নতুন ড্ৰাইভাৰ , ইষ্টেৰিং এৰিবলৈ মনেই নাযায়। তিনিচুকীয়াৰ ড্ৰাইভিং ছিটত বহি একেবাৰে বৰগাং পাওঁহি। বৰাদাই জোৰকৈ মোক শুবলৈ পঠাই নিজে বাছ চলায়। ইটানগৰৰ পাৰ্কিংত আমি নিজে ভাত বনাই খাওঁ। লোকেল কুকুৰা , গাহৰি মাংস , ছাগলী মাংস.... সদায় এবিধ থাকেই। চাৰিটামান বীয়েৰ আনি বৰাদা মোৰ ওচৰতে টুল এখনত বহি থাকে। মই ভাত বনোৱাত ব্যস্ত হৈ থাকোঁ। মই মদ নাখাওঁ, বীয়েৰকেইটা বৰাদাই খায়। নিচা হৈ অহাৰ লগে লগে নানান বিহু , ৰামায়ণ, মহাভাৰতৰ সৰু সৰু কাহিনী আৰম্ভ হৈ যায়।
এদিন ইটানগৰলৈ আহি আছোঁ। শুনিলোঁ মাটি খহিছে পাহাৰৰ, ইটানগৰ যোৱা ৰাস্তা বন্ধ। বান্দৰদেৱাত গাড়ী লগাই থৈছোঁ। লাহে লাহে নেটৱৰ্ক , এয়াৰবাছ , গনপতি আহি পালেহি। চাহ , পুৰি খাই উঠোঁ মানে ন' বাজিলে। এইবাৰ পাল পৰিল বীয়েৰৰ। দুটা দুটা কৈ আহি আছে। ভাগিনা, বুঢ়া কোঁৱৰ , হৰবন সিং , ভাই দা , পগলা কোঁৱৰ, নেটৱৰ্কৰ বৰুৱা দা, আমি সকলো আমাৰ বাছত। বাছৰ ভিতৰত বীয়েৰ বটলৰ পাহাৰ বনিলে। এনেই মই মদ অলপ খাওঁ যদিও বাছত নতুন , গতিকে ভুলতো মুখত দিয়া নাই। সকলোৱে গম পোৱা হ'ল যে মই মদ নাখাওঁ।
টুপী বৰাৰ মাত ডাঙৰ হৈ আহি আছে। কথাৰ মাজতেই বুঢ়া কোঁৱৰ দাই ৰামায়ণৰ কথা উলিয়ালে। ৰাৱণ আৰু ৰাম। টুপী বৰাৰ মতে.......
" তহঁতে কি জান? ৰাৱণ বহুত ভাল আছিল। সীতাক হৰণ কৰিছিল যদিও বেয়া দৃষ্টি কেতিয়াও দিয়া নাছিল। এগৰাকী নাৰীক যিমান সন্মান দিব লাগে সিমানেই দিছিল। বেয়া আছিল সীতা। তহঁতে কি জান ? সীতা অলপ গৰবৰ আছিল। ৰামে নিজেই দেখিলে আক' , সীতায়ে ভৰিৰ বুঢ়া আঙুলিৰে ৰাৱণৰ নাম মাটিত লিখি আছিল। তেতিয়াহে ৰামৰ দাউত হ'ল। সেইকাৰণে অগ্নি পৰীক্ষা কৰিবলৈ দিলে। সীতাইতো জানিলে যে ৰামে তাইৰ কথা চব গম পালে। সেইকাৰণে মাটিতে সোমাই দিলে।"
এনেকুৱা ৰামায়ণ বহুত বাৰ শুনিছোঁ। সকলোতে বৰা দাৰ নিজৰ অভিজ্ঞতা থাকে। শুনি ভাল লাগে। এইবোৰৰ মাজতেই আমি পাহৰি যাওঁ আমাৰ কষ্ট , আমাৰ টোপনি। আমাৰ লক্ষ্য মাত্ৰ এটাই, যাত্ৰীবোৰক নিৰাপদে নিদিষ্ট ঠাই পোৱাবগৈ লাগে। প্ৰতি ট্ৰিপত প্ৰায় চৈধ্যশ কিলোমিটাৰ চলে। বাছখনৰ সম্পূৰ্ণ কেয়াৰ আমি ল'ব লাগে। স্প্ৰিং পত্তিৰ পৰা একেবাৰে ইঞ্জিন মবিললৈকে প্ৰতি দিনে আমি চকু দিও।
