১৮

26 5 1
                                    

Please follow me. 😊

উদয়ৰ দৃষ্টিকোণ

নক্ষত্ৰাই বনোৱা কফি কাপ মোৰ অভ্যাসত পৰিণত হৈ পৰিছে। যেন এটা নিচা। ৰাতিপুৱা তাইৰ কফি কাপেৰে দিনটো আৰম্ভ কৰাৰ উদ্দেশ্যেৰেই আজিকালি মই অফিচলৈ যোৱাৰ আগতে ঘৰৰ পৰা প্ৰথমে কফি চপলৈ আহোঁ। তাৰপাচত অফিচলৈ পুনৰ ঘূৰি যাও। এইকেইদিন সদায় এনেদৰে চলি আছে। মই প্ৰায়ে চিন্তা কৰো যে তাই কিয় যে ইমান আঁতৰৰ কফি চপত কাম কৰে। ঠিক ৮.১০ত মই তাইৰ কফি চপত প্ৰবেশ কৰোঁ। তাইৰো চাগে মোক দেখাৰ অভ্যাস হৈ পৰিছে সেয়ে মই অৰ্দাৰ দিয়াৰ আগতেই আজিকালি তাই মোৰ এচপ্ৰেচো কাপ হাৰ্ট ডিজাইনেৰে সৈতে আনি মোৰ টেবুলত হাজিৰ কৰে। মই সদাই কফি চপৰ পৰা সন্মুখৰ কিণ্ডাগাৰ্ডেনখন দেখি থকা খিৰিকীৰ কাষৰ চিটটোতে বহো। সেই সময়ত সৰু লৰা-ছোৱালীবোৰে লাইনত থিয় হৈ ৰাতিপুৱাৰ প্ৰাৰ্থনা কৰে। নক্ষত্ৰাই সদায় মোক কফি দি মোৰ কাষতে থিয় হৈ ৰ লাগি সেই লৰা-ছোৱালীখিনিয়ে প্ৰাৰ্থনা কৰা চাই থাকে। তাইৰ চকু এটা নিৰ্দিষ্ট ল'ৰাৰ ওপৰত থকাতো মই লক্ষ্য কৰিছো। তাইৰ চাৱনিৰ পৰা এনে লাগে যেন সি চাগে তাইৰ বৰ মৰমৰ। সিহঁত প্ৰাৰ্থনাৰ শেষত সকলো ভিতৰলৈ যোৱাৰ পাচতহে তাই আঁতৰি যায়। তাইক অভিসাৰ কৰি থাকি ইতিমধ্যে মোৰো কফি শেষ হয়। মইও বিল দি কফি চপৰ বাহিৰ হও।

মই বহুবাৰ তাইক মোৰ হৈ কাম কৰিবলৈ অনুৰোধ কৰিবলৈ মুখ খুলিবলৈ লও কিন্তু ক'ব নোৱাৰো। কিজানি তাই মানা কৰিব আৰু না শুনাৰ অভ্যাস মোৰ নাই। তাই না ক'লে মই অন্য কিবা এক্সন লৈ পাম। সেইটো আমাৰ মাজত গাঢ় হব ধৰা বন্ধুত্বৰ বাবে ভাল নহব। সেয়ে মই একো নকও। মাত্ৰ সময়লৈ বাট চাইছো।  দৰ্কাৰ হ'লে কফি চপ খনকে কিনি লম বুলি ভাবিছো। কিয়নো তাই কফি চপৰ মালিকৰ প্ৰতি আজ্ঞাকাৰী হোৱাৰ বাবেহে তাত চাকৰি নেৰে। তাই ভাবে এনেকৈ চাকৰি এৰাটো মালিকনীক বিশ্বাসঘাটকতা কৰা যেন হব। যদি গোটেই কফি চপখনেই মোৰ হয় তেন্তে তাইৰ অসুবিধা নহ'ব। তাইৰ দৰে বিশ্বাসী এম্প্লই পোৱাটো ভাগ্যৰ কথা। তাইৰ মালিকনীৰ প্ৰতি থকা নিষ্ঠাৰ বাবে মই গৌৰাম্বিত।

আজি পাঁচ দিনেই হল কিন্তু অচিম অফিচলৈ অহাই নাই। সেইদিনা সি তাৰ ফেচবুক গাৰ্লফ্ৰেণ্ডক লৈ গাঁৱৰ ঘৰলৈ যোৱাৰ কথা কৈছিল। সি চাগে ঘূৰি অহাই নাই। তাৰ ফোনটো নটৰিচেবল হৈ আছে। গাওঁ অঞ্চলবোৰত এতিয়াও নেটৱৰ্ক ভাল হোৱাই নাই। অচিমৰ ঘৰ শিৱসাগৰৰ নামতিত। ইয়াৰ পৰা যাবলৈ গোটেই দিনটো লাগিব। ঘৰত যদি মাত্ৰ এদিন কটাই তেতিয়াও সি কালিলৈ সন্ধ্যাহে পাবহি। আজিও প্লাৱনক লৈয়ে হোটেল লিলিৰ মিটিং খন এটেণ্ড কৰিব লাগিব। আজি যদি প্লাৱন নাহে তেন্তে! যিহেতু তনয় কালি আবেলি পালেহি। সিহঁত বন্ধু বহু দিনৰ পাচত লগ হৈছে। সিহঁতি লগত থাকিব বিচাৰিব চাগে আজি। কথাবোৰ চিন্তা কৰি থাকিয়ে মই অফিচ সোমালোহি। অফিচৰ দুৱাৰ মুখত ৱাচমেনে গাড়ীৰ দুৱাৰ খোলাৰ পাচত মই গাড়ীৰ পৰা নমিলো। দুৱাৰৰ পৰা ভিতৰলৈ সোমাই যোৱা দীঘলিয়া বাটটোত মাৰ্কেটিং টিম মেম্বাৰ খিনিয়ে দুয়োপাৰে দুভাগ হৈ থিয় হৈ আছে। মই সোমাই যোৱাৰ লগে লগে মোক সম্ভাষণ জনালে। তাৰপাচত তেখেত সকলোৱে মোক ফল কৰি মোৰ কেবিনৰ বাহিৰত ৰ'লহি। ৯.৩০ৰ পৰা মাৰ্কেটিং টিমৰ লগত মিটিং আছে। নিচিক মাতি মেটাৰখিনি তাইৰ পৰা লৈ মই তাইক আদেশ দিলো কন্ফাৰেঞ্চ ৰুমত ঠিক কৰিবলৈ। তাই আজ্ঞাকাৰিৰ দৰে আদেশ পালন কৰি ৰুমৰ বাহিৰ হ'ল। হঠাৎ কিবা মনত পৰাত তাই পুনৰ মোৰ ৰুমৰ দুৱাৰ ঠেলি সুমাই আহিল। মোলৈ চাই ক'লে

উদয়াচল - তাইক লক্ষ্য কৰাই নহ'লWhere stories live. Discover now