কালৈও নাচাই ঘৰলৈ গুচি আহিলোঁ। এনেকুৱা কিছুমান কথাই অন্তৰ ভাঙি দিয়ে। মানুহে এনেকুৱা কৰে যেন আমি ড্ৰাইভাৰবোৰ এটা এটা যন্ত্ৰ। আমাৰ দুখ নাই, আমাৰ অন্তৰ নাই....আমি মানুহ নহয়। প্ৰতিটো মুহূৰ্তত বিচাৰি ফুৰে আমাৰ দুখ। আমি মানুহ , আমাৰো ভুল হয়। গাড়ীখন এটা মেচিন। এটা মেচিন চলাই থাকিলে বহু অভিজ্ঞ ড্ৰাইভাৰ হ'লেও কেতিয়াবা ভুল হৈ যাব পাৰে। মানুহে ভুল নকৰা হ'লে সকলোৱে দেখোন পৰীক্ষাত এশৰ ভিতৰত এশ পালে হেতেন।
ড্ৰাইভাৰক সন্মান কৰিলে যাত্ৰাটো সুখৰ হয় , মৰম কৰিলে বিপদমুক্ত হয়।
পাছদিনা ৰাতিপুৱাই মুকু দাই ফোন কৰিলে।
" দাদা , কওক....."
" ক'ত আছ....?"
" ঘৰত। কিবা আছিল নেকি ?"
" অকলে ইটানগৰ যাব পৰিবি নেকি ? 71 খন গুৰুজীৰ গেৰেজত আছে। নিব পাৰ যদি বুক কৰি দিওঁ। মানুহ ওলাইছে আজি।"
71 খন চুটলেজৰ SF 700 । বডী বনাবৰ বাবে গেৰেজলৈ পঠাইছিল। এইখন ৰবীন্দ্ৰ সিং দাই চলাইছিল। গাড়ী বহাৰ বাবে সিং দা বিহাৰলৈ গৈছে।
" পাৰিম। বুক কৰি দিয়ক। "
" তেনেহলে চাৰিটাত তোৰ টাইম দি দিম। কাইলৈ ইটানগৰৰ পৰা এটাত দি দিম। যিমান বুক হয় হ'ব , বাকী ৰোদচাইড মাৰি গুচি আহিবি। "
" ঠিক আছে।"
দাদাই ফোন কাটি দিলে। মই লগে লগে লক্ষণ আৰু লম্বোভাইটিক ফোন কৰি গুৰুজীৰ গেৰেজলৈ গৈ 71 খন ধুবলৈ ক'লো। দুইটা মোৰ হেণ্ডিমেন। মই কোৱাৰ লগে লগে দুইটা গৈ গুৰুজীৰ গেৰেজ পালে আৰু বাছ ধুই- মচি চিকচাক কৰি দিলে। ভাত খাই এক মান বজাত মই গুৰুজীৰ গেৰেজ পালোঁ। গেৰেজত বহুত বাছ থাকে। তাৰে এখনৰ পৰা বেটেৰী উলিয়াই 71 খন ষ্টার্ট কৰিলোঁ। আকৌ নিজৰ বেটেৰী লগাই বাছ উলিয়াই আনিলোঁ। আহি ন পুখুৰী বাছ ষ্টেণ্ডত লগাই দিলোঁ। সময়ত বাছ উলিয়াই আনি মানুহ উঠাই টুফান গতিত ইটানগৰ বুলি এৰি দিলোঁ। ধুনীয়াকৈ আহি আমি ৰাতিপুৱা ছয় বজাত ইটানগৰ পাৰ্কিং পালোঁহি। চাৰিহেজাৰ টকা ৰোড ছাইড দিলে লম্বো ভাইটিয়ে। মনটো ভাল লাগি গ'ল। মোৰ পিছে পিছে অহা ভাগিনাৰ গাড়ীত ভাত বনাবলৈ দি,লগে লগে শুই দিলোঁ।
এঘাৰ মান বজাত মোক উঠাই দিলে। গা - পা ধুই ভাত খালোঁ। বেছি সময় নাই , বাছ লৈ ওলাই আহি ইটানগৰ কাউণ্টাৰ পালোঁহি। ভবাতকৈ বজাৰ ভাল। বাছ ফুল আছে। মানুহ উঠাই ইটানগৰ এৰি আমি ওলাই আহিলোঁ। বান্দৰদেৱাত , আমাৰ কাউণ্টাৰৰ আগত গাড়ী লগাই , উঠিব লগীয়া যাত্ৰীৰ বাবে অপেক্ষা কৰিছোঁ। তেনেতে বহু অসমীয়া ল'ৰা আহি মোক বাহিৰলৈ মাতি নিলে।
"এইখন বাছ আমাক লাগে। মানুহ নমাই দিয়ক।"
"মই কেনেকৈ নমাম আক' ? "
" আমি একো নাজানো......গাড়ী আগলৈ যাব নোৱাৰে।"
" মোক কৈ কি পাব। মালিকক কওক।"
" মালিকক কোৱা আছে। মালিকে নিবলৈ কৈছে।"
মোৰ মূৰটো গৰম উঠি আহিল। মই দাদালৈ ফোন কৰিলোঁ।
" দাদা , আছুৰ ল'ৰাক গাড়ী লাগে কৈছে। আপোনাক কোৱা আছে বুলি কৈছে যে ?"
