৩৭

25 2 4
                                    

Follow me please🙏🙏🙏

উদয়ৰ দৃষ্টিকোণ

ফোনটো পকেটত  ভৰাই লৈ ১৮০ স্পিডত গাড়ী এৰি দিলো। এয়াৰপৰ্টৰ এন্ট্ৰেঞ্চত ভৰি দি ঘড়ীটো পৰীক্ষা কৰিলো। ৭ঃ৪০। মই ইফালে সিফালে মাক ২ মিনিট মান বিচৰাৰ পাচত প্লাবনৰ সৈতে দেখা পালে। তেখেতে প্লাবনৰ পৰা বিদায় লৈ ভিতৰলৈ খোজ দিবলৈ লওতেই মই পিছফালৰ পৰা তেওঁক সাবতি ললো। মায়ে মোৰ স্পৰ্শক অনুভব কৰিব পাৰিলে। তেওঁ কিছু ক্ষণ অভিমান কৰি নিস্তব্ধ হৈ ৰ'ল। তাৰ পাচত সোঁহাতেৰে নকল খং দেখুৱাই মোক কাণ চেঁপা দি সন্মুখলৈ টানি আনি ক'লে

- সময় পালা?

- Sorry মা। কিয় যে মই পাহৰি গেছিলো!

- একো নাই। কেতিয়াবা এনে হয়। যেতিয়া মনবোৰ খেলিমেলি হয় তেতিয়া বিশেষকৈ এনে হয়েই। তুমি প্ৰথমে নিজক বিচাৰি লোৱা। নিজক সামৰি লোৱা। তোমাৰ কি হৈছে মই নাযানো? কিন্তু তুমি, তুমি হৈ থকা নাই সেই কথা নিশ্চিত। তোমাৰ মনত কিবা ধুমুহা বলি আছে। সেই ধুমুহা কেৱল তুমিহে ক্ষান্ত কৰিব পাৰিবা। মোৰ কি ভাবে হয় জানা?

মায়ে কথা কৈ কৈ তেওঁৰ হাতখন মোৰ কাণৰপৰা গাললৈ আনি মৰম কৰিলে। লাহে লাহে গালে মূৰে মৰমেৰে স্পৰ্শ কৰি প্ৰশ্নবোধক নয়নেৰে মোলৈ চাই সুধিলে। তেওঁ মৰমেৰে মোৰ মূৰত বুলাই থকা হাতখন মোৰ দুই হাতৰ মাজলৈ আনি প্ৰশ্নৰ উত্তৰ প্ৰশ্নৰে দিলো

- কি?

তেওঁ কিছুপৰ মোৰ চকুলৈ চাই থাকিল। মোৰ চকুত যেন তেওঁ কিবা বিচাৰিছে। তাৰ পাচত দীঘল উশাহ এটা টানি ক'লে

- তোমাৰ মন ধুমুহাৰ উৎপত্তি স্থল নক্ষত্রা।

তেওঁৰ মুখৰ পৰা কথাটো ব্যক্ত হোৱাৰ লগে লগে ২০০০ ভল্টে মোৰ বুকুত খুন্দা মাৰিলে। মই শিল কপৌ হৈ মালৈ চাই ৰ'লো। ঠিক সেই মুহূর্ততে ফ্লাইটৰ মাইকে মোক চক্ খোৱাই চিঞৰি উঠিল। মায়ে মোৰ পৰা বিদায় লৈ প্লাবনলৈ  এবাৰ চাই মিচিকিয়াই ভিতৰলৈ সোমাই গ'ল। মোৰ চকুৰ আঁৰ হোৱাৰ আগতে তেওঁ পুনৰ ঘূৰি চিঞৰি ক'লে

- ছোৱালী জনী বৰ নিৰ্জু। তাইক এনেয়ে দুখ দি নাথাকিবা। এবাৰ হস্পিটেললৈ গৈ চাবাগৈ চোন, কোন আছে তাত? তোমাৰ। মই লগ কৰি আহিছো।

উদয়াচল - তাইক লক্ষ্য কৰাই নহ'লWhere stories live. Discover now