৩৯

109 3 2
                                    

Follow me please🙏🙏🙏

"কোঁৱৰ ভিলা"ত এভোমোকি

উদয়ৰ দৃষ্টিকোণ

দুৱাৰৰ বেলৰ শব্দ মোৰ চকু খোল খালে। চকু কেইটা জোৰকৈ মেলি হাতেৰে খেপিয়াই পোৱা মোৱাইলটোত সময় পৰীক্ষা কৰিলো। ৪ঃ৪০। ইমান পুৱাতে কোন হ'ব পাৰে!আলস্য ভাবেৰে বিচনাৰ পৰা নামি দুৱাৰৰ দিশত খোজ দিলো। মেনহলেৰে বাহিৰলৈ চালো। কেৱল ফুলৰ বুকে এটা দেখা পালো। দুৱাৰখন খোলাৰ আগত অস্বস্তিৰ সুৰত সুধিলে

- কোন?

- চাৰ। মই।

সুৰ শুনিয়ে আগন্তুক কোন বুজি পালো। তথাপি মোৰ অস্বস্তিক তালৈ ট্ৰানচ্ফাৰ কৰি দিও বুলি পুনৰ সুধিলো

- মই মানে? নাম নাই?

- নক্ষত্রা।

- কোন নক্ষত্রা?

- নক্ষত্রা চেতিয়া। আপোনাৰ কফি মেকাৰ।

মই দুৱাৰ খুলি তাইক সোমাই আহিবলৈ দিলো। তাইক এবাৰ ওপৰৰ পৰা তললৈ পৰ্যবেক্ষণ কৰিলো। তাইৰ সেই একেই অভাৰ চাইজ চুইদাৰযোৰ। চকুত ডাঙৰ ফ্ৰেমৰ চচমাযোৰ। তাইৰ আচল ৰূপ নেদেখা সকলে কেতিয়াও নাজানিব তাই বাস্তবত হয় কি? কিন্তু মই জানো। সেয়ে মোৰ আগত এনে নিৰ্জুতাৰ অভিনয় কৰাটো অৰ্থহীন। তাইক তেনেকৈ দেখি তাইৰ প্ৰতি বিদেহ বাঢ়ি আহিব ধৰিলে। ঘৃণাৰ সুৰত সুধিলো

- হাতত ফুল লৈ কাক ইম্প্ৰেচ কৰিবলৈ আহিছে? যদি মোৰ কথা ভাবি আনিছা তেন্তে লাভ নাই। আৰু এটা কথা। মই জানিব পাৰোঁ নে এই পুৱাতে তুমি ইয়াত কি কৰিছা?

- চাৰ আপোনাৰ মেমৰি ভাল হ'ব লাগিছিল। এই বুকেটো জীয়াৰ বাবে। আপুনি কালি আনিবলৈ দিছিল। মোক ৫ বজাত ইয়াত উপস্থিত হ'বলৈ কৈছিল। মই মাত্ৰ ২০ মিনিট ফাষ্ট। কালিৰ দৰে গাড়ীৰ অসুবিধা হ'লে আপোনাৰ টাইমিংত প্ৰব্লেম হ'ব ভাবি অলপ সোনকালে ঘৰৰ পৰা ওলালো। কিন্তু গাড়ী সময় মতে পালো বাবে সোনকাল হ'ল। মই বাহিৰতে অপেক্ষা কৰিম ভাবিছিলো। কিন্তু আকৌ ভাবিলো আপুনি সাৰ পোৱা নাই চাগে। সেয়ে। ক্ষমা কৰিব।

মোতকৈও উগ্র সুৰত কথাটো কৈ তাই দুৱাৰৰ ফালে যাবলৈ লওতেই মই তাইক আগভেটা দি ওলাই যোৱাত বাধা দিলো। কৌশিক আৰু জীয়াৰ এনিভাৰ্চিৰ কথা মোৰ মগজৰ পৰা কেনেকৈ যে ওলাই গ'ল। তাইৰ কথাত মই মনে মনে লজ্জা অনুভব কৰিলো যদিও মোৰ ইগৰ বাবে নিজৰ ভুল স্বীকাৰ নকৰিলো। মোৰ সুৰ একেই ৰাখি মই তাইক ক'লো

উদয়াচল - তাইক লক্ষ্য কৰাই নহ'লWhere stories live. Discover now