Follow me please if not yet
উদয়ৰ দৃষ্টিকোণ
মই এখন ফুলৰ দোকানলৈ সোমাই গ'লো। দোকানখনত বহি থকা ক্ষীণ মধ্য বয়সীয়া মহিলা গৰাকীয়ে মোক দেখা মাত্ৰে এটা উষ্ণ হাঁহি মাৰি মোক অভিনন্দন জনালে
- সুপ্ৰভাত উদয়।
- Good morning
তেখেতৰ হাঁহিৰ সমৰ্থন কৰি ওঁঠলৈ হাঁহি এটা অনাৰ প্ৰয়াস কৰি প্ৰত্যুত্তৰ দিলো। তেখেতৰ মাৰ নোযোৱা হাঁহিৰে পুনৰ সুধিলে
- কি দিম? সদায় দিয়াৰ দৰে নে?
মই সন্মতিৰে শলাগ ল'লো। তাৰ পিছত তেখেতে সজাই থকা ফুলৰ তোড়া লৈ চাই ৰ'লো।
- তুমি ভাল পোৱাৰ দৰে আৰু সদায়ৰ দৰেই মই নতুন আৰু বিশুদ্ধ ফুলেৰে তোড়াটো তৈয়াৰ কৰিছো। আশা কৰো তোমাৰ আজিৰ দিনটো নতুন কিবা হওক।
তেখেতে ফুলৰ তোড়াটো মোলৈ আগবঢ়াই কথাষাৰ ব্যক্ত কৰিলে। মই পইচাৰ লগতে মোৰ ভাল হাঁহি এটা তেওঁক বিনিময় দিবলৈ চেষ্টা কৰিলো কিন্তু বিফল হ'লো। দুবছৰে মই চেষ্টা কৰিও হাঁহিব পৰা নাই।
- ধন্যবাদ
অবশেষত এই শব্দটি উচ্চাৰণ কৰি নিজৰ গাড়ীত বহিলোহি।
- Today is the day.
মনত উচ্চাৰণ কৰিলো। এই চিনাকি শব্দ কেইটি মোৰ কাণত প্ৰতিধ্বনি তুলি হৃদয় আৰু মগজুলৈ বাগৰি যায় সদায় আৰু সদায়ে দুয়ো সন্দেহত থাকি যায়। সময় অপব্যয় নকৰি চিটৰ পৰা ফুলৰ তোড়াটো হাতলৈ তুলি ল'লো। মোৰ গন্তব্য স্থানলৈ বুলি গাড়ীৰ বাহিৰত ভৰি দিলো।
মই বিল্ডিং টোৰ এন্ট্ৰেঞ্চেৰে ভিতৰলৈ খোজ পেলালো। বিল্ডিং টোৰ ওপৰত উলমি থকা ফলক খনত বহল বহল আখৰেৰে লিখা আছে "চিটি হস্পিটেল" ।
মই এলিভেটৰত ভৰি দি ৬ মহলাৰ চুইচটোত আঙুলি থলো।
-Good morning sir.
এলিভেটৰৰ পৰা নামি মই আগবাঢ়ি গৈ থাকোতে কাউণ্টাৰৰ পিছফালে বহি থকা নাৰ্চগৰাকীয়ে এটা মিচিকিয়া হাঁহিৰে মোক সম্ভাষণ জনালে। মই উত্তৰত তেওঁলৈ চাই কোমল হাঁহিৰে ক'লো
-Good morning.
কথাষাৰ কৈ মই নিজ পথত ক্ৰমান্বয়ে আগবাঢ়িলো। ফ্লৰটোৰ উপস্থিত অন্যান্য ৰোগীসকল আৰু তেওঁলোকৰ ভিজিটৰসকললৈ বিশেষ মন নিদিয়াকৈ মই গৈ থাকিলো।
YOU ARE READING
উদয়াচল - তাইক লক্ষ্য কৰাই নহ'ল
FanficWell established publisher Uday Saikia. His heart is broken by untold love . It made him rude and harsh. He would take a long 3 years to overcome from his 1st love Ziya. This strory is begins when Successful business man meet Nakshatra, a shy, nerd...