#Microfictio
- তুমি কৰ্মঠ হোৱা। তোমাৰ সফলতাই মোৰ কাম্য। এদিন তুমি লিখা উপন্যাসৰে মই কথাছবি বনাম৷ তুমি লিখি যোৱা৷
কৰ’নাৰ আঁতংক, লকডাউন, স্কুল বন্ধ, স্থানান্তৰ৷ ইত্যাদি বহুতো নতুন শব্দ৷ ৮ বছৰীয়া ল’ৰাটোৱে বুজি উঠা নাই। স্থানান্তৰক সি সহজে ল’ব পৰা নাই। কথাবোৰ ভাবি ভাবি পুৱা ৩ বজাতে উঠি আমনি কৰি থকা এবছৰীয়া সৰু ল’ৰাটোক গাখীৰ খোৱাই শুৱাবলৈ যত্ন কৰি থাকোতে তাইৰ কাণত পৰিল
- ল’ৰাই ৰাতিপুৱা ৭ বজাতে টি ভি খুলিলে! কি শিক্ষা দিছা! ৰাতি টোপনি খতি কৰি গল্প- উপন্যাস লিখা বন্ধ কৰা। ল’ৰাক চোৱা। ডাঙৰটোৱে টি ভি, মোৱাইল কৰি থকা হৈছে। লিখা- লিখি বাদ দিয়া৷ গঠনমূলক চিন্তা কৰা। কি কৰি আছা তুমি?
vote share and commant.