" এহ....মই নিজৰ কথাতেই ফছিলোঁ। আজি দেওবাৰ আছিল। সিহঁতক ক'লো আমাৰ গুৱাহাটীৰ পাৰ্মিত নাই। বাছ পঠাব নোৱাৰো। যদি তোমালোকে বনাই ল'ব পাৰা বনাই লোৱা। আজি দেওবাৰ, কেনেকৈ বনাব বুলি ভাবিছিলোঁ। কিন্তু অফিচ খোলাই পাৰ্মিত বনাই ল'লে। এতিয়া আৰু মই কিনো মাতিম? যা আৰু....... পাঁচশ লিটাৰ তেলৰ দাম দিব। লৈ লবি।"
দাদাৰ কথা শুনি মোৰ মূৰ ঘূৰাই গ'ল। তেতিয়ালৈকে আছুৰ ল'ৰাই বাছৰ পৰা যাত্ৰীবোৰক নমাই ঘূৰাই পঠাই দিলে। বহুত যাত্ৰীয়ে মোক মাৰিম কাটিম বুলি কৈ কান্দি কান্দি গুচি গ'ল। মই নিৰূপাই হৈ চাই থাকিলোঁ।
সেইখিনি হাৰমতিৰ আছুৰ ল'ৰা আছিল। বাছ হাৰমতিলৈ লৈ গ'লো।
গধূলি সাতমান বজাত এসোপা ল'ৰা বাছত উঠিল। বাছ এৰি দিলোঁ। ৰাতিটো আহি ৰাতিপুৱাই গুৱাহাটী পালোঁহি। আছুৰ কিবা ডাঙৰ মিটিং আছে। অসমৰ সকলো প্ৰান্তৰ পৰাই অজস্ৰ বাছ আহিছে। গুৱাহাটীত বাছ থবলৈ ঠাইৰ অভাৱ হৈছে। পল্টন বজাৰৰ ASTC বাছ ষ্টেণ্ডত বাছখন সোমোৱাই পাৰ্কিং কৰি দিলোঁ। লতাশিলত মিটিঙ আছে। লম্বো ভাইটি আৰু লখন বাছ চাফা কৰাত লাগিল। দুৰাতি অকলে চলাই আছোঁ , টোপনিয়ে হেঁচা মাৰি ধৰিছে। কেবিনৰ দীঘল ছিটটোত মই পৰি দিলোঁ। লগে লগেই মই একো গম নোপোৱা হৈ পৰিলোঁ।
কিছু সময়ৰ মূৰে মূৰে বাছত অহা ল'ৰাবোৰৰ দুই এটা আহি বাছ খুলিবলৈ দুৱাৰত ঢকিয়াই আমাক জগাই দিয়ে। উপায় নাপাই মই সিহঁতক মানা কৰিলোঁ, আমাক দিগদাৰ নকৰিবলৈ। নাই কথা নুশুনে , কেইটামান যায়, বেলেগ কেইটামান আহি আকৌ একেই কৰে।
দিনটো একে কাৰবাৰ চলি থাকিল। মোৰ টোপনি পুৰা নহ'ল।
মিটিং শেষ কৰি আমাৰ ল'ৰাবোৰ আহি বাছত উঠিল। সাত মান বজাত বাছ এৰি দিলোঁ। নগাওঁ হৈ আহিছোঁ। কলিয়াবৰৰ পৰা তেজপুৰৰ ফাললৈ সোমাই আহিছোঁ....।
ৰাস্তাটো বহল কৰি আছে। ৰাস্তাৰ কাষত মাটিৰ ডাঙৰ ডাঙৰ দ'ম। আগৰ পৰা এখন সৰু গাড়ী আহি আছে। মই বাৰে বাৰে আপাৰ-দিপাৰ দিছোঁ কিন্তু সেইখনে আপাৰতে আহি আছে। এফালে ৰাস্তাৰ কাষৰ মাটিৰ দ'ম.....একো দেখা নাই আগত। উপায়হীন হৈ মই এটা চুইছ টানি দিলোঁ।
