ফাতেমাৰ দৃষ্টিকোণ
সৰুবাৰ গাত লাগি থকা মেচিনবোৰে কোবত শব্দ কৰিবলৈ ধৰিলে। তৰংগ বোৰ চিগি যাবলৈ ধৰিলে। তাই লেবা লেবাকৈ কথা কৈ হঠাৎ দীঘল হৈ পৰিল। কাঠৰ দৰে ঠৰঙা আৰু কঠিন হৈ পৰিল। অচিম ভিনিদেৱে ডাক্তৰক বিচাৰি দৌৰ দিলে। চাজাদ দৌৰি কোঠালৈ সোমাই আহিল। মই সৰুবাক সাৱটি থাকি কঁপিবলৈ ধৰিলো। চাজাদে সৰুবাক মোৰ কোলাৰ পৰা বিচনাত শুৱাই মোক আকুৱালি ধৰিলে। মোক শুক এটাই খুন্দা মাৰি ধৰিলে। কি হল আকৌ সৰুবাৰ। মোৰ চকুৰ পৰা বাধাহীন অশ্রু নিগৰি আহিল। ডাক্তৰ আহি সোমালত চাজাদে মোক ধৰি কোঠাৰ বাহিৰলৈ লৈ আহিলে।
চাজাদে মোক কোঠাৰ সন্মুখৰ চকী এখনত বহুৱাই দি সি কাষতে বহি মোৰ হাতখন ধৰি থাকি মোক সাহস দিবলৈ চেষ্টা কৰিলে। দূৰপৰা উদয় ভিনদেউক আহি থকা দেখা পালো। এই দুবছৰত তেওঁৰ বহু পৰিবৰ্তন হৈছে। এনেও কামত ব্যস্ত থকা মানুহ আছিল তাতে সৰুবাৰ ঘটনাই তেওঁক আৰু বেছি workaholic কৰি পেলালে। দিনে ৰাতিয়ে কেৱল কাম আৰু কাম। এই দুটা বছৰত অসমৰ কেইবাখনো জিলাত তেখেতৰ চেটেলাইট চেনেল কেইটাৰ কেইবাটাও ব্ৰাঞ্চ অফিচ খুলিলে। কেইবাখনো চিনেমা বনালে। ৰেষ্টুৰেণ্ট ব্যৱসায়টো ভাল নাম কৰিছে। তেখেতৰ ভায়েকৰ ফাৰ্মকেইখনৰ কেচাঁ সামগ্ৰীবোৰৰ এক্সপৰ্টৰ বাবে খুলা কম্পেনিটোও এতিয়া বৃহৎ হৈ পৰিছে৷ তাৰ মদি তেওঁৱে৷ মুঠতে এটাৰ পাচত এটা কামত ব্যস্ত থাকে তেওঁ। কাম নাথাকিলেও ৰাতি নাই দিন নাই সৰুবাৰ কাষৰ চকীখনতে বহি থাকেহি। কাম থাকিলেও ৰাতিপুৱাৰ সৰুবাক ল’বলগীয়া যত্ন তেওঁ সদায় নিজেই লয়। বহু দিন মই তেওঁক নীৰৱে চকুলো টুকি থকা দেখিছো। সেই ব্যস্ততাৰ মাজতো তেওঁ সপ্তাহত এটা দিন নিৰ্ভয়ৰ বাবে ৰাখেই। সেই গোটেই দিন নিৰ্ভৰ লগত খেল, নাচ, গান, আউটি আদি বিভিন্ন কাৰ্য্যৰে নিৰ্ভয়ক সুখি কৰিবলৈ যত্ন কৰে। সেইদিনটো নিৰ্ভয়ক লগত পাৰ কৰি সি শুৱাৰ পাচত পুনৰ হস্পিটেলৰ সৰুবাৰ কাষত বহেহি। এই দুবছৰ পাঁচ মাহেই নিশাবোৰ তেওঁ হস্পিটেলৰ সৰুবাৰ কাষতে পাৰ কৰিছে।
সৰুবা অনিৰ্দিষ্ট কাললৈ কমাত যোৱাৰ কথা ডাক্তৰে জনোৱাৰ পাচতে উদয় ভিনিদেউৰ কথাত তাইক এই কেবিনলৈ অনা হল। মেচিনবোৰ সংযোগ কৰি দিয়া হল। তাই যেতিয়া কলাপচ হৈ পৰিছিল তেতিয়া তাই ক্রনিক লিম্ফোসাইটিক লিউকেমিয়া (CLL) ষ্টেজ ২ ৰ পেচেণ্ট আছিল। ষ্ট্ৰেচৰ বাবে তাইৰ ব্ৰেইনৰ মাল্টিপল অৰগেন নষ্ট হৈ গৈছিল। যদিও ডাক্তৰে তাই জীৱনৰ আশা কৰা নাই তথাপি উদয় ভিনিদেউয়ে হাৰ মনা নাই। সৰুবাক সুস্থ কৰিবলৈ তেওঁ যুঁজিয়ে আছে। কমাৰ বেডটো ডাক্তৰৰ দ্বাৰা লিউকেমিয়াৰ ট্ৰিটমেণ্ট কৰোৱাই আছে। তেওঁৰ প্ৰচেষ্টাৰ ফলতে চাগে সৰুবায়ে আজি চকু খুলিছিল।
YOU ARE READING
উদয়াচল - তাইক লক্ষ্য কৰাই নহ'ল
FanficWell established publisher Uday Saikia. His heart is broken by untold love . It made him rude and harsh. He would take a long 3 years to overcome from his 1st love Ziya. This strory is begins when Successful business man meet Nakshatra, a shy, nerd...