১৫

35 4 9
                                        

উদয়ৰ দৃষ্টিকোণ

তিনিওখন মিটিং মই আশা কৰাৰ দৰেই সফল হ'ল। শেষৰ মিটিংখনৰ পৰা ঘূৰি আহি থাকোঁতে "চমাচাৰ ইষ্টিটিউত অফ মাচ কমিউনিকেচ"ৰ বিল্ডিং টোত মোৰ চকু পৰিল। বিল্ডিং টোৰ কাষেৰে আমাৰ গাড়ী চলি থাকিল। নভবাকৈ আচলৰ কথা মনলৈ আহিল। কিবা অজ্ঞাত কাৰণত মন নাচি উঠিল। বিল্ডিংৰ গেট পাই মনটো সেমেকি গ'ল। গেটে তলা। ইনষ্টিটিউট চুটি হ'ল বা আজি বন্ধ।

একেৰাহে হোৱা দুখন মিটিঙে মোক ভাগৰুৱা কৰি তুলিলে। ভাল চাহ বা কফি খাবৰ বৰকৈ মন গ'ল। এনেতে অচিমে কোৱা কফি চপ খনলৈ মনত পৰিল। মই দ্ৰাইভাৰক কফি চপখনৰ বৰ্ণনা অচিমে কোৱাৰ দৰে দিলো আৰু তাৰ আগত গাড়ী ৰখাবলৈ অৰ্দাৰ দিলো। অচিমলৈ ফোন লগালো। কফি চপৰ নামটো সুধিবলৈ। কিন্তু তাৰ ফোন ৰিং হৈ হৈ অফ হৈ গ'ল। মনক বুজাবলৈ ক'লো সি কিবা ব্যস্ত হ'ল চাগে। নতুবা চাহেদাক লগ কৰিবলৈ গ'ল চাগে। কথাবোৰ মনতে জুকিয়াই থাকিলো।
দ্ৰাইভাৰে গাড়ী শ্ল কৰি চকুৰে কফি চপ খন বিচাৰিলে। তেনেতে মোৰ চকু কিডজি নামটোত পৰিল। অচিমে কোৱা মতে কফি চপ খন টডলাৰ বা নাৰ্চাৰী স্কুল এখনৰ বিপৰীতত। মই বিপৰীত দিশলৈ চকু ঘূৰালো। এখন চাইনবৰ্ডত ডাঙৰ ডাঙৰ আখৰেৰে লিখা আছিল। "লুইচ বাৰ্গাৰ এণ্ড কফি চপ"। এইখনেই হ'ব লাগে বুলি মনতে ভাবিলো। নামটো অচিম সুধা নহ'ল। সেই বাবেহে অলপ দুবিধা এটাৰ সৃষ্টি হৈছে। কিন্তু চাৰিওফালে চাই বুজিলো এইখনেই একমাত্ৰ। কফি চপৰ আগত গাড়ী ৰ'লত মই আৰু প্লাৱন নামি গ'লো।

নক্ষত্ৰাৰ দৃষ্টিকোণ

"লুইচ বাৰ্গাৰ এণ্ড কফি চপ" মই কাম কৰা দোকানখনৰ নাম। দোকান খোলা ডেৰ বছৰ হ'ল। দোকানৰ মালিকৰ নাম "অজন্তা গগৈ"। গগৈ আণ্টিৰ বয়স ৪৭ হ'ব। তেখেত এগৰাকী বিধবা আৰু এহাল সন্তানৰ মাতৃ। ছোৱালীজনীক বিয়া দিলে। কিন্তু ল'ৰাটো বৰ অযোগ্য। একেবাৰে চৰিত্ৰবান নহয়। আণ্টী আহিব নোৱাৰিলে কেতিয়াবা সি দোকানলৈ আহে। সি আহিলে কৰ্মচাৰি ছোৱালীবোৰ পলাই ফুৰিব লগা হয়। মোৰ বহল কাপোৰ আৰু ডাঙৰ ফ্ৰেমৰ চশমাৰ বাবে সি মোক বৰ এটা গুৰুত্ব নিদিয়ে যদিও কাকো নাপালে মোকো অশ্লিল ইংগিত দিয়ে। তাক আণ্টীয়ে বৰ মৰম কৰে। তেখেত হাৰ্টৰ পেচেণ্ট। সেয়ে তাৰ অত্যাচাৰ আমি সকলোৱে চকু মুদি সহ্য কৰি যাও। কিয়নো আমি সকলো আন্টিৰ ওচৰত ধাৰুৱা। তেখেত আমাৰ বিপদৰ বন্ধু।

উদয়াচল - তাইক লক্ষ্য কৰাই নহ'লStories to obsess over. Discover now