65 7 0
                                    

#Thanks for reading.

ছোৱালীজনীৰ অদ্ভুৎ আচৰণত উদয়ে চকুকেইটা ঘোপা কৰি এপলক তাইলৈ চাই থাকিল৷ তাৰ পাচত পকেটৰ পৰা পাৰ্চটো উলিয়াই পাঁচশ টকা কেইখনমান দ্ৰাইভিং চিটৰ দুৱাৰেৰে ছোৱালীজনীলৈ আগবঢ়াই দি ক'লে

- চোৱা। মোৰ সচাঁকৈ দেৰি হৈছে৷ এইটো লোৱা আৰু নামা৷

- তেজ ওলাইছে৷ এই কেই খনেৰে কি কৰিম? কাগজেৰে কি হ'ব? আঘাতত দৰৱ দিব লাগিব৷ পইচা নহয়৷

তাইৰ কথাত উদয়ে বৰ অস্বস্তি অনুভৱ কৰিলে৷ তাতেই তাৰ প্ৰয়োজনীয় মিটিং খনলৈ দেৰি হ'ব ধৰিছে৷ সি তাৰ হাত ঘড়ীটোলৈ এবাৰ চাই সোঁহাতখন ঘুচা আকৃতি কৰি নিজৰ ওঁঠত লাহে লাহে দুবাৰমান মাৰি কিবা এটা চিন্তা কৰিলে৷ লাহেকৈ পকেটৰ পৰা গাড়ীৰ চাবি পাত উলিয়াই গাড়ীৰ দ'ৰ লকটো খুলিলে৷ তাৰ পাচত পেচেঞ্জাৰ চিটৰ দুৱাৰৰ ফালে খুজ দিলে৷ এটাক্ষণো নোৰোৱাকৈ পেচেঞ্জাৰ চিটৰ দুৱাখন টানি খুলি হাতৰ ইংগিতেৰে ছোৱালীজনীক বাহিৰলৈ ওলোৱাৰ বাট দেখুৱাই দিলে৷ ছোৱালীজনীয়ে তাক গুৰুত্ব নিদি বহি থাকিল৷ উদয়ে পুনৰ পকেটৰ পৰা পাৰ্চটো উলিয়ালে৷ তাই চিট বেল্টডাল বিচাৰিলে৷ উদয়ে আৰু দুখনমান পাঁচশ টকা যুগ কৰি ছোৱালীজনীলৈ আগবঢ়াই দি ক'লে

- Money is time & time in money. তুমি সময়ৰ মূল্য নুবুজিবা। তোমাৰ আগত টোকাৰী বজাই লাভ নাই৷ তোমাক এইটোৱে লাগে নহয়! লোৱা আৰু অট এখন লৈ যোৱা।

তাই উদয়ক একো ৰেস্পণ্ড নিদি সন্মুখলৈ চাই বহি থাকিল। উদয়ে পাৰ্চৰ পৰা আৰু কেইখনমান পাঁচশ টকা যুগ দি পুনৰ তাইলৈ আগবঢ়াই দিলে। এইবাৰ তাই আগতকৈও বেছি খঙত তালৈ চাই ক'লে

- নালাগে৷ এইবোৰ মোক নালাগে৷ পইচাই সকলো নি? সময় আপোনাৰ কিনা গোলাম নি? আপোনাৰ ওচৰত সময় নাই? আপোনাৰ কেঞ্চাৰ হৈছে! মৃত্যুলৈ দিন নাই! সেয়ে দৌৰিছে। সেয়ে আবেগক তলা লগাই থৈছে? মোক ডাক্তৰক নেদেখোৱালৈ মই নানামো আৰু আপোনাকো এৰি নিদিওঁ৷ বুজিলে৷ এতিয়া গাড়ীত উঠক আৰু মোক ওচৰৰ কোনোবা হস্পিটেললৈ লৈ বলক৷

তাই বহি থকাৰ পৰাই মূৰ তোলি উদয়লৈ খঙত চালে৷ এখন হাতে চিট বেল্টডাল টানি লগাই লৈ পুনৰ কৈ গ'ল

উদয়াচল - তাইক লক্ষ্য কৰাই নহ'লWhere stories live. Discover now