Thanks for coming inside
Happy reading.😊উদয়ৰ দৃষ্টিকোণ
- তই কালিলৈ অফিচ কিয় নাহ?
অচিমৰ জোকোৱা কথাবোৰৰ পৰা হাত সাৰিবলৈ মই তাক সুধিলো৷ সি মোলৈ চাই ধুনীয়া হাঁহি এটা মাৰি ক’লে
- কালিলৈ তাইক লগ কৰিবলৈ যাম৷
- কাক? তোৰ fb friend অক?
- মমমম৷ তাই ঘৰৰ ঠিকনা দিছে৷ মাক লগত লৈ যাম৷ সকলো ঠিক হ’লে সোনকালে বিয়াখন পাতিব লাগিব৷ বিয়াৰ বাবে মায়ে বৰ জোৰ কৰি আছে৷
- তই তাইৰ লগত fb তহে চিনাকি৷ এবাৰলৈ লগ পাইছ জানো?
- নাই পোৱা৷ তাইক প্ৰথম বাৰৰ বাবে সন্মুখত দেখা পাম৷
- প্ৰথম বাৰ লগ কৰিবলৈ একেবাৰে ঘৰলৈ ওলালি যে? কিবা অসুবিধা নহয়তো?
- মই ইনভেচটিগেট কৰিছো নহয়৷ fb ত তাই দিয়া ইনফৰমেশ্যন বোৰ শুদ্ধ৷ মোৰহে
- ফটোবোৰ এডিট কৰা৷ তোক মই আগতেই কৈছিলো ফটো ফেক নকৰিবলৈ৷ তাইও কিবা ভুল ইনফৰমেশ্যন fb থাকিব পাৰে?
- থাকিব পাৰে৷ কিন্তু ফটোবোৰ অৰিজিনেল৷
- কেনেকৈ জানিলি?
- মই দেখিছো তাইক৷ কিন্তু চিনাকিহে দিয়া নাই৷
- অ’৷ তলে তলে৷ মোকহে আজি কৈছ?
- কিয় তোক কৈছো দেখুন৷ তইহে নীলা আচলৰ কথা ভাবি মোৰ কথাত গুৰুত্ব নিদিলি৷
- Ok. কৈছিলি৷ তহঁতৰ মেচেজ মেচেজ খেলি থকা দুবছৰে হ’ল চাগৈ!
- কালিলৈ দুবছৰ হ’ব৷
- সেই কাৰণে ঘৰলৈকে ওলালি? তই Fbৰ কথাহে কৈছিলি মোক৷ কিন্তু গুপুতে গুপুতে ইমান যে আগবাঢ়িছ মোক কোনো দিন কোৱা নাছিলি দেই?
- কম কম বুলিয়ে ৰৈ গ’ল অ’৷
- ঠিক আছে৷ এতিয়া ক৷ কালিলৈ কেই বজাত যাবি?
- আবেলি যাম৷
- তেন্তে আগবেলা অফিচ আহিব পাৰিলি হয় দেখুন?
- প্ৰিপাৰেচনৰ কৰিবলৈ আছে৷ নিজৰ অলপ মেকঅভাৰ কৰিব লাগিব৷
- পাৰ্লাৰৰ এপইণ্টমেণ্ট ল’লি?
YOU ARE READING
উদয়াচল - তাইক লক্ষ্য কৰাই নহ'ল
FanfictionWell established publisher Uday Saikia. His heart is broken by untold love . It made him rude and harsh. He would take a long 3 years to overcome from his 1st love Ziya. This strory is begins when Successful business man meet Nakshatra, a shy, nerd...