#Micro fiction
- মাৰ মাৰ। আৱে মাৰ ৱে পিছফালে। মোৰ পিছফালে। মাৰ মাৰ। খতম। বঢ়িয়া৷ আগলৈ যা৷ ঘূৰি চা৷ গাড়ীখন ল’৷
ল’ৰাটোৱে এনেকৈ সময়বোৰ নষ্ট কৰি আছে। দিন নাই, ৰাতি নাই৷ তাৰ পৰীক্ষালৈ আৰু কেই দিন। অশালীন শব্দবোৰে সি কি কৰি থাকে মোবাইল! তাক এইদৰে দেখি মোৰ বৰ দুখ লাগে। নিজৰ ল’ৰাটো ধ্বংসৰ গৰালৈ সোমাই গৈ থকা কোন মাকে চাই থাকিব পাৰে৷ আজি নহব আৰু। সৰুতে সময়ত নপঢ়িলে ব্যৱহাৰ কৰা বেটডাল উলিয়াই ল’লো। চকু-কাণ মুদি তাক কোৱাবলৈ ধৰিলো আৰু ফোনটো তাৰ হাতৰ পৰা কাঢ়ি ল’লো। ১৫ বছৰ হল যে তাৰ! সি ডেকা হ’ল সেয়ে সি মোক ফেপেৰি পাতি উঠিছে। ফোনটো ঘূৰাই ল'বলৈ যত্ন কৰিলে। মোৰো খঙটো উঠি আহিল। এনেও নাই জেনেও নাই মই তাৰ ফোনটো নি ঘৰৰ পিছফালৰ পুখুৰীটোলৈ দলিয়াই দি ভিতৰ সোমালো। সি খঙতে ঘৰৰ পৰা ওলাই গ’ল।
গ’ল যি গ’ল বহু সময় হ’ল। কি হৈছেনো! পুখুৰীৰ পাৰত কিহৰ ইমান
চিঞৰ-বাখৰ! মই দৌৰি ওলাই গলো। ওপঙি উঠা দৃশ্যটোত সম্বিত হেৰুৱালো।