◆◆◆◆কেবিনৰ ইপাৰে....1◆◆◆◆

99 0 0
                                    


নাইটচুপাৰ চলোৱাটো মোৰ এক স্বপ্ন আছিল। গাড়ীৰ ড্ৰাইভাৰ হ'বলৈ হেণ্ডিমেন কৰিব লাগিব। তন্ন তন্নকৈ গাড়ীৰ কাম জানিব লাগিব। লাহে লাহে ড্ৰাইভাৰে ষ্টেৰিং এৰি দি হেণ্ডিমেনক ড্ৰাইভাৰ বনায়। কিন্তু মই হেণ্ডিমেন কৰা নাই। চিধাই ড্ৰাইভাৰ। গাড়ীৰ কামৰ বিষয়ে মই একেবাৰেই অজ্ঞ আছিলোঁ।
এয়াৰ বাছৰ মালিক মুকুদাই মাজে মাজে কৈছিল...
"জানো পাই , কেনেকৈ ড্ৰাইভাৰ হ'লি। না গাড়ীৰ কাম জান, না গাড়ীৰ পাৰ্টছ চিনি পাৱ। আচৰিত দেই।"
ক'তো গাড়ী নলগাই , তেল কম খুৱাই মই চলাই থাকিব পাৰোঁ। মুকু দাক দেখিলেই মোৰ জীৱ উৰি যায়। কি বা সুধি দিয়ে ঠিক নাই।
" ঐ, তোৰ গাড়ীত মবিল চেক কৰনে ? থিকেই আছেনে মবিল ?"
কি কম কি নকম কৈ ক'লো
" ঠিক আছে।"
" কেনেকৈ জানিলি ঠিক আছে বুলি ?"
শলঠেকত পৰিলোঁ। মই নাজানিছিলোঁ গাড়ীত যে মবিল চেক কৰিব লাগে। ভিতৰৰ পৰা কঁপনি উঠি আহিল।
" টেমপ্ৰেছাৰ মিটাৰত হিট দেখুৱা নাই। কমি গলে হিট হ'ব নহয়।"
" কি ? হে ভগৱান.....কোনে তোক ড্ৰাইভাৰ বনালে ঐ ? আৰে ইঞ্জিনত যে এডাল গেজ আছে দেখা নাই ?"
মোৰ চকু মেল খাই গ'ল।
" খুল বনেট। "
ইঞ্জিনৰ ওপৰৰ কভাৰখন দাঙি দিলোঁ। ৰিং এটাত আঙুলিটো ভৰাই গেজ এডাল টানি উলিয়ালে।
" এইডালত চাই মবিল। এইযে দাগি দেখিছ , ইয়াতকৈ কম হ'লে আধা লিটাৰ মবিল খাব। পাছৰ দাগিটো পাৰ হ'লে এক লিটাৰ খাব। আজিৰ পৰা ইঞ্জিন ষ্টার্ট দিয়াৰ আগতে এবাৰ চাই লবি।"
সেইদিনা ডাঙৰ এক অভিজ্ঞতা হৈছিল। বহুত শিকিলোঁ দাদাৰ পৰা। সৰু সৰু কথা, কিন্তু ইয়াৰ মাজতেই এখন গাড়ীৰ আয়ুস নিৰ্ভৰ কৰে।
মাজতে কেইমাহমানৰ বাবে কুইন বাছ চলাইছিলোঁ। গুৱাহাটী- ধলা লাইন। JCBL বডী। মই নাইট চুপাৰৰ ড্ৰাইভাৰ হিচাপে তেতিয়া তেনেই নতুন।
মই চলোৱা জন বাছখন বহিছিল কেইদিনমানৰ বাবে। মইয়ো নতুন নাইটচুপাৰৰ দুনীয়াত। আবেলি ASTC লৈ আহি গম পালোঁ আজি বাছ নাযায়। কাম আছে , কেইবাদিনো লাগিব। বিমুখ হৈ মই ঘূৰি আহিবলৈ লওঁতেই কুইন বাছৰ ড্ৰাইভাৰ বাবুয়ে মাতিলে...
" ঐ , ৰূপ দা। আজি লাইনত নগ'ল নেকি ?"
" বাছ বহিলে। নগ'লোঁ।"
