Hi wattpaders.
Thanks for ur support.
Happy reading.মেচেজ অপেন কৰোঁ নকৰোঁ কৈ উদয়ে প্ৰথম মেচেজটো পঢ়ি পেলালে৷
-Hi, তিতাকেৰেলা। নক্ষত্ৰা here। নামটো সুধিবলৈ নহ’ল sorry. সেই বাবে নিজেই নাম এটা দি ল’লো। ভাল লাগিছে নিশ্চয়৷ আপোনাৰ লগত মেচ কৰে😊
মিচেজটো পঢ়ি সি অস্বস্তি পালে তথাপি এটা এটাকৈ গোটেই চাৰিটা মেচেজ পঢ়ি সি আচৰিত।
-আপুনি দিয়া সুবাদটোৰ বাবে আজি মইও অলপ তিতা হ’লো। ক্ষমা কৰিব। নিজৰ মাক অলপ সময় দিব।
-উপদেশ দিয়াৰ বাবে বেয়া নাপাব। আপুনি উল্লেখ কৰা সময়টো নিশ্চয় টকা বা আয়ৰ লগত জড়িত। টকা আৰ্ণ কৰিবলৈ বহু সময় পাব। কিন্তু আপোনবোৰৰ মৰমবোৰ তেখেত সকল থকাৰ লৈকেহে। মোৰ ৰুল আপোন কোনোবা আঁতৰি যোৱাৰ পাচত হেৰুৱাৰ বেদনা অনুভৱ কৰি দুখ কৰি থকাতকৈ জীয়াই থাকোতেই নিজৰ কৰ্তব্য কৰি যাব লাগে।
-আপোনাৰ মাক দেখি মোৰ এনে লাগিল তেওঁ যেন বৰ নিৰাশ। অকলশৰীয়া। অলপ যত্ন ল’ব। অচিনাকি হৈও উপদেশ দি থকাৰ বাবে আপোনাৰ খং উঠিছে? মোৰ মা নাই৷ সেয়ে মাৰ অভাৱ কি বুজোঁ৷ মা যাৰেই নহওক কিয় আঘাত পালে মোৰ সহ্য নহয়৷ সেয়ে উপদেশ বোৰ দিলো৷ আশা কৰিলো আৰ্হি কৰিব৷ বাই
পঢ়ি শেষ কৰি সি মাকলৈ চাই সেমেকা হাঁহি এটা মাৰি মেচেজ কিটা দেখুৱাই মাকক সুধিলে
-তুমি সচাঁকৈ
-নিৰাশ!
মাকে তাৰ প্ৰশ্ন শেষ হ’বলৈ দিয়াৰ আগতেই মিঠা হাঁহি এটা মাৰি কৈ গ’ল
-নহয়। মাজে মাজে কেতিয়াবা বৰ অকলশৰীয়া লাগে। কিবা কিবি বহুত ভয় লাগে৷ প্ৰায় মোৰ এনে লাগে যে মই এইমাত্ৰই মৰি যাম৷ তহঁত কাষত নাথাকোতে মৰিবলৈ বহুত ভয় লাগে৷ তোৰ সময় নাই! তনয়ৰ খবৰ নাই। তহঁতৰ এই পৰিবৰ্তবোৰ দেখি চিন্তা হয়। তনয়ে তাৰ কথাবোৰ প্ৰকাশটো কৰে। সি কিয় আঁতৰি গৈছে মোক জনাইছে কিন্তু তই কিয় এনে হৈ গ’লি? মই বুজি নাপাও। তই কৰোবাক মনে ভাল পাইছিলিনি? কৌশিক আৰু জীয়াৰ নিকটবৰ্ত্তীতাই তোক বেছি ৰুক্ষ কৰিলে যেন মোৰ লাগে৷ তই জীয়াক পচন্দ কৰিছিলি ন’?

YOU ARE READING
উদয়াচল - তাইক লক্ষ্য কৰাই নহ'ল
FanfictionWell established publisher Uday Saikia. His heart is broken by untold love . It made him rude and harsh. He would take a long 3 years to overcome from his 1st love Ziya. This strory is begins when Successful business man meet Nakshatra, a shy, nerd...