বৰাদাৰ লগত মোৰ জমি গ'ল। মই বৰাদাক বেছি চলাবলৈ নিদিওঁ। যেতিয়াই টোপনিৰ পৰা সাৰ পাওঁ, বৰা দাক আঁতৰাই আকৌ মই চলাও। নতুন ড্ৰাইভাৰ নতুন উৎকণ্ঠা, নতুন সোৱাদ। মন ভৰাই বাছ চলাইছোঁ, মোৰ চখ পুৰা কৰি।
" ধেৎ তেৰিকা......তোৰ লগত থাকি থাকি মোৰ আদত বেয়া হৈ গৈছে। অকল টোপনিয়ে ধৰি থাকে। "
মাজে মাজে মোক কৈ থাকে। এনেতে আমাৰ লগত উঠিল দত্ত হেণ্ডিমেন। এতিয়া চলাই থকা বহুত ড্ৰাইভাৰ দত্তৰ লগত হেণ্ডিমেন কৰিছিল। বাকীবোৰ ড্ৰাইভাৰ হ'ল, দত্ত হেণ্ডিমেনেই হৈ থাকিল। ঘৰ ডিব্ৰুগড়ত। লাহে লাহে দত্তৰ লগত মোৰ দোস্তি বাঢ়ি গ'ল। কোনো ড্ৰাইভাৰে কেতিয়াও দত্তক শোৱা দেখা নাই। থিয় হৈয়ে কেতিয়ানো সি টোপনি মাৰে গম পোৱাটো টান। দুটা হেণ্ডিমেনৰ কাম দত্তই অকলে কৰিব পাৰে। ৰাতি মই গাড়ী চলাই থাকোতে দত্ত ইঞ্জিনৰ ওপৰত বহি এটা এটাকৈ কাহিনী কৈ যায়। তাৰ মোৰ ওপৰত সকলো সময়তে চকু থাকে, কিজানি টোপনি ধৰিছে মোৰ। নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে চাদা, চিগাৰেট , তামোল মোক দি থাকে। মুঠতে দত্তৰ একো খুত নাই।
এনেদৰে এজন এজন মানুহ জীৱনত বাঢ়ি গৈ আছে। এইবোৰ মানুহৰ সংস্পৰ্শত মোৰ গাড়ী চলোৱাটো বেছি পৰিপক্ক হৈ পৰিল তেনেই কম দিনতে। যিমান পাৰোঁ সুন্দৰকৈ গাড়ী চলোৱাত মই মন দিছিলোঁ। বুঢ়া কোঁৱৰ, টুপী বৰা, ভাগিনা, ৰবীন্দ্ৰ সিং এইবোৰ ড্ৰাইভাৰ এজন এজন গুৰু। কিমান যে হেণ্ডিমেনক ড্ৰাইভাৰ বনালে এওঁলোকে হিচাপ নাই।
এদিন আহি ইটানগৰ পাইছোঁ মাত্ৰ। গহপুৰৰ পৰা বাছ বৰাদাক দি শুইছিলোঁ। বৰা দাই মোক টোপনিৰ পৰা উঠালে।
" ঐ ৰূপ , উঠ........আকৌ এতিয়াই যাব লাগে বোলে। "
" কি ? ক'ত যাব এতিয়া ?"
"মালিকৰ ফোন আহিছিল। ITBP ৰ মানুহ যাব জাগুন। এতিয়াই ITBP ৰ কেম্পলৈ যাবলৈ কৈছে।"
এনেকুৱা হ'লে মগজুৱে কাম নকৰা হৈ যায়। কালি দিনৰ এক বজাৰ পৰা গাড়ী চলাই আছোঁ এতিয়ালৈকে। আহি ষ্টার্ট বন্ধ কৰাই নাই আকৌ ইমানদূৰ যাব লাগে। বাহিৰফাল ধুবলৈ সময় নাই। আগফালৰ গ্লাছ আৰু ভিতৰখন চাফা কৰি শেষ কৰিলে।
" ঘূৰা গাড়ী। মই বাহিৰৰ পৰা আহিছোঁ।"