"শুনকনা...... মোৰ লগৰ ড্ৰাইভাৰ বালা যে.....!!! আজি জেং হৈ গল। দুমাৰ মান দি নমাই দিলোঁ। মাল খাই উৎপাত কৰি আছে। "
" বালা দায়েও মাল খাই নেকি ?"
"আৰে...পিপা.......যিমান দিব সিমান খায়।"
" দেখিলে নালাগে তেনেকুৱা। "
" দিনটো শোৱা নাই, বালাকো নমাই দিলোঁ, বহুত টেনচন হৈছে, ৰাতিটো অকলে কেনেকৈ চলাম। ব'লক নহ'লে , আপোনাৰ গাড়ী নোলোৱালৈকে মোৰ লগত চলাই দিব। হিচাপ একেবাৰে আগত কৰিম, যি ওলাব সমানে ভাগ কৰিম। '
" ধেৎ , পইচাৰ কথা নাহে। কেইটাত যাব ? আজি মইয়ো শোৱা নাই। জনত চেকেণ্ড টাইম চলাও , শুবলৈ পালোঁহেঁতেন।'
" চাৰে আঠটাত ওলাম। মই চলাই দিম যিমান পাৰোঁ , আপুনি শুই ল'ব।"
সময় চালোঁ পাঁচ বজাই নাই। বহুত সময় আছে। আহি আছো বুলি কৈ মই ওলাই আহি সঞ্জয় ভাইৰ গেৰেজ পালোঁহি। মটিলাল , অনিল ভাই, মনোজদা এনেকৈ বহুত পুৰণা লগবোৰ পালোঁ। চাহ খাই আড্ডা মাৰি আঠ বজাত ওলাই আহিলোঁ কুইনলৈ।
ASTC ৰ আগত বাছখন লাগি আছে। মানুহ ফুল। দূৰৰ পৰা বাবুক দেখি গম পালোঁ যে, বাবুয়ে সকলোৰে মাজত মোকেই বিচাৰি আছে। মই জানো , টোপনি কি বস্তু। ময়ো পাইছোঁ টোপনিৰ যান্ত্ৰনা। ওচৰ চাপি যোৱাৰ লগে লগে বাবুৰ গম্ভীৰ মুখখনত হাঁহি বিৰিঙি উঠিল।
" ক'ত আছিল ? ইমান বিচাৰিলোঁ !..."
" ওচৰতে আছিলোঁ। মানুহ ফুল নে ?"
" কেবিনো ফুল। "
" ৱাহ....."
যাত্ৰী মিলাই হেণ্ডিমেনে যাবলৈ ইংগিত দিলে। লীলেণ্ড হিনো ইঞ্জিন। ড্ৰাইভাৰ ছিটৰ পাছফালৰ পৰা অহা দীঘল গীয়েৰ লিভাৰ। আশী মান স্পীদ পালেই চাইলেন্সৰ পাইপেৰে ফটা ফটা এক শব্দ ওলায়। এই শব্দটোৱে  সকলোকে প্ৰেমত পেলাই দিয়ে। আমিও এই শব্দটো শুনিবলৈ ৰৈ থাকোঁ। যেতিয়াই চলাই থাকোতে এই শব্দটো ওলাই, ইয়াৰ অৰ্থ.....গাড়ী একেবাৰে সঠিক স্পীদত গৈ আছে........ আশী ।
তিনিচুকীয়া এৰি বাছে গতি কৰিলে। অলপ দূৰ আহি মই ওপৰৰ ড্ৰাইভাৰ শোৱা ছিটত উঠিলোঁ।
" ঐ ভাইটি......"
চিনি নোপোৱা হেণ্ডিমেনটোক মাতিলোঁ।
" অ' দাদা....."
"মোক ভাত খাবলৈ নামাতিবি। বাবুৰ টোপনি য'তেই ধৰিব , মাতি দিবি।"
বাছে নিজৰ ছন্দত দৌৰিছে.......লগতে মন পৰশা সেই শব্দটো।
" ফেট......ফেট.......ফেট...."
ইঞ্জিনৰ  ডাঙৰ শব্দ , কিন্তু মিঠা। সোনকালেই মই সপোনৰ ৰাজ্যত সোমাই পৰিলোঁ।

কেবিনৰ ইপাৰেWhere stories live. Discover now