৱা বিছনাত পৰি দিলোঁ। ধুনীয়া বতাহ মাৰি আছে। সোনকালেই টোপনি আহিলে।
পাছত মোৰ বিছনাখন মুকু দাই দখল কৰি ল'লে। যেতিয়াই সাৰ পাওঁ, ৰবীন্দ্ৰদাক উঠাই মই চলাও। এনেদৰে আহি আহি বিহাৰ পাৰ কৰি বেংলত সোমালোঁ। সেইদিনা মুকুদাৰ জন্মদিন আছিল। এখন ধাবাত বাছ লগাই ছাগলী মাংস ভাতৰ পাৰ্টি খালোঁ। সেই ধাবাতেই মই ৰবীন্দ্ৰ দা বহি থাকোতে পাইপ এডাল লগাই দাদাই আগফালৰ গ্লাছ আৰু কেবিন ধুনীয়াকৈ ধুলে, লগত পাঞ্জাৱৰ পৰা অনা সেই মৰাণৰ হেণ্ডিমেনটো।
আমাৰ বেয়া লাগিছিল যদিও , দাদাই ইচ্ছা কৰাৰ বাবে তেওঁকেই ধুবলৈ দিলোঁ। এই যাত্ৰা মোৰ সদায় মনত থাকিব। জীৱনত প্ৰথম বাৰৰ বাবে ইমান দীঘলীয়া যাত্ৰা কৰিছিলোঁ। চাৰে চাৰি দিনত আহি তিনিচুকীয়া পালোঁ।
এনেদৰে জীৱনত এটা এটাকৈ বাছৰ অভিজ্ঞতা গোটাই আহিছোঁ। মই আৰু ৰবীন্দ্ৰদাই দুমাহ মান চলালোঁ। জাগুন ইটানগৰ, নামচাই ইটানগৰ লাইন।
সেই সময়ত মোৰ বাইদেউ আমেৰিকাৰ পৰা আহিছিল। দাদাক কৈ মই বাছৰ পৰা নামি দিলোঁ। তিনি সপ্তাহ মই গাড়ী চলোৱা নাছিলোঁ। বাইদেউ গ'ল, মই আকৌ ওলাই আহিলোঁ গাড়ীৰ বাবে।আগলৈ......
YOU ARE READING
কেবিনৰ ইপাৰে
Adventureনাইচুপাৰৰ কেবিনত ঘটি থকা কিছুমান কাহিনী। এজন ড্ৰাইভাৰৰ জীৱনী।