৪৯

41 4 0
                                    

Please vote, Commant and share 🙏🙏🙏

উদয়ৰ দৃষ্টিকোণ

নক্ষত্ৰাই পুনৰ অভিমানত বহিল৷ তাই কি মোক কেতিয়াও ক্ষমা নকৰিব! তাই সাৰ পোৱাৰ বাতৰিয়ে মোক যিমান জীপাল কৰি তুলিছিলে তাই পুনৰ অটিত সোমোৱাৰ বাতৰিয়ে সিমানেই মাৰি পেলালে৷ "পুৰুষে নকান্দে" সৰুৰে পৰা শুনি আহিছো৷ কিন্তু আজি মই কঠিন হৈ ৰ'ব পৰা নাই৷ মই উচুপি উঠিলো৷ চাজাদে মোক সাৱটি ধৰিলে৷ মই তাক ধৰি কিমান সময় উচুপি ৰলো নাজানো৷
কিন্তু বহু দিনৰ পাচত মনটো পাতল লাগিল৷ তথাপি বিষাদবোৰ আঁতৰি নগ'ল৷ ঘনে ঘনে অটিৰ লাইটটো লক্ষ্য কৰি ৰলো৷ যেন এই কিবা এটা খবৰ শুনিম৷

নক্ষত্ৰাক অটিলৈ সোমোৱাই নিয়া প্ৰায় দুঘণ্টা হ’ল৷ এই দুঘণ্টাটো পাৰ হৈ অহা দুবছৰটোতকৈও দীঘল যেন লাগিছে৷ মাৰ লগত নিৰ্ভয়ও আহি অপেক্ষা কৰি থকা একঘণ্টামান হল৷ মোৰ কোলাৰ পৰা সি সুধি থকা সকলো প্ৰশ্নৰ উত্তৰ মোৰ হাতত নাই৷ তথাপি তাৰ সৰু মনটোক বুজাব পৰাকৈ উত্তৰ দি গৈছো৷

অবশেষত অপেক্ষাৰ অন্ত পেলাই অটিৰ লাইটটো বন্ধ হ’ল৷ মোৰ মনৰ লগতে ভিতৰি মইও কঁপি উঠিলো৷ অজান আশংকাত মন হাঁহাঁকাৰ কৰি উঠিল৷ কিছু সময়ৰ পাচত ডাক্তৰ উলাই আহি মোৰ সন্মুখত ৰ’ল৷

- তেওঁ ক্রনিক লিম্ফোসাইটিক লিউকেমিয়া (CLL) ষ্টেজ ২ ৰ পেচেণ্ট আছিল। ষ্ট্ৰকৰ বাবে তাইৰ ব্ৰেইনৰ মাল্টিপল অৰগেন নষ্ট হৈ গৈছিল। আমি আশা কৰা নাছিলো৷ কিন্তু আপুনি হাৰ নামানিলে৷ আপোনাৰ একান্ত ইচ্ছাৰ আগত ভগৱান বাধ্য হৈছিল৷ তেওঁ সাৰ পাইছিল৷ তেওঁ সাৰ পোৱাটো মিৰাকল৷ তেওঁ পুনৰ সাৰ পাবলৈও মিৰাকল লাগিব৷ তেওঁক ইঞ্জেকচন দিছো৷ লেটচ চি কি হয়৷ ঈশ্বৰক প্ৰাৰ্থনা কৰিম তেওঁ যেন সাৰ পাই৷ বৰ লভলি কাপল আপোনালোক৷ দুয়োৰে মাজৰ প্ৰেম উপন্যাসত পঢ়াৰ দৰে৷ মনেৰে আপোনালোক দুয়োৰে মিলন কামনা কৰিছো৷ তেওঁ কেৱল দুটা নামেই ওঁঠত লৈ আছিল৷ নিৰ্ভয় নিশ্চয় আপোনালোকৰ সন্তানৰ নাম?

ডাক্তৰৰ কথাই মোক কি দিলে সেই কথা ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি৷ মই মাথোন তেওঁক মূৰ দুপিয়াই সন্মতি জনাই কোলাৰ নিৰ্ভয়ক চিনাকি কৰি দিলো৷ ডাক্তৰে মৰমেৰে তাৰ গালত হাত ফুৰাই আকৌ ক’লে

- বৰ মৰম লগা ল’ৰা দেই৷ কি নাম তোমাৰ?

