Please follow me if not yet. 🥰
নক্ষত্ৰাৰ দৃষ্টিকোণ
শৰীৰত থকা সমষ্ট শক্তি প্ৰয়োগ কৰি যিমান পাৰোঁ সিমান খৰ খোজাৰে হস্পিটেলত ভৰি দিলো। হস্পিটেলৰ ৱালত ওলমি থকা ঘড়ীটোত ৮ বাজিবলৈ কেইমিনিট মান বাকী আছে। খৰ ধৰকৈ মই নিৰ্ভয়ৰ কাষলৈ দৌৰ দিলো। নিৰ্ভয়ৰ কেৱিনৰ দুৱাৰ খুলি দেখিলো চিচটাৰ ৱাংলেনে তাক সাধু কৈ আছে। পেডিয়েট্ৰিক ৱাৰ্ডৰ প্ৰতিগৰাকী চিচটাৰেই তাক বৰ মৰম কৰে। মোৰ অনুপস্থিতিতো তাক অকলশৰীয়া হ'বলৈ নিদিয়ে। সেয়ে মই তেখেতসকললৈ মনে মনে কৃতজ্ঞ। নিৰ্ভয়ৰ হাঁহি থকা মুখখন দেখা মাত্র মোৰ সকলো অবসাদ আঁতৰি গ'ল।মই মিচিকিয়া হাঁহি এটাৰে তাৰ কাষত বহিলো। সি মোক দেখি বিচনাৰ পৰা নামি আহি মোৰ কোলাত উঠি ল'লে। তাৰ কোমল কোমল আঙুলিকেইটাৰে মোৰ গালত স্পৰ্শ কৰি ক'লে
- মা। ইমান দেৰি কিয় কৰিলা!
আজিকালি নিৰ্ভয়ে মোক মা বুলি মাতে। হস্পিটেলত তাৰ চেঞ্চ অহাৰ দিনা মোক মা মাতিবলৈ পাৰ্মিচন লৈছিল। লগতে সি এটা অনুৰোধো কৰিছিল যে এইবাৰ মই যাতে তাৰ লগত থাকো। সি চেহনাজ মাৰ লগত আৰু কেতিয়াও নাথাকে। তেখেতলৈ তাৰ বৰ ভয় লাগে। বহুবোৰ কথাই সি
নিৰ্জুতাৰে কৈ গৈছিল। শুনি মোৰ হিয়া কঁপি উঠিছিল। সেয়ে মইও সংকল্প লৈছো তাক আৰু কাৰো হাততে এৰি নিদিও কিন্তু! ভবা কথা! মোৰ চিন্তাত ব্যাঘাত জন্মাই চিচতাৰ ৱাংলেনে সুধিলে- কি হ'ল নক্ষত্ৰা? কি চিন্তা কৰি আছা?
মই তেখেতলৈ চাই হাঁহি এটাৰে শলাগ লৈ ইংগীতেৰে একো চিন্তা নাই কৰা বুলি ক'লো। মই তেখেতৰ জিজ্ঞাসু দৃষ্টিক অবজ্ঞা কৰি নিৰ্ভয়লৈ বুলি বান্ধি অনা খাদ্যবোৰ উলিয়াই নিৰ্ভয়ক খাবলৈ দিলো। মই লক্ষ্য কৰিলো ৱাংলেনে এই গোটেই সময়চোৱা মোক একেলেথাৰিয়ে চাই থকা। নিৰ্ভয়ক খোৱাই থাকি মই তাইৰ চকুত চকু থলত তাই মিচিকিয়া হাঁহি এটাৰে ক'লে
- তুমি কিয় এনেকৈ থাকা?
- এনেকৈ মানে!
তাইৰ এনে প্ৰশ্নৰ একো অৰ্থ বিচাৰি নাপাই মই তাইক পুনৰ সুধা প্ৰশ্নৰ উত্তৰত তাই ক'লে
- সাজোন-কাচোন নাই। কাপোৰ কানিবোৰ কোনো ষ্টেণ্ডাৰ্ডৰ নাই। ইমান বহল। বয়সটো বেছি নহয় দেখুন তোমাৰ তেন্তে কিয় ইমান! নিৰ্ভয়ৰ দেউতাকে এৰি গ'ল বাবে তুমি এনেকুৱা হৈ গ'লা নে তুমি এনেকুৱা বাবে তেখেতে তোমাক এৰি গ'ল?
