#Sudden fiction
কালিলৈ ১৪ ফেব্ৰুৱাৰী৷ ভেলেণ্টাইন ডে'৷ মৰমৰ মানুহজনলৈ কিবা এটা কিনো বুলি দোকান এখন সোমালো৷ বহুত ভাবি গুণী এটা উপহাৰ পেক কৰি ঘৰ পালোহি৷
ৰাতিপুৱা সোনকালে উঠি তেওঁৰ উপহাৰটো ক'ত থও ভাবিলো৷ যিহেতু আমি দুয়ো কৰ্মৰত সেয়ে যাতে অফিচ যোৱাৰ আগতে তেওঁ উপহাৰটো দেখে৷ লগতে আন কোনেও নেদেখে৷ শশুৰ-শাশুৰেৰে এখন সম্পূৰ্ণ সংসাৰ আমাৰ৷ Surprise দিবলৈও চিন্তা কৰিব লাগে৷ তেতিয়াৰ মৰমবোৰ কিবা যেন হেৰাই গৈছে৷ একঘেমীয়া জীৱনত ৰোমাঞ্চ নোহোৱা হৈছে৷ সেয়ে প্ৰেম প্ৰেম ভাববোৰ ঘূৰাই আনিবলৈ এইটো মোৰ এটা সৰু প্ৰচেষ্টা৷
অফিচলৈ বুলি দুয়ো ওলালো৷ তেওঁ এতিয়ালৈকে উপহাৰটো মন কৰাই নাই৷ এই আনৰোমাণ্টিক মানুহটোৰ দ্বাৰা নহ'ব৷ তেখেতে এনে কথা ভাবিয়ে নাছাই৷ সেয়ে মইয়ে আগবাঢ়ি উপহাৰটো হাতত তুলি দি ক'লো
- Happy valentine day.
- Thank you.কি হয়?
- খুলি চাওক৷
- এতিয়া বয়স আছে জানো এইবোৰলৈ?
- কিয়? মই কৰা একো কামেই আপোনাৰ ভাল নালাগে আজি কালি৷
- সেইটো কথা নহয়৷
- হয়৷ সেইটোৱে কথা৷ আজি কালি মোক আপুনি ভাল নাপায়৷ আপোনাৰ মৰম মোলৈ নোহোৱা হ'ল৷
- কি যে ভাবি থাকা৷ তোমাৰ অফিচ দেৰি হ'ব এতিয়া৷
- মোৰ অফিচ মই চাই লম৷ মোৰ অভিভাৱক ওলাব নালাগে৷ আপোনাৰ জীৱনলৈ কোনোবা আহিছে ন'?
- ধেৎ পাগলী৷ ব'লা অফিচ যাওঁ৷
- আপোনাৰ আৰু মোৰ অফিচৰ ৰাষ্টা বেলেগ৷ অফিচৰ কথা পিছত৷ প্ৰথমে মোৰ কথা উত্তৰ দিয়ক৷
- ওলতা-পোলতা ভাবি নাথাকিবা চোন৷
- অ' এতিয়া মোৰ কথাবোৰ ওলতা-পোলতা? মৎ পগলা? নাথাকো আপোনাৰ লগত৷ গুচি যাম মই৷
- ক'ত যাবা?
- কিয় লাগে আপোনাক?
- আমাৰ ল'ৰা দুটাই বিচাৰিলে লৈ যাব লাগিব যে৷
- নিবিচাৰে সিহঁতে৷ মই মৰিলো বুলি কৈ দিব৷
- ল'ৰাৰ বাপেকে বিচাৰিলে?
- I hate you.
- I love you. Forever and ever. Happy valentine day.
##Happy valentine day in advanced. Please don't forget to vote & share. Comment how is it? ##