- নিৰ্ভয় শইকীয়া৷

- মাক চাব মন গৈছে?

- মা শুই৷ মা বেমাৰ৷ ভাল হ’ব?

ডাক্তৰে নিৰ্ভয়ক মিচিকিয়া দেখুৱালে৷ তেওঁ তাৰ পৰা চকু মোৰ ওপৰত থৈ ক’লে

- নক্ষত্ৰাক পুনৰ কেবিনলৈ চিফ্ট কৰাই দিয়া হৈছে৷ আধাঘণ্টাৰ পাচত আপুনি তাতে লগ পাব তেওঁক৷ কিন্তু এটা কথাত ধ্যান দিব যে তেওঁৰ ওচৰত বেছি ভিৰ নহয় যাতে৷ নক্ষত্ৰা বৰ্তমানো বিপদ মুক্ত নহয়৷

নক্ষত্ৰা পুনৰ শুই পৰা সংবাদে মোৰ হৃদয় থান বান কৰি দিলে৷ কেবিনলৈ চিফ্ট কৰাৰ পাচত সকলোৱে এবাৰ এবাৰকে তাইক চাবলৈ সোমাল৷ তাইৰ কোনো সাৰ সুৰ নাই৷ অবশেষত সকলোকে ঘৰলৈ পঠিয়াই মই লাহে লাহে নক্ষত্ৰাৰ কোঠালৈ সোমাই আহিলো৷ গতিহীন তাইৰ শৰীৰলৈ মই কিছু পৰ চাই ৰলো৷ লাহে লাহে মোৰ সোঁহাত তাইৰ মূৰত বুলাই দিলো৷ তাইৰ কোনো হাৰ-সুৰ নাই৷ মই তাইৰ বিচনাৰ কাষৰ চকীখনত বহি তাইলৈ চাই ৰলো৷ তাইৰ অৱস্থা দেখি মোৰ বুকুখন খুচি খুচি বিষাবলৈ ধৰিলে৷ চকু তাইৰ ওপৰত থৈ স্বৰ্গোক্তিৰ দৰে কৈ গলো

- নক্ষত্ৰা৷ তুমি নথকাৰ বাবে বুকুখন ইমান খালি খালি কিয়? পইচা, কামেই মোৰ জীৱন হৈ পৰিছিল৷ এতিয়া যেতিয়া মই ইমান সফল তথাপি মই সুখী কিয় নহয়? তোমাক বুজি নাপালোঁ৷ বৰ আচৰিত প্ৰাণী মই৷ তোমাৰ কাষত থাকিও বুজি নাপালোঁ তোমালৈ মোৰ হৃদয়ত প্ৰেম কিমান আছে! আজি সচাঁ কও শুনা৷

মই চকীৰ পৰা উঠি আহি তাইৰ বিচনাৰে এটা কাষত বহি তাইৰ যথৰ হাতখন মোৰ হাতৰ মাজত সোমোৱাই ললো৷ বন্ধ তাইৰ চকুকেইটালৈ চাই থাকি মই হাঁহাকাৰ কৰি উঠিলো৷ মোৰ মনৰ অসহ্যবোৰ লাহে লাহে কৈ গলো

- মই জীয়াই থকাৰ কাৰণ তুমি৷ মোৰ সকলোবোৰ তুমি৷ কেৱল তুমি৷ চকু খোলা৷ মোৰ ভগ্ন হিয়াখন এবাৰ চোৱা৷ উঠা৷ নক্ষত্ৰা প্লিজ উঠা৷

জোৰ কৰি ৰখাই থোৱা চকুলো অবাধ্য হৈ টপ টপ কৈ বাগৰি পৰিল৷ মোৰ হাতৰ মুঠিৰ মাজত তাইৰ হাতখন হঠাতে লৰচৰ কৰি উঠিল৷

উদয়াচল - তাইক লক্ষ্য কৰাই নহ'লWhere stories live. Discover now