আধা টোপনিতে উঠি আহি ষ্টেৰিঙত বহিলোঁ। বৰা দা বাহিৰৰ পৰা আহি পালেহি। পাহাৰ এখনৰ মাজেৰে সৰু পকা ৰাস্তা এটাইদি বাছ চলাই নিলোঁ। গৈ গৈ একেবাৰে ওপৰত ITBPৰ কেম্প পালোগৈ। তাতে ব্ৰাছ কৰি মুখ- হাত ধুই ল'লো। মগ এটাত ভৰ্ত্তিকৈ চাহ দিলে, লগত ব্ৰেড, কণী এটা। খাই শৰীৰলৈ অলপ জান আহিল। কিছু সময়ৰ পাছত ITBPৰ জোৱান সকল আহি বাছত বহিল, আমি বাছ এৰি দিলোঁ। ইটানগৰৰ পৰা চিধাই আহি জখলাবন্ধাত ৰলোহি। মোৰ দেহাই নটনা হৈছে। ভাত খাই মই ওপৰত শুই দিলোঁ। দিনত বাছ চলাবলৈ আমি বেয়া পাওঁ। ইমান ভীৰ। গৰু, ছাগলী , ৰিক্সা , অট', মানুহ......মুঠতে শান্তি নাই। বৰা দাৰ আমনি লাগি গৈছিল, শিৱসাগৰৰ বাইপাছত মোক উঠাই দিলে। মই চলালোঁ, আহি সাত বজাত তিনিচুকীয়া পাই মই নামি দিলোঁ। বৰা দা জাগুনলৈ গ'ল।
কেতিয়াবা নিজকে এটা মেচিনৰ নিচিনা লাগে। যিমান যি হ'লেও আমি বাছ চলাবই লাগিব। মানুহক নিজৰ ঠাইত পোৱাব লাগিব তাকো এক নিৰ্দিষ্ট সময়ত। এইবোৰ অভিজ্ঞতা পাই লাহে লাহে 'ড্ৰাইভাৰ' নামৰ এই মানুহ ৰূপী যন্ত্ৰৰ প্ৰতি শ্ৰদ্ধা বাঢ়ি গ'ল।
ৰাতিৰ নিৰ্জনতা , ৰাতিৰ গভীৰতাত যেতিয়া সকলো মানুহ টোপনিত মগ্ন হৈ থাকে , তেতিয়া এই ড্ৰাইভাৰে সকলোৰে জীৱনৰ গধুৰ দায়িত্ব নিজৰ কান্ধত লৈ ঘণ্টাৰ পাছত ঘণ্টা গাড়ী চলাই থাকে। কিমান পোহৰ শেষ হৈ আন্ধাৰ হৈ যায় , কিমান আন্ধাৰ শেষ হৈ পোহৰ হৈ যায়....সকলোৰে সাক্ষী কেৱল এই ড্ৰাইভাৰ। মানুহৰ জীৱনৰ দায়িত্ব লোৱাটো বৰ কঠিন। হাজাৰ হাজাৰ সপোন, হাজাৰ হাজাৰ পৰিয়ালৰ দায়িত্ব এজন ড্ৰাইভাৰে বহন কৰি নিব লাগে।
এইবোৰ সৰু-বৰ অভিজ্ঞতা গোটাই লাহে লাহে মই পাকৈত ড্ৰাইভাৰ হৈ গৈ আছোঁ। কথাবোৰ মই সূক্ষ্মভাৱে লক্ষ্য কৰোঁ। গাড়ী চলোৱাটো তেনেই সহজ। দুই তিনিদিন চলালেই এজন মানুহ ড্ৰাইভাৰ হৈ যায়। কিন্তু পাকৈত ড্ৰাইভাৰ ইমান সহজে তৈয়াৰ নহয়। ইয়াৰ বাবে লাগিব প্ৰচুৰ সাধনা আৰু প্ৰচুৰ অভিজ্ঞতা। এই অভিজ্ঞতা স্কুল , কলেজত পঢ়ি গোটাব নোৱাৰি। এই অভিজ্ঞতা আহে প্ৰখৰ গৰম, মানুহৰ মাতৰ তিতা , গাড়ীয়ে দিয়া তিক্ত বিৰক্তিৰ সংমিশ্ৰণত। এইবোৰ মই পাইছোঁ মোৰ জীৱনত।
মাজনিশা যেতিয়া মই বাছ চলাই থাকোঁ , ভিতৰত থকা সকলো যাত্ৰী সপোনৰ ৰাজ্যত উটি ফুৰে। তেনেতে কেবিনত বহি অহা যাত্ৰীবোৰৰ ওপৰেদি মোৰ চকু পাৰ হৈ যায়। সকলো টোপনিত। হেণ্ডিমেনো অবাঞ্চিত টোপনিত বৰশী বাই থাকে। অকল মোৰ দুটি নয়ন সজাগ হৈ থাকে। বুকুখন ফুলি উঠে, ইমানবোৰ মানুহ, ইমানবোৰ জীৱনৰ সকলো দায়িত্ব অকল মোৰ ওপৰত। বেছি সজাগ হৈ পৰো। যিমান পাৰোঁ কোমলকৈ চলাবলৈ বিচাৰোঁ, মিহিকৈ ব্ৰেক মাৰোঁ, মৰমত গীয়েৰ লগাওঁ যাতে যাত্ৰীবোৰৰ টোপনিত ব্যাঘাত নজন্মে। মাজনিশা যাত্ৰী সকলে গমকে নাপাই ড্ৰাইভাৰ কেতিয়া বদলি হয়। এশ শতাংশ দি আমি ৰাতিটো আমাৰ ডিউটি কৰোঁ। যেতিয়া নিজৰ গন্তব্য স্থানত যাত্ৰীসকল হাঁহি হাঁহি নামি যায়, আৰু নমাৰ সময়ত এবাৰ আমালৈ ঘূৰি চাই......