৩৩

26 4 2
                                    

Please follow me🙏🙏🙏

উদয়ৰ দৃষ্টিকোণ

মোবাইলটোৰ ফ্লেচট জিলিকি উঠা নামটো দেখি মই সম্বিত হ'লো। ঘড়িটোত চকু দি বুজিলো তাই নিশ্চয়ই আমনি পাইছে। নাপাবই বা কিয়! দুঘণ্টা সময় বাচ আস্থানত  ৰৈ থকাটো আমনিদায়কেই। কিন্তু মই তাইৰ বচ হয়। মোৰ বাবে অপেক্ষা কৰি তাই আমনি পালে হ'ব নেকি! নহ'ব নহয়! মোৰ দুঘণ্টাও লাগিব পাৰে বা তাতকৈ বেছিও লাগিব পাৰে। তাই ৰ'বই লাগিব। তাই মোৰ আদেশ মানিবই লাগিব। তাই মোক ক্ৰেডিট কাৰ্ডখন এতিয়াও ঘূৰাই দিয়া নাই। আজিও ব্যবহাৰ কৰিয়েই আছে। তাই ৬ লাখহে বিচাৰিছিল কিন্তু তাতকৈ অধিক উলিয়ালে। তাই মোৰ ওচৰত ধাৰুৱা। মোৰ যি মন যায় সেই আদেশেই তাইক মই দিব পাৰোঁ। আৰ্গু কৰিবলৈ তাইৰ অধিকাৰ নাই। তাকে ভাবি মই ফোনটো ৰিচিভ কৰিলো

- হেল্ল' চাৰ

- এম্প্লয়াৰ কোন? মই নে তুমি? ৰৈ থাকিবলৈ দিছো। দুঘণ্টা ও ৰৈ দিবলৈ ধৈর্য নাই নেকি তোমাৰ?

খঙত কথাটো কৈ মই ফোনটোৰ সংযোগ বিচ্ছিন্ন কৰি দিলো। তাৰ পাচত প্ৰায় একেটা উশাহতে মই গাড়ীৰ কাষ পালোহি। তাইক তেনেকৈ খং কৰি মনটো বেয়া লাগিল। কিন্তু কি কৰিম তাইৰ প্ৰতি বাঢ়ি অহা নিজৰ অনুভূতিবোৰক লোকোৱাবলৈকে মই সদায় তাইক খঙাল ব্যবহাৰ কৰি পাও। প্ৰায় ১৫ মিনিটত ট্ৰেফিক ফালি গনেশগুৰি বাচ আস্থানৰ আগত গাড়ী ৰখালোগৈ।

গাড়িৰ পেচেঞ্জাৰ চিটৰ খিৰিকীৰে মোৰ নীলা আচলৰ সন্ধানত বাচ আস্থানলৈ চকু নিক্ষেপ কৰিলো। বাচ আস্থানৰ ভিতৰৰ দৃশ্য দেখি নামি অহিব ধৰা মোৰ খঙতো ভমককৈ পুনৰ জ্বলি উঠিল। সেইদিনা কফিচপৰ বাহিৰত তাইক পিছফালৰ পৰা সাবতি ধৰা মানুহজনৰ লগত নক্ষত্রা। তাৰ লগত তাই কৰি আছে কি! সি একেবাৰে তাইৰ কাষত বহি আছে। তাৰ লগত বহি তাই হাঁহি হাঁহি কিবা কথাত মশগুল। তাইৰ সোঁ হাতখন তাৰ হাতৰ মাজত দেখি মোৰ অসহ্য লাগি আহিল। তাইক শাস্তি দিয়াৰ স্পৃহা জাগি আহিল। মোলৈ অপেক্ষাৰ এই দুটা ঘণ্টা তাই আমনি নহয় আনন্দ হে পালে। কথাটো ভাবি মই তাইক মোৰ উপস্থিতিৰ সম্ভেদ দিবলৈ জোৰে জোৰে তিনি কি চাৰিটা লেঠাৰি নিচিগাকৈ হৰণ বজালো। তাই উধাটো খাই মোৰ গাড়ীৰ কাষ পালেহি। মই তাইক একো ক'বলৈ বা কৰিবলৈ সুবিধা নিদি ভিতৰৰ পৰা পেচেন্জাৰ চিটৰ দুৱাৰ খুলি দিলো। তাই সাওলি মোক কিবা কোৱাৰ আগতেই মই ড্রাইভিং চিটৰ পৰা পেচেন্জাৰ চিটৰ ফালে আগুৱাই তাইৰ হাত এখনত ধৰি ভিতৰলৈ টানি বহুৱাই তাই দুৱাৰ বন্ধ কৰালৈ বাট নোচোৱাকৈ গাড়ীৰ এক্সেলেটৰ এৰি দিলো। কিছু সময়তে তাই সংযত হৈ দুৱাৰ খন বন্ধ কৰি চিটটোত বহি ল'লে। নীৰৱে চিট বেল্ট লগাই মোলৈ প্ৰশ্ন বোধক চাৱনিৰে চালে। মই তাইক অবজ্ঞা কৰি সন্মুখৰ বাটত চকু নিবন্ধ কৰি থ'লো।

