ডলীৰ দুখ বুকুত লৈ কুইন চলাই আছোঁ। লাহে লাহে মানুহে মোক ড্ৰাইভাৰ হিচাবে চিনি পোৱা হৈছে। কিন্তু এয়াৰ বাছৰ চুটলেজ sf 700 বডীৰ বাছ কেইখন চলাবলৈ এক সপোন দেখি আছোঁ। সেই সময়ৰ গোটেই অসমৰ ভিতৰতে ধুনীয়া বাছ। হিনু নৰমেল ইঞ্জিন। যেতিয়া ফেট ফেট শব্দ কৰি সেই কেইখন কাষেৰে পাৰ হৈ যায়, মানুহে পলক নমৰাকৈ চাই থাকে। এখন ভাগিনা আনখন ৰাহুলে চলায়। ৰাহুল আৰু ভাগিনাৰ নাম আছে স্পীদ চলোৱাৰ বাবে। সঁচাকৈয়ে যেন প্লেনহে উৰিছে। ৰকেটৰ দৰে আগেদি পাৰ হৈ যায়। মই চলোৱা কুইন খনৰ ইঞ্জিন একে হ'লেও বডীত মোৰখন এয়াৰবাছৰ লগত পাত্তা নাপায়।
কুইনতে এবাৰ মই গুৱাহাটীৰ পৰা আহি আছোঁ। মই যোৰহাটলৈকে চলাম। মানুহ ফুল , কেবিনো ফুল। ইঞ্জিনৰ ওপৰত এজন আদ বয়সীয়া ড্ৰাইভাৰ শুই আহিছে। ড্ৰাইভাৰ বুলি জানো, কিন্তু কোনখন বাছ চলাই নাজানোঁ। বুঢ়া পাহাৰ শেষ কৰিছোঁ, মানে শেষৰ কেঁকুৰীটো লৈ চিধাকৈ তললৈ নামি আহিছোঁ। শুই থকা ড্ৰাইভাৰজনে মাত মাতিলে...
" ঐ , শুনিছনে ?"
" ও......কওক। "
চলাই থকাৰ পৰাই মই মাত দিলোঁ।
" কিমান দিন হ'ল এইখন চলোৱা ?"
" জানো পাই........তিনিমাহ মান হ'ল চাগে। কিয় ?"
"তই বাৰ নম্বৰ। "
" বাৰ নম্বৰ মানে ?"
" এঘাৰটা ড্ৰাইভাৰ এই তই বহি থকা ছিটটোতে মৰিছে। কেইমাহ মানৰ আগত শুনিছিলি...যে কুইনৰ এখন বাছ এইখিনিতে পাহাৰৰ পৰা নামি ৰদ নিয়া ট্ৰাক এখনক পাছৰ পৰা মাৰিছিল। ড্ৰাইভাৰক লগাই তেৰ জন মানুহ মাৰিছিল। এইখনেই সেইখন বাছ। ডেকা ল'ৰা , এনেকুৱা কুফা লগা বাছত নুঠিবি। বাছ বহুত পাবি।"
মোৰ সৰ্বশৰীৰ কঁপি উঠিল। লাহে লাহে বাছৰ স্পীদ কমি আহিল। নানান চিন্তাই মোক জুমুৰী দি ধৰিলে। সেই সময়ত এক্সিডেন্ট মানে অকল কুইন বাছৰ হে নাম শুনা পাইছিলোঁ। মোৰ মনটো থিতাতে মৰহি গ'ল। সেইদিনা এনেকৈয়ে গধুৰ মন এটা লৈ তিনিচুকীয়া পালোহি।
পাছদিনা গুৱাহাটীলৈ যাম। চাৰে আঠটাত ওলাম। বাছ ষ্টেণ্ডত আলু চপ দুটামান হাতত লৈ খাই আছোঁ। তেনেতে জন বাছৰ মালিক জানু দা নিজ গাড়ীত আহিল। মোক দেখি ওচৰলৈ মাতিলে।
" কি হ'ল ? নাইকিয়া হৈ গ'লা যে ? কি বাছ চলাই আছা?"
