৩৫

27 3 5
                                    

Follow me please🙏

উদয়ৰ দৃষ্টিকোণ

কেইবাবাৰো ফিল্ডখন দৌৰি দৌৰি ঘূৰাৰ শেষত ফিল্ডৰ কাষৰ চকী এখনত বহি দিলো। আজি অসম বন্ধ। অফিচ বন্ধই হ'ব। সেয়ে মই জগিং নিশ্চিত মনে কৰাত ব্যস্ত। আজি মানুহৰ সমাগম কম। ঘৰৰ পৰা ইয়ালৈকে আহোঁতে বাটত কোনো পাব্লিক ট্ৰেঞ্চপৰ্ট দেখা নাপালো। বাট পথ একেবাৰে খালি। হাতৰ ঘড়ীটোলৈ চালো। পুৱাৰ ৭ বাজি পাৰ হৈছে। মই ঘৰৰ পৰা ওলোৱা প্ৰায় দুঘণ্টা হৈ গ'ল। যোৱা কালি সোনকালে শুই গেছিলো। দিন জোৰা ব্যস্ততা আৰু মানসিক ষ্ট্ৰেচবোৰৰ বাবে কালি সোনকালেই বিচনাত উঠিছিলো। সেয়ে চাগে আজি সোনকালে সাৰ পালো। সাৰ পায়ে জগিংলৈ ওলাই আহিলো। এতিয়া বেঞ্চত বহিহে নিজক অনুভৱ কৰিলো। কফি একাপ খোৱাৰ টেণ্ডেঞ্চি এটাই আমনি কৰিলেহে। কফিৰ কথা মনলৈ অহা মাত্ৰে আচললৈ মনত পৰি আহিল। কিয় যে অকলে থাকিলেই আচলৰ কথা বোৰে ঘূৰি ঘূৰি মোক আমনি কৰেহি। তাই নাথাকিলেও তাইৰ অনুভূতি বোৰ মোৰ লগে লগে ঘূৰি থাকে। কালি তাই কি কৈছিল বাৰু

- মোৰ লগত মোৰ ল'ৰাটো থাকিব। বৰ্তমান সি হস্পিটেলত।

তাই ইমান কম বয়সতে মাতৃ! হয় জানো! নহয় চাগে! তেন্তে মোক মিছা কিয় ক'লে! ল'ৰা এটা আছে বুলিহে ক'লে। নিজৰ সন্তান হয় বুলি কোৱা নাই। কোনোবা হ'ব পাৰে মিতুৰৰ অনাথ শিশু। কালি তাইক খং কৰি ওলাই গ'লো। কি অধিকাৰত মই তাইৰ সন্তানৰ কথা শুনি অভিমান কৰি আঁতৰি গ'লো! অভিমানেই নহয় জানো! তাইক মই দুবাৰ এনে ঠাইত লগ পাইছো য'ত মই তাইক কেতিয়াও কল্পনা কৰিব নোৱাৰিছিলো। সলওলোৱা কাপোৰৰ তলত যেনেদৰে তাই সুন্দৰতাক লুকুৱাই থৈছে ঠিক তেনেকৈ তাই মনটাকো আৱৰণ দি থোৱা নাই বুলি কেনেকৈ ভাবিম! তাই যদি চৰিত্ৰত খুত আছে তেন্তে ল'ৰাটো তাইৰ হ'বও পাৰে। বৰ ৰহস্যময়ী। তাইক ভালদৰে জনা প্ৰৱল ইচ্ছা হয়। তাইৰ কি এক আকৰ্ষণ আছে। এনে আকৰ্ষণ মই কোনোদিন কোনো ছেৱালীলৈ অনুভব কৰা নাই। আনকি জীয়ালৈও। কিন্তু তাইৰ কাৰ্যই মোৰ মনত সন্দেহ সৃষ্টি কৰি যায়। তিনি বছৰৰ আগতে বাৰত দেখা। তাৰ পাচত অচিনাকি এজনৰ লগত নিশা কটোৱা। তাৰ পাছত ৰহস্যময় ভাবে নাইকীয়া হৈ যোৱা। পুনৰ বিউটি পার্লাৰত তেনে অৱস্থাত সেই ৰূপত। মোৰ কাৰ্ডখন আজিও ঘূৰাই দিয়া নাই। লগতে সেই অচিনাকি ব্যক্তি জনৰ কেতিয়াবা বাহু বন্ধনত কেতিয়াবা হাতত হাত থৈ। মুঠতে তাই বিশ্বাস যোগ্য নহয়। বাছ আস্থানৰ ঘটনাটো চকুলৈ ভাঁহি অহাৰ লগে লগে ক'ৰবাৰ পৰা এগঢ়াহ খঙে মোক আৱৰি ধৰিলেহি।

উদয়াচল - তাইক লক্ষ্য কৰাই নহ'লWhere stories live. Discover now