Please follow me 🙏🙏
নক্ষত্রাৰ দৃষ্টিকোণ
মোৰ বাবে হস্পিটেলত এটা হুলস্থুলিয়া পৰিবেশৰ সৃষ্টি হোৱা যেন মোৰ অনুভৱ হল। নাৰ্চ ডাক্তৰৰ অহা যোৱা। মই মোৰ ঘৰৰ মানুহক চাব বিচাৰিছো কিন্তু তেখেতসকলে চাজাদকো মোৰ পৰা আঁতৰাই নিলে। মই শৰীৰৰ অংগবোৰ লৰচৰ কৰিবলৈ চেষ্টা কৰিছো কিন্তু এটা দুটা আঙুলিৰ বাহিৰে একো নলৰে। গাত কিবা অসংখ্য বিষ আৰু খজতি অনুভৱ কৰিছো। মোৰ শৰীৰৰ লগত লাগি থকা ভেন্টিলেটৰ চিচটেমটোত নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে একোটা শব্দ কৰি তৰঙ্গ কিছুমান পাৰ হৈ আছে। কাৰোবাৰ অপেক্ষাত মোৰ চকু দুৱাৰত আঠা লাগি আছে। অপেক্ষাৰ এটা এটা ক্ষণ এটা এটা যুগ যেন অনুভৱ হৈছে।
কোঠাৰ চাৰিওফালে চকু ঘূৰাই মই সময়ৰ জ্ঞান লবলৈ চেষ্টা কৰিলো। কিমান সময় বাৰু মই সংজ্ঞাহীন হৈ আছিলো জানিবলৈ ইফালে সিফালে চাবলৈ চেষ্টা কৰিলো। বেৰৰ এখন কেলেণ্ডাৰত চকু পৰিল কিন্তু মোৰ দৃষ্টি অস্পষ্ট। কেৱল ডাঙৰকৈ লিখা চনটোহে দেখিলো। কি আচৰিত ! দুবছৰৰ পাচৰ কেলেণ্ডাৰ এখন কিয় বেৰত ওলমি আছে? কি হৈছে মোৰ! বহু সময় শুই দিয়াৰ বাবে চাগে মোৰ মগজুৱে সঠিক কাম কৰা নাই।
চিন্তা বোৰে পাক ঘূৰণি খাই থাকোতেই দুৱাৰ ঠেলি উত্তেজিত খোজেৰে মহিলা এগৰাকী সোমাই আহিল। কি হৈছে মোৰ! মহিলা গৰাকীৰ খোজ, কথা, হাঁহি সকলো চাহেদাবাৰ দৰে কিন্তু কিবা এটা বেলেগ। অলপ শকত। তেওঁ আনন্দত আত্মহাৰা হৈ মোক কিবা কৈ আছে কিন্তু মোৰ কাণত একো পৰা নাই। তেওঁৰ লগত থকা ব্যক্তি জনক স্মৃতিৰ পাতত বিচাৰি অচিমদাৰ দৰে লাগিছে। কিন্তু তেওঁৰো ইমান পৰিবৰ্তন! চাজাদ! চাজাদলৈ মনত পেলালো। অ সিও দেখুন দেখিবলৈ অলপ বেলেগ হল! কিমান সময় মই শুই আছিলো! এদিন! না না! এদিন মানুহৰ ইমান পৰিবৰ্তন হব নোৱাৰে তেন্তে!
মোৰ চিন্তাক আওল লগাই ফাতেমা কৰাবাৰ পৰা দৌৰি আহি মোক আকোঁৱালি ধৰিলে। তাইক সাৱটি চেষ্টা হে কৰিলো কিন্তু লৰচৰ কৰিব নোৱাৰিলো। নিজকে বৰ দুৰ্বল লাগিছে। মোৰ চাৱনিত কিবা আসুৱাস দেখি ফাতেমা সুধিলে
- কি হল সৰুবা? কিবা পৰিবৰ্তন দেখিছা?
মই কথা কবলৈ চেষ্টা কৰিলো। লেবা লেবকৈ শব্দবোৰ মোৰ কণ্ঠৰ বাহিৰ হল
- বহুত। তুমি ডাঙৰ হৈ গলা। কিমান সময়?
- কিমান সময় তুমি কমাত আছিলা সুধিছা?
কথা কবলৈ বৰ কষ্ট হৈছে। সেইবাবে তাইৰ প্ৰশ্নৰ মই মূৰ দুপিয়াই সমৰ্থন কৰিবলৈ চেষ্টা কৰিলো। কিন্তু কেৱল চকুৰ পতা কেইটাহে লৰিল। তাই বুজি পাই কলে
- দুবছৰ, পাঁচ মাহ।
তাইৰ কথা শুনি মোৰ চকু বহল কৈ মেল খাই গ'ল। দুবছৰ, পাঁচ মাহ! নিৰ্ভয়! মোৰ মনলৈ এখন ছবিয়েই অহা যোৱা কৰিবলৈ ধৰিলে। মোৰ শৰীৰত লাগি থকা হস্পিটেলৰ সা-সৰঞ্জামবোৰে ঘনাই শব্দ কৰিবলৈ ধৰিলে। চকুৰে মই শূন্য দেখিবলৈ ললো। মুখেৰে এটা শব্দই বাহিৰ হল
- নিৰ্ভয়। নিৰ্ভয়। সি কত?
কাণেৰে চিঞৰ-বাখৰ, আৰ্তনাদ শুনিলো। ক্ৰন্দনৰ কণ্ঠেৰে মোৰ নাম চিঞৰা শুনিবলৈ পালো। লাহে লাহে মোৰ চকুৰ পতা বন্ধ হৈ পৰিল।
Thank you so much for reading. I hope you enjoyed and don't forget to vote commant. Tell your friends about this book as well and make sure to check out my other works as well.
I am sorry for misspelled words and mistakes.
YOU ARE READING
উদয়াচল - তাইক লক্ষ্য কৰাই নহ'ল
Fiksi PenggemarWell established publisher Uday Saikia. His heart is broken by untold love . It made him rude and harsh. He would take a long 3 years to overcome from his 1st love Ziya. This strory is begins when Successful business man meet Nakshatra, a shy, nerd...