৪২

53 4 3
                                    

Follow me please🙏

নক্ষত্রাৰ স্বগতোক্তি

মান-অভিমান, খং- ৰাগ, অহংকাৰ। মৃত্যুৰ আগত সকলো অৰ্থহীন। প্ৰেম-ভাল পোৱা, পোৱা-নোপোৱা সকলো নিষ্প্রভ। সময়ৰ পাছত দৌৰি সময়ৰে নাটনি। বহু ক'বলৈ আছে আপোনাক। উদয়চাৰ মোৰ ইগ'ৰ বাবেই একো জানিবলৈ নিদিলো আপোনাক। কিয় যে ইমান অভিমান কৰিলো। এতিয়া কোৱাৰ উপায় নাই। ক'ব বিচাৰিও একো ক'ব পৰা নাই।

আপোনাৰ চকুত কি দেখিছো? এই চকুযুৰীত খং, অভিমান, ঘ্ৰিণা নাই। আছে কেৱল মৰম। ভয়। মোক হেৰুৱাৰ ভয়। আপুনি মোক আকুৱালি ধৰিছে। কোলাত তুলি দৌৰিছে। মোক নেহেৰুৱাবলৈ হাঁহাকাৰ কৰিছে। এতিয়া? যেতিয়া মই ঘূৰি আহিব নোৱাৰো!

ট্ৰেচাৰে মোক লৈ গৈ আছে। আপোনাৰ প্ৰতিটো স্মৃতি জীপাল হৈ মোৰ চকুত ভাঁহি আহিছে।

সেইদিনা, যিদিন আপোনাৰ গাড়ীয়ে মোক আঘাত কৰিছিল। সেইদিনাই মই আপোনাক চিনি পাইছিলো। কিন্তু মোৰ অহং ভাবে বাধা দিলে মোক পৰিচয় দিবলৈ। কাৰণ আপুনি মোক পাহৰি গৈছিল। নতুবা আপুনি চুটি কাপোৰৰ আঁৰৰ মোৰ দেহটোহে চিনিছিল। সেয়ে ডাঙৰ চশমা আৰু ডাঙৰ কাপোৰে আবৃত মই জনীক পাহৰি গৈছিল। মোৰ অভিমানো হৈছিল। সেই অভিমানতে আপোনাক নিজৰ সন্তানৰ পৰা আঁতৰাই থ'লো। কিন্তু এতিয়াহে ভাবিছো । মই ডাঙৰ অপৰাধ কৰিলো। আপোনাক কৈ থৈ নগ'লো। যদি মোৰ কিবা হৈ যায় তেন্তে তাৰ কি হ'ব? মোৰ শেষ আশা নিৰ্ভয়ক আপুনি পিতৃৰ পৰিচয়েৰে আকুৱালি ধৰি আৰু এজন মানুহ কৰক। কিন্তু তাকে ক'বলৈ পৰা নাই মই। মই কৈছো, চিঞৰিছো কিন্তু আপুনি শুনা নাই।

যিদিনা নিৰ্ভয় হঠাৎ ঢলি পৰিছিল। সেইদিনা মোৰো আকাশ খহি পৰিছিল। তাক হস্পিটেললৈ অনা হৈছিল। তাৰ ব্ৰেইন টিউমাৰ ডাইগনচিচ্ হৈছিল। টিমেণ্টৰ বাবে ৬ লাখ টকা ডাক্তৰে দাবি কৰিছিল। মোৰ ভৰিৰ তলৰ মাটি নোহোৱা হৈছিল। ইমান টকা? কেনেকৈ পাম! সেইদিনা অচিম চাৰৰ মাককো ইয়াত ভৰ্তি কৰাইছিল। তেখেতে নিৰ্ভয়ক লগ পাব না লাগিছিল কিন্তু পাইছিল। তাক দেখি তেখেতে নিজেই হোটেল ইঞ্চিদেণ্টটোৰ কথা উল্লেখ কৰিছিল। তেতিয়া প্ৰথম বাৰ অনুভব কৰিছিলো তিনি বছৰে মই বুকুত বান্ধী ৰখা বিৰহে আপোনাকো আমনি কৰিছিল। মোৰ অহংকাৰে তেতিয়াও তল পৰিবলৈ দিয়া নাছিল। সেয়ে আপোনাক নিৰ্ভয়ৰ কথা চিধা কৈ দিব পৰা নাছিলো। অচিম চাৰে মোৰ মনৰ দশা বুজি উঠিছিল। নিৰ্ভয়ৰ কথা আপোনাক নক'বলৈ তেখেতক মই অনুৰোধ কৰিছিলো। মই কথা দিছিলো নিজেই সকলো আপোনাক কম বুলি। সেয়ে সেইদিনা পাৰ্লাৰত আপোনাৰ সন্মুখত সেইদৰে মই থিয় হৈছিলো। আপোনাক মনত পেলাই দিবলৈ তিনিবছৰ আগৰ ঘটনাটো। কিন্তু সেইদিনা আপোনাৰ কি যে হ'ল। আপোনাৰ পাশবিকতাই মোক আতংকিত কৰি থৈ গ'ল। আপোনাৰ সেই ৰূপ মোৰ অপৰিচিত। মই বৰ ভয় খাইছিলো। সেই ভয়ে সেইদিনা আৰু তাৰ পাচৰ দিনবোৰৰ মোৰ মুখত তলা লগাই দিছিল। ক'ব বিচাৰিও ক'ব পৰা নাছিলো।

উদয়াচল - তাইক লক্ষ্য কৰাই নহ'লWhere stories live. Discover now