তাইৰ প্ৰশ্নত মই তাইলৈ ৰ লাগি চাই ৰোৱা দেখি তাই পুনৰ ক'লে
- পাৰ্চনেল কথা সুধাৰ বাবে বেয়া নাপাবা। এক সপ্তাহত তোমাক কিবা ভাল লাগি গৈছে। সেয়ে সুধিলো। নিবিচাৰিলে উত্তৰ নিদিবা। নিৰ্ভয়ৰ দেউতাকক এই সাতদিনেএবাৰো নেদেখিলো বাবে মোৰ কিউৰিচ্টি বাঢ়ি গ'ল। সেয়ে ভাবি ল'লো। তোমালোকৰ ষ্টৰীটো বেলেগ কিবা হ'ব পাৰে!
কথা কৈ তেখেতে মোলৈ চাই মিচিকিয়া হাঁহি এটা মাৰি মোৰ উত্তৰলৈ বাট নোচোৱাকৈ পুনৰ কৈ গ'ল
- দুজন মেইল ভিজিটৰ দেখিছিলো কিন্তু এজনকো নিৰ্ভয়ৰ দেউতাক যেন নালাগিল। যদিও দুয়োজনেই হেণ্ডচম আছিল তথাপি মোৰ লাগিল দুয়ো নিৰ্ভয়তকৈ বেলেগ আৰু নিৰ্ভয়ৰ দেউতাকৰ তুলনাত কিছু নিঃস্পৰ্ভ।
তাইৰ কথাৰ মাজেৰে মই নিৰ্ভয়ৰ খোৱা শেষ কৰি তাক অলপ শুৱাই দিবলৈ চেষ্টা কৰিলো। নিৰ্ভয় দৰৱৰ বাবেই বা দুৰ্বল হৈ থকাৰ বাবে সোনকালেই টোপনি গ'ল। তাক ভালদৰে হোৱাই ৱাংলেনৰ সন্মুখত বহি লৈ ক'লো
- ঠিকেই ভাবিছা তেখেত দুয়ো নিৰ্ভয়ৰ দেউতাক নহয়। এজন মোৰ বাইদেউৰ বইফ্ৰেণ্ড আৰু আনজন ফেমিলি ফ্ৰেণ্ড। কিন্তু তুমি কেনেকৈ ভাবিলা নিৰ্ভয়ৰ দেউতাক তেখেত দুয়োতকৈ সুশ্রী বুলি?
- Just my instinct.
কথাষাৰ কৈ তাই মিচিকিয়া দেখুৱালে। তাই মোৰ ডিঙিত কিবা নেদেখা বস্তু দেখাৰ দৰে আচৰিত দৃষ্টিৰে চালে। লাহেকে তাই আগুৱাই আহি মোৰ কাঁচি হাড়ডালৰ পৰা কাপোৰ আঁতৰাই মোৰ চালানো কিবা এটা স্পৰ্শ কৰিলে। মোৰ চকুত চকু থৈ দুষ্টালিৰ হাঁহি এটা ওঠে লৈ ক'লে
- অ মাই গড! এইটো লভবাইট নহয়নে?
তাইৰ প্ৰশ্নত মই সংকিট হৈ পৰিলো। দেহৰ দাগটোৰ প্ৰতি চিন্তিত হৈ পৰিলো। সেইদিনাৰ স্মৃতি মনলৈ ভাঁহি আহিল। তিনি বছৰৰ পাছত। একেজন ব্যক্তি। অথচ ইমান পাৰ্থক্য। সেইদিনা বুজিছিলো মানুহো জন্তু এটা ৰূপ। বনৰীয়া জন্তুৰ। মোৰ সমষ্ট দেহ বিষত কেকুৰা হৈ পৰিছিল। কেৱল নিৰ্ভয়ৰ বাবেই সকলো বিহঃ পি গ'লো নীৰৱে।
Don't forget to vote share commant🙏
YOU ARE READING
উদয়াচল - তাইক লক্ষ্য কৰাই নহ'ল
FanfictionWell established publisher Uday Saikia. His heart is broken by untold love . It made him rude and harsh. He would take a long 3 years to overcome from his 1st love Ziya. This strory is begins when Successful business man meet Nakshatra, a shy, nerd...