#Microfiction
- কি কৰি আছ? দোকানে-বজাৰে ইমান কষ্ট কৰি ঘূৰি ফুৰাতকৈ তই মোৰ ওচৰলৈ গুচি আহ৷ পঢ়া-শুনাবোৰ ধুৱা চাংতে তুলি থলি! একো কাম নহ'ল৷ আঘোণৰ ২০ তাৰিখে গুচি আহ৷
খপজপা বিচনাত বহি পৰিলোঁ৷ চাৰিওপিনে চালো৷ নাই দেউতা নাই৷ তেখেতে মোক মাতিছে৷ কথাটো ভাবি ভয় লাগি আহিল৷ হিচাপ কৰিলো কেইদিন বাকী৷ ১৯ দিন৷
আজি ১২ আঘোণ৷ কও নকওঁ কৈ মানুহজনীক ক'লো৷ মনুহজনীয়ে ভয়তে চিন্তা কৰিব নোৱাৰি বোৱাৰীক জনালে৷ বোৱাৰীয়ে অন্ধবিশ্বাসৰ টোপোলা এটি লৈ বাপুকণ বেজৰ ওচৰলৈ দৌৰ দিলে৷
বেজৰ সমিধান মতে লৰালৰিকৈ সকলো কাৰ্য সমাধা কৰা হ'ল৷
সাৰ পাই বিচনাত বহি বেৰৰ কেলেণ্ডাৰলৈ চালো৷ নিজকে এবাৰ পৰীক্ষা কৰিলো৷ মই জীয়াই আছো৷
****share****vote****comment****