Hello
Thanks for support.
Please don't forget to follow me.নক্ষত্ৰাৰ দৃষ্টিকোণ
আজি চাহেদা বাক চাবলৈ ল’ৰা আহিব। ল’ৰা এন আৰ আই। ফাতেমাৰ আনন্দৰ সীমা নাই। তাই লগৰবোৰক দেখুৱাব পাৰিব যে তাইৰ ভিনিয়েক এন আৰ আই। মই আৰু ফাতেমাই চাহেদাক ওলোৱাত সহায় কৰি দিছো। আলহী আগবেলাতো আহিব। এনেতে মামী আহি মোক মাতি নিলে পাকঘৰৰ কিবা সহায় কৰি দিবলৈ। পাকঘৰত ভৰি দিয়ে মামীয়ে মোক চকী এখনত বহিবলৈ দি ক’লে
- চা নাজ। চাহেদা, বাপেক নোহোৱা ছোৱালী। আজিৰ দিনত মই একো প্ৰব্লেম বিচৰা নাই। বিদেশত থকা ল’ৰা। বিচাৰ ভাল। সেয়ে মই ভাবো তই সোনকালে ঘৰৰ পৰা কামলৈ যা
- মানে?
- তই মুৰ্খ নহয়। মই কি কৈছ বুজি পাইছ নিশ্চয়?
অবুজ চাৱনিৰে মই মামীলৈ চাই ৰ’লো। মামীয়ে কি ক’ব বিচাৰিছে মই সচাঁই বুজিব পৰা নাই। মই এনেও ৮.৩০ৰ আগত ঘৰৰ পৰা যাবই লাগিব। তথাপি মামীয়ে কি কৈ আছে! তাকে ভাবি থাকোতে তেখেতে পুনৰ সুধিলে
- তই পইচাৰ যোগাৰ কৰিব পাৰিম কৈছিলি। হ’ল নে?
তেখেতৰ কথাত মই সন্মতিৰে মূৰ দুপিয়োৱাৰ পাচত তেখেতে হাত পাতি পইচাটো বিচাৰিলে। মই ৰুমত আছে বুলি ক’লত তেখেতে পুনৰ মৰমৰ সুৰত মোক ক’লে
- তই চাহেদাতকৈ ধুনীয়া। বিদেশত থকা ল’ৰা। সৰু ডাঙৰ বাচ বিচাৰ কৰিব নাজানে। হিন্দু মুছলীম এইবোৰ কথাও ভাবি নাথাকে। কিন্তু তাৰ মাকে ভাবিব। ভাবিও লাভ নহ’ব। সেয়ে কৈছো তই সোনকালে ওলাই যাবি। বুজিলি ?
মামীৰ কথাত মোৰ মূৰত কোনোবাই জোৰেৰে হাতুৰিৰে কোব মৰাৰ দৰে অনুভৱ কৰিলো। মোৰ মুখৰ মাত হেৰাই গ’ল। তেখেতক বুজোৱাৰ সামৰ্থতা মোৰ কোনোদিনেই নহ’ল। সেয়ে মই সন্মতিৰে মূৰ দুপিয়াই ৰুমলৈ বুলি থিয় হ’লো। এনেতে তেখেতে পুনৰ কোৱা শুনিবলৈ পালো৷ কোৱা ঠিক নহয় ভুৰভুৰুৱা মোৰ কাণত পৰিল। তেখেতে মই নুশুনাকৈ ক’বলৈ চেষ্টা কৰিছিল কিন্তু মোৰ কাণত পৰিল
- ল’ৰাই তোক পচন্দ কৰিলে তোৰ গেলা বদনাম সোপাৰ বাবে মোৰ ছোৱালীৰ বিয়ালৈ পিছতো অসুবিধা হৈ থাকিব। কি যে কলঙ্কবোৰক মোৰ ডিঙিত ওলমাই এই মানুহটো গুচি গ’ল। এতিয়া সকলো অকলে অকলে ভুগিব লগা হৈছে মই। কি যে পাপ কৰিছিলো। এইবোৰ দিন চাব লগা হৈছে।
YOU ARE READING
উদয়াচল - তাইক লক্ষ্য কৰাই নহ'ল
ФанфикWell established publisher Uday Saikia. His heart is broken by untold love . It made him rude and harsh. He would take a long 3 years to overcome from his 1st love Ziya. This strory is begins when Successful business man meet Nakshatra, a shy, nerd...