নক্ষত্ৰা মানে মোৰ নীলা আচল। তাইৰ কি যে এক আকৰ্ষণ আছে। তাইৰ শান্ত, নিৰ্জ্জু, অমায়িক স্বভাব আৰু তাইৰ মিঠা হাঁহিটিয়ে মোক তাইৰ কাষলৈ আৰু কাষলৈ টানি লৈ যায়। তাইৰ এই নিকটতাই মোক দুৰ্বল কৰি তুলে। মনলৈ তাইক পোৱাৰ, তাইৰ চোৱাৰ ইচ্ছা বাঢ়ি আহে।

আজি এই সময়ত আমাৰ ঘৰত কোনো নাই। মা তন্ময়ৰ ওচৰলৈ যোৱা দুসপ্তাহ মানেই হ'ল। মা আৰু এক সপ্তাহ মান তাতেই থাকিব চাগে। কিয়নো উৰ্ভাৰ ইউনিভার্সিটি খুলিবলৈ আৰু এক সপ্তাহৰ ওপৰ বাকি। মাহঁতে তন্ময়ক অলপ সহায় কৰি দিবলৈ গৈছে।।

হোটেল গ্ৰীনভিউত হ'ব লগা মোৰ দ্বিতীয় মিটিং ৰ বাবে প্ৰয়োজনীয় ফাইলটো ঘৰতে থাকি আহিল। সেই ফাইল আনিবৰ বাবে এতিয়া মই আচলক লৈ মোৰ খালি ঘৰলৈকে গৈ আছো। মই আৰু কেৱল আচল। কথাটো ভাবিয়ে মোৰ মনটো নাচি উঠিল। মই ক'ব নোৱাৰাকৈয়ে মোৰ বাওঁ হাতখন তাইৰ অভাৰচাইজ কাপোৰেৰে আবৃত্ত কৰঙনত থ'লো। মোৰ স্পৰ্শত তাই চক্ খাই উঠিল। কিন্তু মোক বাধা নিদিলে। দুষ্ট হাতখনে  স্পৰ্শ কৰিয়েই শান্ত হৈ নাথাকি পৰিভ্ৰমণ কৰিবলৈ ধৰিলে। তাই বেগটো খুচৰি উলিয়াই মোৰ ফালে কাগজ এখন আগবঢ়াই দিলে। তাইৰ কাৰ্য্যই মোৰ কামনাত ব্যাঘাত জন্মালে। ইতিমধ্যে মোৰ গাড়ী ঘৰৰ গেৰেজত সোমাল। বাওঁ হাতখনে তাইৰ কৰঙনৰ পৰা তুলি তাই দি থকা কাগজখন ল'লো। আগ- পাছ  নাভাবি কাগজখনৈ এবাৰো নোচেৱাকৈ কাগজ খন গাড়ীৰ ডেচবৰ্ডলৈ দলিয়াই দিলো। তাই মোৰ কাৰ্য্যৰ প্ৰত্যুত্তৰ দিবলৈ লওতে মই মোৰ চিট বেল্ট খুলি মোৰ ওঁঠে তাইৰ ওঁঠ সামৰি ধৰিলে। গেৰেজৰ অন্ধকাৰে মোক আৰু দুৰ্বল কৰি পেলালে। তাইৰ বাধাক নেওচি মোৰ হাতে তাইৰ শৰীৰৰ কোমল অংশ স্পৰ্শ কৰিলে। তাই হঠাৎ স্থবিৰ হৈ পৰিল। তাইৰ স্থিৰতাই মোক সংযম হ'বলৈ বাধ্য কৰিলে। মই নিজকে সংযত কৰি তাইৰ ওঁঠযোৰ এৰি চকুলৈ চালো। তাইৰ এখন হাত মোৰ বুকুত আৰু আনখন মোৰ কান্ধত থৈ মোক ঠেলি তাইৰ কাষৰ পৰা আঁতৰাবলৈ চেষ্টা কৰি আছে। কিন্তু তাইৰ মুখখন শান্ত। চকুকেইটা জপাই থোৱা। তাইৰ এই ৰূপে মোৰ কামনা আৰু বঢ়াই দিলে। মোৰ ওঁঠ তাইৰ কাণৰ কাষলৈ নি ক'লো

- তোমাৰ হিচাপ বাকি আছে। ব'লা ভিতৰলৈ।

Please vote, commant and share🙏🙏🙏

উদয়াচল - তাইক লক্ষ্য কৰাই নহ'লWhere stories live. Discover now