৩৪

28 4 4
                                    

Follow me please🙏🙏

নক্ষত্রাৰ দৃষ্টিকোণ

- তোমাৰ হিচাপ বাকি আছে। ব'লা ভিতৰলৈ।

কাণৰ কাষত কোৱা উদয়চাৰৰ শব্দকেইটাই মোৰ হৃদস্পন্দন বৃদ্ধি কৰি দিলে। ইতিমধ্যেই তেওঁ আচৰণে মোক সংকিত কৰিছে। কথাটো কৈ তেওঁ এক চেকেণ্ডো পলম নকৰাকৈ গাড়ীৰ বাহিৰত ভৰি দিলে। মোলৈ এটা ক্ষণো অপেক্ষা নকৰাকৈ তেওঁ গেৰেজৰ বাহিৰৰ ফালে খোজ দিলে। মই লৰালৰিকৈ হাতৰ বেগটো কান্ধত ওলমাই তেওঁৰ পিছত দৌৰ লাগলো। দুৱাৰ মুখত ৰৈ তেওঁ কিবা এটা  ভাবি ৰৈ দিয়াৰ বাবে মই তেখেতৰ লগত পালোহি। চিন্তান্বিত নয়নেৰে এবাৰ মোলৈ চাই তেখেতে দৰবেল্টটোত হাত দিলে। তাৰ পাচত তেওঁ বৰ অস্থিৰ ভাৱে দুৱাৰ খোলা লৈ বাট চালে। কিছু সময়ৰ পাচত এগৰাকী মহিলাই দুৱাৰ খুলি উদয়ক মৰমৰ হাঁহিৰে আদৰিলে। মহিলা গৰাকীক দেখিয়ে মই চিনি পালো। তেওঁ উদয়চাৰৰ মাক। হস্পিটালত তেখেতক লগ পোৱাৰ স্মৃতি এতিয়াও মোৰ হৃদয়ত জীপাল। উদয়চাৰৰ অভিব্যক্তি দেখি মোৰ ধাৰণা হ'ল যে মাকক তেখেতে ঘৰত আশা কৰা নাছিল। মাক নিশ্চয় ঘৰত নাছিল। উদয়চাৰে আচম্বিত সুৰত তেখেতক সুধিলে

- মা। তুমি কেতিয়া আহিলা। মোক এবাৰো ইন্ফৰ্ম নকৰিলা যে!

- মোৰ ফোনটো পানীত পৰি বেয়া হ'ল। উৰ্ভা অহা নাই। মই প্লাবনৰ লগত গুচি আহিল। তোৰ অসুবিধা হ'ব ভাবি সি আহো ক'লে আৰু মইও ভাবিলো মই নথকাকৈ তোৰ থকাৰ অভ্যাস নাই নহয়। ইমান দিন কেনেকৈ বা আছ। সেয়ে আমি দুয়ো গুচি আহিলো।

তেখেতে কথাখিনি কৈ লাহে লাহে চকু মোৰ ওপৰত নিবন্ধ কৰিলে। তেখেতে নিশ্চয় মোক পাহৰি। এবাৰহে লগ পাইছো আমি। কিন্তু মোক আচৰিত কৰি তেখেতে মোৰ ফালে দুবাহু মেলি ক'লে

- নক্ষত্রা। হয় নে?

- হয়।

তেখেতৰ মৰমৰ দুবাহুৰ মাজত সোমাই উত্তৰ দিলো। উদয়চাৰে আমালৈ বাট নাচালে। তেখেতে মোক মাকৰ লগতে এৰি ভিতৰ পালেগৈ। মাকে কথা কৈ থাকি মোক ভিতৰলৈ আগবঢ়াই নিলে। তেখেতে মোক হস্পিটালত লগ পোৱাৰ দিনা কি ভাবিছিল। সেই দিনাৰে পৰা মোক যে তেখেতৰ ভাল লাগিছিল ইত্যাদি দুই এটা কথা কোৱাৰ পাচত সেইদিনা মই কিয় তেওঁলৈ বাট নোচোৱাকৈ গুচি গ'লো সুধিলে। মোৰ কাৰণটো বুজাই কোৱাৰ পাচত তেখেতৰ অসুখৰ কথা সুধিলো। তেখেতে ডাক্তৰে কি ক'লে মোক জানিবলৈ দিলে। তেখেতে মোৰ বয়স, মা-দেউতা ইত্যাদি কিবা কিবি সুধিলে। তাৰ পাচত তেখেতে মোক বহিবলৈ কৈ পাকঘৰলৈ গ'ল। মই অকলে দ্ৰইংৰুমত বহি ৰ'লো।

উদয়াচল - তাইক লক্ষ্য কৰাই নহ'লWhere stories live. Discover now