#Microfiction
- মাজনী পৰীক্ষা কেনে হ’ল?
- ভাল হ’ল৷
- গোটেই প্ৰশবোৰ পাৰিলা?
- অ’৷
ৰিজাল্টৰ দিনা পৰীক্ষাৰ বহীখন হাতত লৈ ৪ বছৰীয়া ৰিমলিৰ মাক আচৰিত৷ ৰিমলিয়ে বহীত একো লিখা নাই৷ কিবা ভুল হৈছে ভাবি মাকে তাইৰ লগৰ দীপৰ বহিখন চালে৷ সি ১০০/১০০ পাইছে৷ মাকৰ খঙ উঠি ৰিমলিক সুধিলে
- তোমাৰ পৰীক্ষা বহীখনত একো নিলিখিলা কিয়?
- মই উত্তৰবোৰ জানো যে৷
- মানে?
- জানোৱে যেতিয়া লিখিব কিয় লাগে?
- নিলিখিলে নাম্বাৰ কেনেকৈ দিব?
- নাম্বাৰ কিয় লাগে?
- হে হৰি কি বস্তু এইটো?
- কোনটো?
- তুমি এটা কথা কোৱাচোন, দীপে যে চব লিখিলে৷ কেনেকৈ? তুমি কিয় একো নিলিখিলা?
- সি নেজানে আকৌ৷ সেই বাবে লিখিলে। মই জানোৱে সেয়ে নিলিখিলো৷
Vote share comment