৩৬

27 3 4
                                    

Follow me please🙏🙏🙏

নক্ষত্রাৰ দৃষ্টিকোণ

এলাৰ্মৰ শব্দত মই খপজপাই বিচনাত বহি দিলো। লৰালৰিকৈ মোৱাইলটো চুই শব্দটো বন্ধ কৰিলো। মোৱাইলৰ ঘড়ীটোৱে ৰাতিপুৱাৰ ৩ঃ৩০ বজাৰ সংকেত দিলে। উদয়চাৰৰ অফিচত যদিও যোৱা কালিয়ে জইন কৰিছিলো তথাপি উদয়চাৰৰ লগত ফৰ্মেল ডিউটি আজিৰ পৰাহে আৰম্ভ হ'ব। সেয়ে মই প্ৰথম দিনটোত পলম হ'ব বিচৰা নাই। তেখেতে ৰাতিপুৱাৰ ৬বজাৰ কথা উল্লেখ কৰিছিল।

বাথৰুমত প্ৰাতঃপৰ্ব শেষ কৰি ৰুমৰ বিচনা আদি পৰিস্কাৰ কৰিলো। টেবুলৰ ঘড়ীটোলৈ চালো। ৪ বাজিবলৈ ১০ মিনিট। মই লৰালৰিকৈ পাকঘৰলৈ খোজ দিলো। যোৱা কালি গধূলি মামী ঘৰ পালেহি। যদি মই তেওঁলোকলৈ খাদ্য ৰান্ধি থৈ নাযাও তেন্তে মামীয়ে ডাঙৰ কাণ্ড কৰি দিব। তাকে ভাবি আটা ওলিয়াই মথিবলৈ ল'লো।

ঘড়ীয়ে ৫বজাৰ সংকেত দিয়াৰ লগে লগে মই ৰুটি-ভাজি হটকেচট ভৰাই ডাইনিং থলো। তাৰ পাচত চাৰিকাপ চাহ কৰি তিনি কাপ টিপটত ভৰাই থ'লো। মোৰ চাহ কাপ বাকী ডেৰ ঘণ্টা থিয় হৈ কাম কৰাৰ অন্তত চকী এখনত বহি ল'লো। ৰুটি দুখন আৰু ভাজি অলপৰ লগত চাহ কাপ শেষ কৰি ঘড়ীলৈ চালো। ৫ঃ২০। ৬ঃ৩০ ৰপৰা ৭ বজাৰ ভিতৰত উদয়চাৰে কফি খোৱাৰ কথা কৈছিল। মোৰ হাতত মাত্ৰ ১ ঘণ্টা ১০ মিনিট আছে। মই লৰালৰিকৈ খোৱা বাচন আৰু কাম কৰোতে লেতেৰা হোৱা বাচন খিনি ধুই সৰু টিফিন এটাত নিৰ্ভয়লৈ বুলি তৈয়াৰ কৰা পায়খ কণ ভৰাই ল'লো। তাৰ পাচত কামলৈ যাবৰ বাবে নিজকে প্ৰস্তুত কৰিলো।

৫ঃ৩০ ত মই বাছ আস্থানত থিয় দিলোহি। এতিয়াহে মনত পৰিল আজি অসম বন্ধ। ৫ মিনিটলৈকে গাড়ী মটৰৰ একো ওম-ঘাম নাপাই মই খোজ কাঢ়ি আগবঢ়িবলৈকে ঠিক কৰিলো।

নিৰ্ভয়ে চিচটাৰ মালিনী লগত কিবা খেলি আছে। তাৰ হাঁহি থকা মুখ খন দেখি মনটো হাত পৰি গ'ল। ৩৫ মিনিট সময় অবিৰত ভাবে প্ৰায় দৌৰি অহা কষ্টখিনি সেই হাঁহি খিলখিলনিৰ হঁতে নাইকীয়া হৈ গ'ল। মালিনী চিচটাৰ লৈ বুলি খাম এটাত ভৰাই অনা টকা হাজাৰতা এটা মিচিকিয়া হাঁহিৰে আগবঢ়াই দিলো। নিৰ্ভয়ক কোলাত লৈ তাৰ পায়স কণ খোৱাই দিলো। তাক খোৱাই লাহেকৈ বিচনাত থৈ মালিনী চিচটাৰকে পুনৰ তাৰ দ্বায়িত্ব দি মই উদয়চাৰৰ ঘৰলৈ খোজ দিলো।

উদয়াচল - তাইক লক্ষ্য কৰাই নহ'লWhere stories live. Discover now