পথ দুৰ্ঘটনা

17 4 3
                                    

#Microfiction

কণমানিজনী ইফালে সিফালে দৌৰি আছে৷ তাইৰ এখন ভৰিৰ জোতাপাত নাই৷ দেহৰ বিভিন্ন অংশৰপৰা তেজ বিৰিঙি আছে৷ তাই পিন্ধি থকা চোলাটোও অ’ত- ত’ত ফাটি আছে৷ তাইৰ বেদনা কাতৰ চকুহালে বাটৰে পাৰ হোৱা মানুহবোৰক সহায়ৰ আশাত চাইছে৷

বাটেৰে পাৰ হৈ যোৱা প্ৰতিজনে তাইক চাইছে৷ মোবাইলত ফটো তুলিছে৷ কোনো কোনোৱে অলপ ৰৈ ভিডিঅ তুলিছে আৰু আঁতৰি গৈছে৷ তাই দৌৰি দৌৰি ভাগৰি পৰিছে৷ শেষত তাই ৰাষ্টাতে নিশব্দে শুই থকা দেউতাকৰ কাষত বহি দিলেহি৷

দেউতাকৰ দেহৰ পৰা ওলোৱা কেছা তেজবোৰ দেখি তাই ভয় খাইছে৷ তথাপি তাই তেজ ওলাই থকা অংশটোত কুমলীয়া হাতখনে ধৰি তেজ ৰখাবলৈ যত্ন কৰিছে৷ শুই থকা দেউতাকৰ মুখত দুটা চুমা আঁকি দিছে৷

##Don't forget to vote comment and share to your friend ##

Stay With Me ---- গল্প সংকলনDonde viven las historias. Descúbrelo ahora