মাজৰ দুটা আৰু তলত থকা দুটা, মুঠ চাৰিটা হেডলাইট জ্বলি উঠিল। ছটা হেডলাইটৰ পোহৰ। সকলো দিন যেন হৈ পৰিল। সেই গাড়ীখন আহি মোৰ ওচৰ পালেহি। দেখিলোঁ এখন পুলিচৰ জিপচি। দুজন অফিচাৰ আহি আছে, এজনে চলাই আছে। তেওঁলোকৰ মুখৰ ভঙ্গী দেখি গম পাইছোঁ যে আগত তেওঁলোকে একো দেখা নাই। আৰু ঠিক অলপ আগত বালিৰ এটা প্ৰকাণ্ড দ'ম ।
সেইটো তেওঁলোকে দেখা যে পোৱা নাই মই বুজি পালোঁ। চাৰিটা লাইটৰ চুইছটো অফ কৰোঁ মানে জিপছিখন বালিৰ দ'মৰ ওপৰত উঠাই দিলে। ডাঙৰ শব্দ কৰি জিপচিখন ৰাস্তাৰ ওপৰত বাগৰি পৰিল।
মোৰ বুকু কঁপি উঠিল। পুলিচৰ মানুহ , আজি মোৰ নিস্তাৰ নাই। যিমান পাৰোঁ এক্সেলেটৰ গছকি দিলোঁ। ৰকেটৰ দৰে বাছে গতি কৰিছে। টোপনি ক'ত গল পাহৰি গ'লো।
মিছন চাৰিআলি পাই , বিশ্বনাথ চাৰিআলিৰ ফালে টাৰ্ণিং লওঁতেই দেখিলোঁ কেইবাখনো নাইটচুপাৰ গৈ আছে। সেইবোৰ বাছ মঙলদৈ হৈ আহিছিল। সেই বাছবোৰৰ মাজত মোৰখন সোমোৱাই দিলোঁ। তেনেকৈয়ে আহি আহি বৰগাং পালোঁহি। টোপনিয়ে হেঁচা মাৰি ধৰিছে। ৰাতি দুই মান বাজিছে। ইমান সোনকালে হাৰ মতি পালে ল'ৰাবোৰৰ দিগদাৰ হ'ব। বৰগাঙৰ হোটেলত গাড়ী ৰখাই দিলোঁ।
অলপ দেৰিকৈ ওলাই যাম বুলি মই কেবিনৰ দীঘল ছিটটোত শুই দিলোঁ। লগে লগে মোৰ টোপনি গ'ল।
টোপনিতে ধৰিব পাৰিছোঁ , মোৰ বাছখন যেন চলি আছে। কোনোবাই চলাই আছে। মোৰ অন্তৰ কঁপি উঠিল। সেই ল'ৰাবোৰৰ মাজৰে কোনোবাই চলাইছে....মই নিশ্চিত।
চকু মেলি সেই দৃশ্য চাবলৈ মোৰ সাহস হোৱা নাই।
ভয়ে ভয়ে চকু মেলি চাই দেখিলোঁ ভাগিনাই চলাই আছে।
মোৰ সকলো ভয়, উৎকণ্ঠা থিতাতে নাইকিয়া হৈ গ'ল।
" আৰে, তুমি ক'ৰ পৰা আহিলা ?"
" নেটৱৰ্কত আহি আছিলোঁ। 71 দেখি আচৰিত, কোনে আনিলে আক' এইখন ? সেইকাৰণে নামি দিলোঁ। ভাইটিয়ে ক'লে তুমি শুবলৈ পোৱাই নাই। ময়ে লৈ আহিলোঁ।"
" বহুত ভাল কৰিলা। তোমাৰ বাছ ক'ত ?"
" মই জখলাবন্ধাত নামি দিলোঁ। ইটানগৰৰ বাইদেউৰ ঘৰলৈ যাম। ভালেই হ'ল , আজি তোমাৰ লগতেই যাম।"
" বঢ়িয়া। মাকচম , ফালি গৈছে মোৰ। চব দাদাৰ ভুলৰ বাবে মই ভুগিলোঁ। কিযে কৰি থাকে অকল তেওঁ জানে।"
" নকবা আৰু দাদাৰ কথা। ওস্তাদি মাৰি নিজেই ফছে।"
ভাগিনাই বাছ চলাই আছে। মই আকৌ শুই দিলোঁ।আগলৈ......
YOU ARE READING
কেবিনৰ ইপাৰে
Adventureনাইচুপাৰৰ কেবিনত ঘটি থকা কিছুমান কাহিনী। এজন ড্ৰাইভাৰৰ জীৱনী।