আৰম্ভণিতে সকলো পঢ়োৱৈলৈ এটা অনুৰোধ৷ এই উপন্যাসখন মোৰ কাল্পনিক সৃষ্টি৷ ইয়াত বাস্তৱ জীৱনৰ লগত কোনো সম্পৰ্ক নাই৷ যদি কেনেবাকৈ কোনোবাই উপন্যাসৰ চৰিত্ৰ বা নাম বা অন্য কিবাৰ লগত বাস্তৱৰ মিল পায় তাৰ বাবে মই দায়ী নহ'লেও ক্ষমা বিচাৰিলো৷তলত উপন্যাসৰ আটাইতকৈ গুৰুত্ব পূৰ্ণ চৰিত্ৰ তিনিটাৰ লগতে যিটো পতভূমিত কাহিনী ভাগ আগবাঢ়িব তাৰ এটি পৰিচয় দাঙি ধৰিলো৷
শইকীয়া পাব্লিকেচনঃ- উদয়ৰ তিনি বছৰীয়া একঘেমীয়া কঠোৰ পৰিশ্ৰমৰ পাচত "প্ৰতিবিম্ব সময়ৰ" নিউজ চেনেলটো লেখত ল'ব লগীয়া অসমৰ চেটেলাইট চেনেলবোৰৰ এটা হৈ পৰিছে৷ এই বছৰত এই চেনেলটোৱে Northeast ভাৰতৰ ভিতৰতে most popular, most watched. Highest TRP grosser 24×7 satellite channel হৈ পৰিছে৷ এই চেনেলৰ মালিক হৈছে শইকীয়া পাব্লিকেচন৷ এই শইকীয়া পাব্লিকেচনৰে আৰু এটা মনোৰঞ্জন মূলক চেনেলো আছে৷ নাম অঞ্জলি৷ এই অঞ্জলিতেই জীয়াৰ "কোঁৱৰ ভিলা" ই ভিজুৱেল ৰূপ পাইছিল৷ ৬৫ টা খণ্ডৰে প্ৰচাৰিত হৈছিল৷
শইকীয়া পাব্লিকেচনৰ চেয়াৰমেন আৰু মেনেজিং ডাইৰেক্টৰ হৈছে উদয় শইকীয়া৷ শইকীয়া পাব্লিকেচনৰ আঁৰৰ মানুহজন৷ এডিটৰিয়েল টিমটোৰ পৰিচালনা কৰে চিনিয়ৰ সাংবাদিক অচিম আহমেদে। অচিম বৰ্তমান উদয়ৰ ভাল বন্ধু।
অচিম আহমেদঃ- উদয়ৰ ইউনিভাৰ্চিটিৰ বন্ধু। বৰ্তমান প্ৰতিবিম্ব সময়ৰ চেনেলৰ এডিটৰিয়েল শ্বিফ্। ইউনিভাৰ্চিটিৰ পৰাই দুয়ো ভাল বন্ধু। উদয়ে তাৰ সৰু ডাঙৰ সকলো অসুবিধাৰ সমাধান বাবে অচিমৰ লগত আলোচনা কৰে। উদয়ৰ জীৱনলৈ নামি অহা প্ৰাকৃতিক দুৰ্ঘটনাৰ মূল কাৰণটোৱে অচিম। অচিমৰ উচ্চতা হ'ব ৬ ফুট। ৰং ক'লা, চকুত বহুত পাৱাৰৰ চশমা পিন্ধে। চশমা খুলি দিলে তাৰ গাঁতত সোমোৱা চকু দেখিলে যিকোনো মানুহেই ভয় খাই যাব। দাঁত বগা। হাঁহি দিলে ক'লা ওঁঠৰ তলত বগা দাঁত দুপাৰী জিলিকি পৰে। তাৰ মুখৰ আহটো ধুনীয়া কিন্তু ছোৱালীবোৰে পচন্দ নকৰে। সেইটো তাৰ ডাঙৰ দুখ।
নক্ষত্ৰা চেতিয়াঃ- অল্পভাষিক, ডাঙৰ ফ্ৰেমৰ চশমা, জোখতকৈ ডাঙৰ কাপোৰ পৰিধান কৰা, ফেচনৰ জ্ঞান শূণ্য এজনী ছোৱালী নক্ষত্ৰা। তাইক চাই তাইৰ সহকৰ্মীসকলে হাঁহিৰ খোৰাক বিচাৰি পায়। তাইক দেখা সকলোৱে তাইক অদ্ভুৎ আৰু মুৰ্খ বুলিয়ে জ্ঞান কৰে।
কিন্তু কোনেও দেখা নাই সেই ডাঙৰ ফ্ৰেমৰ চশমাৰ তলত লুকাই থকা বাৰ্বি ডলৰ দৰে ধুনীয়া চকুযুৰী। কোনেও অনুমানো কৰা নাই যে হলৌলোৱা কাপোৰৰ তলত লুকাই থকা মডেলৰ দৰে ফিগাৰৰ কথা। কোনেও নাজানে আচলতে নক্ষত্ৰা চেতিয়া হয় কোন! কিয় তাই নিজৰ অস্তিত্বক এনেদৰে লুকুৱাই ৰাখে। কি হব যেতিয়া তাইৰ বচ উদয় শইকীয়াই তাইৰ আচল ৰূপত দেখিব!তাইৰ ঘৰত কোন আছে? কি পঢ়া? ইত্যাদি কথা মই এতিয়াই নজনাও৷ ৰহস্যহময়ী নক্ষত্ৰাৰ আচলৰ তলৰ পৰিচয়টো আপোনালোকে নিজেই কিতাপৰ ভিতৰত বিচাৰি লব দেই৷
