আকাশবন্তি
# Microfiction-আও বেয়া জাত ডাঙৰ চোন! মানুহো উঠিব না কি?
বাহিৰত ইঞ্জিনিয়াৰিং কৰি অহা পুষ্পা মাহীৰ ল'ৰাটোৱে লাগি দিয়াৰ বাবে এইবাৰৰ লক্ষ্মী পুৰ্ণিমাৰ ফুং ফাই টো ইমান ডাঙৰ। লগতে কাগজৰো নহয়৷ কিবা পেৰাচুটৰ কাপোৰৰ"৷ ভাইমানু, শাহু সকলো উঠিলে। উৰিবলৈ ধৰিলে। উৰি গৈ আছে। নামিববা কেনেকে!
-কি হ'ল? কি হ'ল? কিবা বিজুতি ঘটিল নি? ভাইমানু! ভাইমানু!
মই জোৰত চকুযোৰ মেলি দিলো। ওপৰৰ ফেনখনত চকু পৰিল। মুখখনত মোৰ বিন্দু বিন্দু ঘাম। দৌৰি গৈ দুৱাৰখন খুলিলো। ভাইমানু স-শব্দে শুই আছে তাৰ কোঠাত। বুকুৰ মাজত শুই থকাৰ পৰা অকলে শুবলৈ লোৱা তাৰ বেছি দিন হোৱা নাই। হাতখন নিজৰ বুকুত দি পুনৰ বিচনালৈ ঘূৰি আহিলো৷
Don't forget to vote, commant and share