আইছাৰ স্বগতোক্তি

27 2 0
                                    

#Sudden fiction

#Ayshar ৰ Viral video ৰ আধাৰত

আজি ২৫ ফেব্ৰুৱাৰী চনটো ২০২১৷ ঘৰৰ পৰা তাই ওলাই আহিছে৷ বিশৃংখল মন এটি লৈ৷ চাৱৰমতিৰ riverfront ৰ বেঞ্চ এখনত বহি, নৈ খনলৈ চাই আছে তাই৷ নৈ তাইৰ বৰ মৰমৰ৷ নৈৰ পানীখিনিয়ে যেন তাইৰ লৈকে চাই আছে৷ পানীলৈ চাই তাই ভাবিছে "আজি কিয় জানো নৈৰ পানীখিনিয়ে মোক সামৰি ল'ব বিচাৰিছে৷ দূৰৰ আকাশত সৌ অদৃশ্য হাতখনে মোকেই বাউলি মাতিছে৷" তাকে ভাবি গুণী তাই বেগৰ পৰা ফোনটো উলিয়াই লৈ ডাইল কৰিলে

- হেল্ল' আৰিফ৷ মই আহিলো৷

- ঠিক আছে৷ বাই৷

- মই ক'লৈ আহিছো নুসুধা এবাৰো?

- প্ৰয়োজন কি? য'ত যাব আছে গৈ থাক৷ তোৰ লগত মোৰ একো লেনা দেনা নাই৷

- লেনা দেনা নাই! যেনেকৈ তোমাৰ সন্তান মোৰ গৰ্ভলৈ অহাত নাছিল৷ যেনেকৈ গৰ্ভা অৱস্থাত মোক অনাহাৰে বান্দি কৰি ৰখাত নাছিল৷ যেনেকৈ পৃথিৱীত চকু মেলাৰ আগতেই আমাৰ সন্তানে নিশ্বাস এৰাট তোমাৰ লেনা দেনা নাছিল ঠিক তেনেকৈ ন'?

- কিবা কাম আছে যদি ক নহ'লে এইবোৰ ফালটো কথাত শুনি থাকিবলৈ সময় নাই মোৰ৷

- মোৰ সকলো কথাই ফালটো? কেনেকৈ, কিয় যে তোমাক ভাল পাই পেলালো৷

- মই নাপাঁও৷ তিল এটাৰ সমানো তোক ভাল নাপাওঁ৷ মই কাক ভাল পাঁও তোক বহুবাৰ জনাইছো আৰু শুনাইছো তথাপি কাঁইটৰ দৰে ডিঙিত খোচি থাক৷ লাজ নাই?

- আছে লাজ মোৰ কিন্তু অধিকাৰ আছে মোৰ৷ মই তোমাৰ সামাজিক পত্নী৷ তাই কোনো নহয়৷

- তাই মোৰ হৃদয়ৰ ৰাণী, মোৰ চব হয়৷ তই কোনো নহয়৷ মাত্ৰ সমাজৰ বাবেহে৷ কি অধিকাৰ চধিকাৰৰ কথা বকি আছ! মই তোক কোনোদিনে একো অধিকাৰ দিয়া নাই৷ মিছাতে মোৰ ডিঙিত লাগি আছ৷

- ঠিক আছে লাগি নাথাকো৷ কি কৰিব লাগে মই?

- বাপেৰক কৈ দিবি যৌতুকৰ কেচটো উঠাই ল'বলৈ আৰু ফোন কৰি নাথাকিবি৷

- শেষ কথা এটি শুনি লোৱা৷

- জল্দি

- মই মৰি যাম৷

- মৰি যা৷ মৰাৰ সময়ৰ ভিডিঅ এটা কৰি মোক দি দিবি৷ কোনো স্কেণ্ডেলত মই ফচিব নিবিচাৰো৷

Stay With Me ---- গল্প সংকলনحيث تعيش القصص. اكتشف الآن