৪১

40 2 3
                                        

Follow me please🙏🙏🙏

উদয়ৰ দৃষ্টিকোণ

- মোৰ কোলাত থকা এই মৰম লগা ল'ৰাটোৰ মাক এই জনী।  ............. আৰু এই মৰম লগা ল'ৰাটোৰ দেউতাক আপুনি।

কি কৈ আছে এই ছোৱালী জনীয়ে! তাইৰ কথাৰ লগে লগে তাইৰ সৈতে হোৱা প্ৰতিটো সাক্ষাৎ মোৰ চকুৰ আগত ভাঁহিবলৈ ধৰিলে। এখনৰ পাচত এখন স্পষ্ট ছবি। তিনি বছৰৰ আগৰ সেই বিশুদ্ধ কুমাৰী নক্ষত্রাৰ পৰা মোৰ কৰ্মচাৰী নক্ষত্রালৈকে প্ৰতিটো স্মৃতি। মই কৰা তাচ্ছিল্য, তাইৰ নীৰৱতা। নিজকে বৰ দোষী, নিৰ্দয়, নিষ্ঠুৰ যেন অনুভৱ হ'ল। মই তাইৰ সন্মুখত ৰৈ থকাৰ যোগ্য নহয় যেন লাগিল। তাইক আন্ধাৰ নাশি দ্বীপ্তিৰ দৰে উজ্জ্বল দেখিবলৈ পালো। তাইৰ তাপত মই জ্বলিবলৈ ধৰিলো। এই মুহূর্তত তাইক চাই থকাৰ সাহস হেৰুৱাই মই ঘূৰি খোজ দিলো।

ল'ৰাটোৰ নাম কি ক'লে তাই! নুসুধিলো। নিসন্দেহে সি মোৰে লৰা। যিকোনো চকু থকা ব্যক্তিয়ে দেখিলেই ধৰিব পৰাকৈ সি মোৰ অবিকল। কিন্তু তিনি বছৰ? তাই অকলে কেনেকৈ সহ্য কৰিলে। আমাৰ সমাজত এতিয়াও পুৰুষতকৈ নাৰীক দুখাৰূপ কৰা ব্যক্তিৰ সংখ্যা অধিক। অকলশৰীয়া মাতৃ আমাৰ সমাজত গ্ৰহণ যোগ্য নহয়। তেন্তে তাই কিয় অকলে সহ্য কৰিলে। মই ইয়াতে আছিলো। তাই কিয় এবাৰ নকলে।  নক্ষত্রাৰ হস্পিটেলত কোন আছে চাই যাবলৈ মায়ে বাৰে বাৰে কিয় কৈছিল? অচিম আৰু প্লাবনেও বহু বাৰ কিবা কিবি ইংগিত দিছিল। অচিম, মা, প্লাবন সকলোৱে এই কথাটো জানে নেকি! কেৱল মইহে অৱশেষ কিয়?

কথাবোৰ চিন্তা কৰি আগবাঢ়ি গৈ মই কেতিয়া যে গাড়ী উঠিলো গমেই নাপালো। ড্যাশবোৰ্ডত এখন কাগজ পৰি আছে। গাড়ী চাফা কৰিলে ৰাতুলে কোনোদিন মোৰ কাগজপত্রত হাত নিদিয়ে। য'ৰ কাগজ তাতে পুনৰ থৈ দিয়ে। কাগজখন গ্লভ কম্পাৰ্টমেণ্টত ভৰাই থ'বলৈ তুলি লৈ ৰৈ গলো। এইখন সেইদিনা নক্ষত্রাই মোক চাবলৈ দিয়া কাগজখন। খঙতে দলিয়াই থৈছিলো। অদ্ভুত ছোৱালী জনীলৈ মনত পৰি বুকুৰ বিষটো পুনৰ বাঢ়ি আহিল। মই বৰ আলফোলে কাগজখন খুলিলো। মোৰ নামত এখন ৫ লাখৰ চেক। ইঞ্চুৰেঞ্চ কোম্পেনিৰ পৰা দিয়া। এইটো কি? তাইৰ ধূসৰ স্মৃতি এটা মনলৈ বাগৰি আহিল

উদয়াচল - তাইক লক্ষ্য কৰাই নহ'লStories to obsess over. Discover now