তেতিয়া আমি সকলো পাই যাওঁ। সেয়াই আমাৰ কাম্য। মুখেৰে একো নকলেও তেওঁলোকৰ চাৱনিত বুজি পাওঁ তেওঁলোকৰ কৃতজ্ঞতা খিনি। ভালৰ মাজত বেয়া থাকিবই। ইমানবোৰৰ মাজত দুই এজন যাত্ৰী আহি দুটামান কথা শুনাই নামি যায়। মনটো মৰহি উঠে। কিছু সময়ৰ বাবে মানুহবোৰক ভাল নলগা হৈ যায়। আকৌ ঠিক হয়। আকৌ সাজু হওঁ এখিনি নতুন যাত্ৰীক উঠাই আকৌ এটা যাত্ৰা কৰিবলৈ। এনেদৰে এটা এটা দিন পাৰ কৰি গৈ থাকোঁ, ন ন অলেখ মানুহক টানি টানি।
লাহে লাহে বাছৰ লগত জীৱনটো খাপ খাই পৰিছে। বাছৰ কেবিনেই আমাৰ বেদ ৰূম, ড্ৰয়িং ৰূম ,আমাৰ ঘৰ।
মোৰ ঘৰত সৰুৰে পৰাই বাহিৰা কিতাপৰ এখন জগত দেখি আহিছিলোঁ। দেউতা , দাদা , জান বা কিতাপৰ পোক আছিল। মা আৰু মই পঢ়োঁ যদিও বহুত কম তেওঁলোকতকৈ। কিন্তু নাই নাই বুলিও বহুত কিতাপ পঢ়ি পেলাইছিলোঁ। আপুনি যি পৰিবেশ সদায় দেখি আহে বা পাই আহে নিজেও তেনেকুৱা হৈ পৰা যায়। লাহে লাহে কিতাপ পঢ়াটো মোৰ চখ হৈ পৰিছিল।
অসীমত যাৰ হেৰাল সীমা আৰু পুৱতি তৰা কিতাপ দুখনে যৌৱনৰ আৰম্ভণিতে মোৰ বুকুত প্ৰেমৰ কঠিয়া সিঁচি গৈছিল। অঘৰী আত্মাৰ কাহিনী , মৃত্যুঞ্জয় , ককা দেউতাৰ হাড় , পিতা পুত্ৰ , আত্মানুসন্ধান....এইবোৰ পঢ়ি পেলাইছিলোঁ। কোমল মনটোত সাঁচ বহুৱাই গৈছিল এইবোৰৰ শব্দবোৰে। এতিয়া বাছ চলাই থাকোঁ যদিও কিতাপৰ মোহ এৰিব পৰা নাই। 'শ কটা মানুহ' খন মোৰ লগতে লৈ ফুৰিছোঁ। সময় পালেই অলপ পঢ়ি লওঁ। কি বিভৎস বৰ্ণনা। কিবা ভাত খাবলৈ মন নোযোৱা হৈ গৈছিল , এই কিতাপখন পঢ়ি। সেই মানুহজনৰ শৰীৰৰ গোন্ধটো মোৰ নাকত সুমুৱাই দিছিল লেখকৰ বৰ্ণনাবোৰে। কিতাপ পঢ়া দেখি প্ৰথমতে বাছৰ দেশত সকলোৱে আচহুৱা পাইছিল। লাহে লাহে এই জগতৰ মোৰ লগৰ বোৰে জনা হৈ পৰিছিল যে মই কিতাপ পঢ়িব পাৰোঁ।
কেতিয়াবা বাছ বহি যায় , যাত্ৰী নোহোৱাৰ বাবে নতুবা কিবা বন্ধৰ বাবে। বাছ বহিলে ইটানগৰত আমাৰ ৰাজযোগ চলে। দিনৰ ন মান বজাত আমালৈ খবৰ আহে, যে আজি গাড়ী নাযায়। খবৰ অহাৰ লগে লগে আমাৰ ৰাতিৰ প্লেন তৈয়াৰ হৈ যায়।আগলৈ......
