২৬

37 6 0
                                    


Follow me please ☺

উদয়ৰ দৃষ্টিকোণ

অফিচৰ তিনি মহলত থকা মোৰ কোঠালৈ মই লাহে লাহে সোমাই আহিলো। চাৰিওফালে গ্লাচৰ বেৰেৰে সজ্জিত কোঠাটোৰ ভিতৰৰে পৰা এবাৰ বাহিৰলৈ লক্ষ্য কৰিলো। কোঠাৰ পৰা অফিচৰ অন্য কক্ষ সমূহ দেখা পোৱাৰ উপৰিও এটা চাইদৰ পৰা বাহিৰৰ আকাশ সুন্দৰকৈ দেখা পোৱা যায়। মন খেলি মেলি লাগি থাকিলে মই প্ৰায় ইয়াতে বহি আকাশলৈ চাই ৰও। আজিও এটা চিগাৰেতত হুহা দি আলস্য ভাবেৰে ভৰি দুখন টেবুলৰ ওপৰত তুলি ললো। শূণ্যত চকু থৈ এই সাত দিনত ঘটি যোৱা ঘটনাবোৰ ৰুমন্থন কৰিবলৈ চেষ্টা কৰিলো। এনেতেই দুৱাৰ ঠেলি নিচি সোমাই আহিল। মই তাইক দেখি লৰালৰিকৈ চিগাৰেটো নুমুৱাই ধুৱাবোৰ নাইকীয়া কৰিবলৈ হাতেৰে বতাহ প্ৰয়োগ কৰিলো। তাই মোৰ সন্মুখৰ চকীখন টানী বহি লৈ খং আৰু প্ৰশ্নবোধক চাৱনিৰে মোলৈ চাই ৰ'ল। মই তাইলৈ ভয়ে ভয়ে চালো। জানিছো আজি মোৰ নিষ্টাৰ নাই। একসপ্তাহৰ জমা মেঘ আজি গৰজিবই। কেৱল বৰষুণ নাহিলেই হ'ল। তাই দীঘলকৈ এটা উশাহ লৈ হাত দুখন মুঠি মাৰি টেবুলত থৈ খঙৰ বহিঃ প্ৰকাশ ঘটাই ক'বলৈ ধৰিলে

- ক'ত আছা তুমি? এক সপ্তাহ! তিনি অক্টোবৰৰ নিচা ফটাই নাই নেকি?

তিনি অক্টোবৰৰ কথা শুনা মাত্ৰে মই সংকিত হৈ তাইলে চালো। মোৰ চাৱনি দেখি তাই পুনৰ কৈ গ'ল

- অচিমে সকলো ক'লে মোক। সেইদিনা কোন বাৰত কিমান খালা। তাৰপাচত

তাইৰ আজিকালি অলপ ভাগৰ লাগে। সেয়ে কথা কৈ ভাগৰুৱা ভাৱে উশাহ সকালে। মোৰ উৎসুকতা বাঢ়ি আহিল। অচিমে বাৰু সেইদিনা কথাবোৰ সচাঁকৈ কৈ দিলে নেকি! মই উৎসুকতাৰে তাইক প্ৰশ্ন কৰিলো

- তাৰপাচত?

- তাৰপাচত কি? ইমানেই সেই গেলা পিলা নে একো মনত নাই! মুঠতে শুনা সকলো কাম ফোনৰ দ্বাৰা নহয়। হোৱা হ'লে তোমাৰ ইমান ডাঙৰ এটা অফিচ আৰু ইমানবোৰ কৰ্মচাৰীৰ প্ৰয়োজন নাথাকিল হেঁতেন। এই সাত দিন তুমি কেৱল ফোনত ইস্টাক্টচন দিয়া আৰু ফোন ডিচকান্ক্ট কৰি দিয়া। অফিচত কি কি ঘটি আছে শুনাৰ ধৈৰ্যও নাছিল তোমাৰ। বেমাৰত ঘৰতে পৰি আছা বোলে তেনে কথাও নহয়। তেন্তে কাম কাম কৈ বলিয়া হৈ থকা উদয় শইকীয়া ক'ত আছিল এই সপ্তাহটো। জানিবলৈ দিবা নে!

উদয়াচল - তাইক লক্ষ্য কৰাই নহ'লWhere stories live. Discover now