" অ' দাদা। এইখন চলাই আছোঁ।"
" এটা কাম কৰা। আজি যাব নালাগে , 45 খনত টুপী বৰাৰ লগত যাবা।"
" দাদা , হিচাপ মোৰ লগত আছে। মই এই ট্ৰিপ মাৰি নামি দিম। "
" ঠিক আছে। মই টুপীক কৈ দিম। কাইলৈ জখলাবন্ধাত উঠি ল'বা।"
মনটো কিবা ভাল লাগি গ'ল। ইটানগৰ লাইনটোৰ কথাই বেলেগ। পইচা-পাতিও বেছি। বাছবোৰো ভাল। ফুৰ্তি মনেৰে গুৱাহাটী বুলি বাছ এৰি দিলোঁ। ৰাতিপুৱা হিচাপ দিলোঁ। দাদা সুখী মোৰ হিচাপত।
" দাদা , কথা এটা আছিল। "
" কোৱা....."
" কেই ট্ৰিপ মান নামিব লাগিব। ঘৰত মাৰ গাটো অলপ বেয়া। দেউতাই অকলে দিগদাৰ পাইছে। তিনি ট্ৰিপৰ পাছত উঠি লম।"
" এনেকৈ কেনেকৈ হ'ব ? কিবা এটা মিলোৱা। তুমি নাথাকিলে কোনে চলাব ? আমাৰ যি কেইটা ড্ৰাইভাৰ আছে....খাই পেলাব তোমাৰ বাছখন। "
" নাই.....মই আহিমেই দাদা। ইমানদিনে এদিনো জানো নামিলোঁ। উপায় নাই আৰু দাদা। "
" ঠিক আছে তেন্তে, অকল তিনিট্ৰিপ কিন্তু। "
"হ'ব দাদা।"
পাঁচহেজাৰ টকা দিলে। দাদাৰ মৰমবোৰ ভাল লাগিছিল। সেইদিনা দিনতে জখলাবন্ধালৈ গুচি আহিলোঁ। মই এৰি অহা 89 খন দেখি অলপ দুখ লাগিছিল। সদায় চলাই থকা বাছখনৰ লগত ড্ৰাইভাৰৰ প্ৰেম নিজে নিজে হৈ যায়। এই প্ৰেমত নোকোৱাকৈয়ে এটাই আনটোৰ মন পঢ়িব পাৰে। মিটাৰ নোচোৱাকৈয়ে ড্ৰাইভাৰে গম পাই যায় কি প্ৰব্লেম হৈছে। সঁচাকৈয়ে দুখ লাগিছিল 89 খনৰ পৰা মোৰ বেগ লৈ নামি আহোঁতে। মই অনুভৱ কৰিছিলোঁ, 89 খনেও দুখ পাইছিল মোক হেৰুৱাই।
সেইয়াই কুইন আৰু মোৰ শেষ সাক্ষাৎ আছিল। শইকীয়া দা, শইকীয়া দাৰ ভায়েক, সোণোৱাল , আলিদা এনেকুৱা বহুত কুইনৰ ড্ৰাইভাৰ আজি নাই। সকলো কুইনতে ঢুকালে। কাজিৰঙাত জুই লাগি শইকীয়া দাৰ ভায়েক জ্বলি গৈছিল। মই কুইন এৰি আহিলোঁ, সেয়েহে আজিও জীয়াই আছোঁ।
ন মান বজাত জনৰ 45 খন আহি জখলাবন্ধা পালেহি। টুপী এটা পিন্ধি বগাকৈ এজন ক্ষীণ মানুহে চলাই আহিছে। মানে এওঁ টুপী বৰা। এওঁৰ বিষয়ে শুনিছোঁ। নিজেও কাৰো লগত খেলিমেলি নকৰে আৰু আনে কৰিলেও ৰেহাই নাই। মাৰপিট টুপীৰ বাবে সাধাৰণ কথা। খং নাকৰ আগতে থাকে। অলপ কথাৰ ইফাল-সিফাল হ'লেই কাজিয়া হ'বই। তেওঁৰ ৰেকৰ্ড আছে তেল বচাব পৰাৰ বাবে। বেলেগ বাছত তিনিশ লিটাৰ তেল খালে টুপীৰ বাছত দুশ আশী লিটাৰমান খায়। পানীত জাহাজ যোৱাৰ দৰে তেওঁ বাছ চলায়। কোমলকৈ মৰমত। ৰোড ছাইড নিদিয়ে। মালিকক তেলতে বহুত বচাই দিয়ে।
" মই বাছ ঘেগেলা কৰি ৰোড ছাইড দিবলৈ নাই। মই আৰামত আহোঁ, আৰামত যাওঁ। খেদা-খেদি মই নকৰোঁ..."
বৰা দাৰ চিধা কথা। মালিকেও বেছি একো নকয়। 45 খন প্ৰথম দিনাৰ পৰাই টুপীয়ে চলাই আছে। বৰ ভালকৈ ৰাখিছে বৰাদাই এই বাছখন।