#Microfiction
মানুহৰ ইমান পৰিবৰ্তন! বিয়াৰ আগত আৰু পাচত! নিশা ৩ বাজিলে৷ অথচ এই পৰলৈ অহা নাই তেখেত!
ফোনৰ বিপৰ শব্দত কাষতে শুই থকা অসুখীয়া কেঁচুৱাটোক সাৰ নোপোৱাকৈ শুৱাই whatsapp মেচেজটো খুলিলো৷ এটা Unknown no ৰপৰা msg আহিছে৷ চাওঁ নাচাওঁ কৈ download হোৱা ফটোখন দেখি মই হতবাক৷ সংযত হোৱাৰ আগতে ফোনটোত ৰিং হ'ল৷ সেই একেইটা নাম্বাৰ৷ মই ৰিচিভ কৰাৰ পৰা বিৰত থকাৰ কথা ভাবি ফোনটো silent কৰি দিলো৷ কিন্তু মনৰ কুটকুটনিত শেষ ৰিংৰ আগে আগে ফোনটো ধৰিলো৷ মই কিবা কোৱাৰ আগেয়ে বিপৰীতফালৰ পৰা ক'লে
- তুমি জানিব বিচাৰিবা নিশ্চয় যে তোমাৰ স্বামী এই ক্ষণত মোৰ বেড্ৰুমত৷ তুমি তেওঁক divorce দি নিদিয়া কিয়, মনীকা?