৩২

25 4 1
                                    

Please follow me🙏🙏🙏

উদয়ৰ দৃষ্টিকোণ

আচলে নিচিক সন্মুখত দেখি লৰালৰিকৈ মাটিত পৰি ৰোৱাৰ পৰা থিয় হৈ সংযত হ'বলৈ চেষ্টা কৰিলে। তাই জোৰ কৰি কৃত্রিম হাঁহি এটা ওঁঠলৈ আনি নিচিক সম্ভাষণ জনালে। এইবাৰ নিচি কিন্তু যথেষ্ট গম্ভীৰ হৈ আছে। আচলে কৈফিয়তৰ সুৰত কবলৈ বিচৰা কথাক বাধা দি নিচিয়ে ক'লে

- তুমি অলপ বাহিৰত অপেক্ষা কৰা। মই গৈ আছো।

আচলে নিচিৰ উগ্র ৰূপ দেখি সংকিত হৈ পৰিল। তাই ভয়ে ভয়ে ক'লে

- I m sorry mam. মই

- তুমি বাহিৰত ৰোৱা মই কথা পাতি আছো।

এইবাৰ আচলে মোলৈ চাই ক'বলৈ ধৰিলে

- চাৰ মোৰ দেউতা অসুখীয়া। ঘৰত উপাৰ্জন কৰা মানুহ কেৱল মই। প্লিজ চাৰ

- তোমাৰ যদি ইমান অসুবিধাই আছে তেন্তে তুমি কামত গুৰুত্ব দিব লাগে।

- নহয় মানে চাৰ মই আপোনাৰ লগত কাম কৰিব বিচাৰো

- তেন্তে কাম ক'ত?

- Sorry sir. Next time এনে নহয়।

নিচি আৰু আচলৰ কথোপকথন মই নীৰবে উপভোগ কৰি ৰ'লো। নিচি দিয়া উত্তৰক অবজ্ঞা কৰি আচলে কথাবোৰ মোক বুজাব চেষ্টা কৰি থাকিল। ধয্য বা সহ্যৰ এটা সীমা থাকে। দুয়োটা সীমা আচলে পাৰ কৰাৰ বাবে নিচিয়ে তাইলৈ চাই খঙত চিঞৰি ক'লে

- চোৱা আচল। ইণ্টাৰ্ভিউট পোৱা তোমাৰ যোগ্যতাৰ আধাৰত তোমাক চাকৰিটো দিয়া হৈছিল। আমি আশা কৰিছিলো তুমি তোমাৰ ইন্টেলেকচুয়ালিটি কৰ্মৰে প্ৰমাণ কৰিবা। মই ভাবিছিলো
তুমি এজনী হাৰ্ড ৱৰ্কিং মহিলা। কিন্তু তুমি কৰ্মৰ পৰিবৰ্তে কাম বিদ্যাৰ আশ্রয় ল'ব বিচাৰিলে। যিটো আমাৰ অফিচত অবৈধ। উদয়ে তাৰ বয়সৰ এই ৩০ বছৰ পৰ্যন্ত কোনো ছোৱালীক চকু তুলি চোৱা নাই। সি তোমাৰ কামনাৰ বলী হৈ সহ্য কৰিব বুলি ভবা স্পৰ্ধা তুমি কেনেকৈ কৰিলা? এই অফিচত প্ৰায় ২০০ জন কৰ্মচাৰীয়ে কাম কৰে। কোনেও কোনোদিন উদয়ক মোৰ তুলি চাই পোৱা নাই। তুমি তাক আজি লগ পায়েই তুমি ক'বলৈ সাহস ক'ত পালা? উদয়ৰ ডিচনেৰিত মিসটেক শব্দটি বিচাৰি পোৱা নাযায়। তুমি এটা নহয় দুটা নহয় তিনিটা ভুল কৰিলা। তোমাক কেৱল মোৰ বাবে সহ্য কৰি আছে। কিন্তু তুমি মোক বৰ নিৰাশ কৰিলা। মোৰ ৰুমত মোলৈ অপেক্ষা কৰা মই গৈ আছো।

উদয়াচল - তাইক লক্ষ্য কৰাই নহ'লWhere stories live. Discover now