#Sudden fiction
মোৰ নাম লাকি। সৰু দাদাই মোৰ নামটো দিছিল৷ ডাঙৰ দাদাই মোক এই ঘৰলৈ লৈ আনিছিল। তেখেতে মোক বৰ লৰালৰিকৈ লৈ আনিলে। জন্মদাত্ৰিক কৈ থৈ আহিবলৈও এটা সুযোগ নাপালো মই। কেতিয়াবা তিনিটা বাই-ভাই আৰু জন্মদাত্ৰিলৈ অলপ মনত পৰে৷ তথাপি ইয়াত মই বহুত সুখী। দেউতাই মোক বৰ মৰম কৰে। গোটেই ঘৰতে মোৰ যি মন যায় মই কৰি থাকো। কোনেও বাধা নিদিয়ে। মায়ে সুন্দৰ খাদ্য বনাই। মোক ধুনীয়াকৈ সানি মোৰ কাঁহীত সজায় দিয়ে। দাদা দুটাই যেতিয়াই আহে মোৰ বাবে বিস্কুট লৈ আহে। সকলোৰে মৰম পাই অলপ অহংকাৰী হৈ পৰিছো মই। ঘৰটোত কাম বুলিবলৈ মোৰ একুৱেই নাই। কাৰণ ইয়াত চোৰ-ডকাইত নাই। কোনোবা অচিনাকী ব্যক্তি আহিলে মই এটা দুটা ভুক মৰাৰ পাচতে মোৰ কাম শেষ। তাৰ পাচত মই সেই অচিনাকীৰ লগত খেল খেলো। কিয়নো অচিনাকীবোৰ প্ৰায় দাদাহঁতৰ বন্ধু হয়। এনেত এদিন শুনিলো মোৰ ডাঙৰ দাদাৰ বিয়া। নতুন বৌ আহিব কিমান যে ভাল লাগিব। মনতে এটা ভয় লাগি আছে যদি বৌয়ে মোক ঘিণ কৰে তেতিয়া কি হব!
নতুন বৌ আহি ঘৰখন পূৰাই তুলিলে৷ বৌজনী বৰ সাদৰী। আহিয়ে ঘৰখনক নিজৰ কৰি আকুৱালি ল'লে। মোক বৰ মৰম কৰে। মোৰ ভয় সম্পূৰ্ণ মিছা হ'ল। সেয়ে মোৰ অহংকাৰ এগুণ বাঢ়িল। বৌজনী নাৰীৰ নামত গৌৰৱ। তেখেত দেখাত যিমান ধুনীয়া, কাম-বন, আচাৰ-ব্যৱহাৰ তাতকৈও ভাল। যিকোনো মানুহেই তেনে এগৰাকী বোৱাৰী কামনা কৰে। এদিন হঠাৎ বৌৰ গাটো বেয়া হ'ল। আমি সকলো বৰ চিন্তিত হৈ পৰিলো। বৌক দাদাই ডাক্তৰৰ ওচৰলৈ লৈ গ'ল। আমি উদিগ্নতাৰে বাট চালো। আবেলি বৌ-দাদা হস্পিতালৰ পৰা পালেহি। তেখেত দুয়োৰে মুখত বেমাৰৰ ভয় আৰু দুচিন্তাৰ পৰিবৰ্তে হাঁহিহে দেখিলো৷ মই ভাবি ৰ'লো বৌৰ হৈছে কি! কিবা ভাল খবৰৰ আগজাননী আছিল নেকি? কিছুসময়ৰ পাচত গম পালো ঘৰলৈ অতি সোনকালে নতুন আলহী আহি আছে। সচাঁকৈ ভাল খবৰ৷ মোৰ আনন্দৰ ঠাই নোহোৱা হ'ল। মোৰ লগত খেলাৰ লগ আহি আছে। মই বৌৰ যত্ন ল'বলৈ ধৰিলো। বৰ আশাৰে নতুন আলহীলৈ বাট চালো।
সময়ত বৌক হস্পিটেললৈ লৈ গল। খবৰ আহিল পৰী এজনী আহিলে। নতুন পৰীক চাবলৈ মোৰ মনে থৌকিবাথৌ কৰিবলৈ ধৰিলে৷ বৌক কেতিয়া যে হস্পিটেলৰ পৰা ৰিলিজ দিব!