উদয় শইকীয়াঃ- যিসকলে কোঁৱৰ ভিলা পঢ়িছে তেখেতসকলৰ বাবে এইটো এটা পৰিচিত নাম। উদয় এজন সফল ব্যৱসায়ী, দেখাত এনে যাক যিকোনো নাৰীয়ে উপাসনা কৰি ভাল পায়। ধনী, পাৱাৰফুল, ব্ৰিলিয়েণ্ট। পাৰ্থক্য কেৱল ইমানেই জীয়াক হেৰুৱাই মৰমীয়াল উদয় পৰিবৰ্তিত হৈছে এটা খঙাল, নিষ্ঠুৰ, অত্যাচাৰী আৰু হৃদয়হীন উদয়লৈ। সি এতিয়া কোমল মনৰ বিপৰীতে কঠিন হৃদয়ৰ লোক। তাৰ শত্ৰু আৰু এম্প্লইৰ বাবে সি এটা দুস্বপ্ন। কাৰোবাক চাকৰীৰ পৰা খেদিবলৈ বা কাৰোবাৰ ব্যৱসায় শেষ কৰি দিবলৈ সি এতিয়া এক চেকেণ্ডো নাভাবে।
এই কাহিনীটোৰ আৰম্ভনি ঘটি যেতিয়া সফল ব্য়ৱসায়ী উদয়ে নক্ষত্ৰাক লগ পায়। পৰিস্থিতি এনে হয় যে দুয়ো সংস্পৰ্শলৈ আহিব লগা হয়। তাইক এবাৰো ভালকৈ নোচোৱাকৈয়ে উদয়ে তাইৰ প্ৰেমত পৰে। তাইৰ স্বভাৱসুলভতাৰ বাবে তাই তাৰ অভ্যাসলৈ পৰিণত হয়। তাইৰ কফি কাপ নোখোৱাকৈ তাৰ চকুও মেল নোখোৱা হ'ল।
এইখিনিতে সিহঁত দুয়োৰে অতীতৰ ৰিণিকী স্মৃতি কিছুমানো অস্পষ্ট ভাবে মগজুৰ কোনোবা কোণত লুকাই ৰৈ যায়। মনত পৰিবলৈ বা বুজি উঠিবলৈ বহু সময় লাগি যায়৷ কি আছিল সিহঁতৰ চিক্ৰেট। কেতিয়া মনত পৰিব তাৰ আৰু কেনেকৈ! তাৰ বাবে পঢ়ি সুখী হওক উদয় আৰু নক্ষত্ৰা কাহিনীভাগ উদয়াচলত। তেখেত দুয়োৰে তিতা-মিঠা জীৱন পথৰ সংগী হৈ পৰক। তেখেত দুয়োকে অতীতৰ ছাঁয়াৰ পৰা মুক্ত হৈ বৰ্তমানত প্ৰেম বিচাৰি পোৱালৈ উপভোগ কৰক।
ধন্যবাদ
মোৰ উপন্যাসসমূহ
১. কোঁৱৰ ভিলা - A House of Desire
২. আনস্পকেন (Unsoken) - নোকোৱাকৈ থাকি গ'ল
৩. দ্ৰুতবেগী অপবাদ
৪. উদয়াচল -তাইক লক্ষ্য কৰাই নহ'ল
৫. গৌৰাম্বিনী প্ৰীতি
৬. Peek-a-boo - জুমি জুমি চোৱা তুমি
৭. আন্ধাৰৰ সিপাৰে- থ্ৰিলাৰ
অন্যান্য পুথি
১. এজন প্ৰচাৰ বিমুখ ব্যক্তিৰ আলাপ - Biography
২. জীৱনলৈ বাণী - A tale told by an idiot
৩. Stay with me - গল্প সংকলন
৪. Walking Shadow - কবিতা সংকলন
Don't forget to vote, commant & share
YOU ARE READING
উদয়াচল - তাইক লক্ষ্য কৰাই নহ'ল
FanfictionWell established publisher Uday Saikia. His heart is broken by untold love . It made him rude and harsh. He would take a long 3 years to overcome from his 1st love Ziya. This strory is begins when Successful business man meet Nakshatra, a shy, nerd...