32 7 0
                                    

Hello,
Don't u want to follow me? Please follow if not yet.

উদয়ৰ দৃষ্টিকোণ

নতুন এটা সাক্ষাৎকাৰৰ শ্ব’ আৰম্ভ কৰাৰ ওপৰত এখন মিটিং দিয়া হৈছে আজি পুৱাৰ ৯.৩০। মই আৰু অচিম ৯.২০ত বৰ্ড ৰুমত সোমালোগৈ।  অফিচ বয় ঠাকুৰীয়াক মাতি দুকাপ চাহ আনিবলৈ ক’লো৷ অচিম আৰু মই আলোচনা কৰিলো কেনেকৈ নতুন ধৰণেৰে কামটোত আগবাঢ়িব পাৰি। মই ক’লো

-আমাক আৰু মানুহৰ প্ৰয়োজন হ’ব পাৰে। বিশেষকৈ পাপাজি টাইপ মানুহৰ। বিখ্যাত মানুহ বোৰৰ ব্যক্তিগত জীৱনৰ গুপুত কথা খুচৰি সকলোৱে ভাল পায়। যিজনক সাক্ষাৎকাৰলৈ আমন্ত্ৰণ কৰা হ’ব তেওঁৰ গুপুত বায়ডাটা আমাৰ হাতত থাকিব লগিব। লগতে most important. প্ৰগ্ৰেমৰ হষ্ট জন ভাবি চিন্তি বাচিব লাগিব৷

-অ’৷ হষ্ট জন নিৰ্ভয় হ’ব লাগিব। তেখেতেই গোটেই শ্ব’ টো ধৰি ৰাখিব লাগিব৷

-কোনোবা আছেনি তোমাৰ চকুত?

-নাই। নিউ ফেচ হ’লে ভাল হ’ব।

এনেতে ঠাকুৰীয়াই চাহ আৰু বিস্কুট জাতীয় কিবা এটা লৈ ৰুমলৈ সোমাই আহিল৷ অচিমে চাহত চুমুক দি মুখখন বেকাঁ কৰি মোক সুধিলে

- চাহ কৰিবৰ বাবে কৰোবাক লোৱাৰ কথা আছিল যে? কি হ’ল?

- আগৰ বাৰৰ গৰাকীক একো ইনফৰম নকৰাকৈ কামৰ পৰা বৰখাস্ত কৰাৰ বাবে নিচি গৰম হৈ আছে৷ তাই ইণ্টাৰভিউ পাতিব বিচৰা নাই৷

- তোমাৰ এম্পলইবোৰক দ্বিধাহীন ভাবে খেদিব পাৰা তুমি৷ কিন্তু এই নিচিৰ কথা ইমান সহ্য কৰা কিয় তুমি?

- নিচিৰ কথা বেলেগ৷ তাই মোৰ বিপদৰ দিনৰ লগ৷ তাই জইন কৰাৰে পৰা কেৱল আমাৰ হৈয়ে কাম কৰিছে৷ লগতে মোৰ বহু বেয়া মূহূৰ্তত তাই সাহস আৰু সংগী হৈ মোৰ কাষত আছে৷ তোমাৰ দৰে৷ সেয়ে তোমালোকক মই কৰ্মচাৰী বুলি নাভাবো৷

- মমম, কথাটো মই ভাবিছিলো৷ এনে হ’ব বুলি৷ পিছে মই কথা এটা ভাবিছো৷

- কি?

- দেওবাৰে মই "সমাচাৰ, ইষ্টিটিউট অব জাৰ্ণেলিজম এণ্ড মাচ কমিউনিকেচন" ফালে গৈছিলো৷

- Sunday! কিয়? সেই দিনা ইষ্টিটিউট বন্ধ নহয়নে?

- হয়৷ কিন্তু মই ইষ্টিটিউটলৈ যোৱা নাছিলো নহয়৷

উদয়াচল - তাইক লক্ষ্য কৰাই নহ'লWhere stories live. Discover now