২৮

27 5 0
                                    

Please follow me 💗💗

উদয়ৰ দৃষ্টিকোণ

সকলোৱে নিজৰ নিজৰ কফি কাপবোৰ হাতে হাতে লৈ ৰুমৰ পৰা ওলাই গ'ল। ৰুমত মই অকলে ৰৈ গ'লো। কফি কাপলৈ এবাৰ চালো। লাহেকে তুলি একচিপ টানিলো। জিভাৰ পৰা ডিঙিৰে পাৰ হৈ যোৱাৰ আগতেই বুজিলো এই কফি কাপৰ স্ৰষ্টা কোন! তাইৰ ছবি মনলৈ ভাঁহি অহাৰ মাত্ৰে সেইদিনাৰ ঘটনাবোৰ এটা এটাকৈ চকুত নাচিবলৈ ধৰিল। মনত পৰি মই সংকোচিত হৈ নিজ আসনত বহি পৰিলো। কি হৈছিল সেইদিনা মোৰ! ইমান পাশবতা মোৰ মগজুতো সোমাই আছে বুলি ইয়াৰ আগতে কেতিয়াও জনা নাছিলো। কিয় তাই তেনে কৰিছিল। তাইতো ইমান দুৰ্বল নহয়। নে সেইদিনাৰ ৰূপটোহে আচল বাকীবোৰ অভিনয়। কি তাৰিখ আছিল বাৰু! কিহে যে পাইছিলো মোক ইমান নিচা কৰিবলৈ! নিজেই নিজক কণ্ট্ৰল কৰিব নোৱাৰাকৈ! কি কৈ আছিল তাই সেইদিনা। মনত পেলাবলৈ মগজত অলপ যোৰ দিলো।

তিনি অক্টোবৰৰ দিনা

- ক'লৈ আনিলা? এইখন দেখুন বিউটি পাৰ্লাৰহে।

- অ'। মাচাজত যিটো ৰিলেক্সচেচন পাবা বেলেগ একোতে নোপোৱা।

- আহঃ। মোৰ মন নাই। বাৰলৈ যাও ব'লা। অলপ ড্ৰিক্সে মোড চেঞ্জ কৰিব পাৰিব।

- ইয়াত সকলো ফেচেলিটি আছে। আমাৰ দৰে স্পেচিয়েল কাষ্টমাইজ বাবে।

- কথাটো বৰ ভাল নহয় দেখুন। আমি সমাজৰ যি পৰ্যায়ৰ মানুহ আমি এই কাৰ্য্যক গ্ৰহণ কৰাটো ভুল।

- ইচ্। ভুল শুদ্ধৰ বিচাৰ পিছত হ'ব। এতিয়া এঞ্জই কৰা। মোৰ ৰঙত ভঙ্গ নকৰিবা। তুমি মন গ'লে মাচাজ ল'বা মন নগ'লে নল'বা। মই লম। তুমি বহা।

অচিমে কথাটো কৈ পাৰ্লাৰখনৰ কোঠা এটাত মোক বহুৱাই সি ক'ৰবালৈ আঁতৰি গ'ল। কিছু সময়ৰ পাছত এজনী ছোৱালীয়ে মদৰ বটল আৰু লগত খাবলৈ প্ৰয়োজনীয় সামগ্রীৰ এখন ট্ৰে মোৰ সন্মুখত থ'লেহি। মই গিলাছত বাকি লৈ ওঁঠত লগালে। ছোৱালীজনী কামুক ভঙ্গিৰে অলপ সময় মোৰ আগত বহি ৰ'ল। মোৰ পৰা কোনো ৰেচপণ্ড নোপোৱাৰ বাবে তাই লাহেকে আঁতৰি গ'ল।

অচিমলৈ অপেক্ষা কৰি কৰি আৰু মোৰ জীৱনত হৈ থকা পাজলবোৰ ভাবি থাকোঁতে ফোল বটল কেতিয়া যে খালি হ'ল গমেই নাপালো। গ্লাচৰ শেষ চিপকণ টানি মই থিয় হ'বলৈ লৈহে নিচিৰ ওমান পালো। মই পৰি যাবলৈ নওতে এযোৰ কোমল হাতৰ পৰশ মোৰ দেহত অনুভৱ কৰিলো। চকু তুলি চাই মই আচৰিত

উদয়াচল - তাইক লক্ষ্য কৰাই নহ'লWhere stories live. Discover now