Comment please
এবছৰৰ পাচত
তৃতীয় পুৰুষৰ দৃষ্টিকোণ
পেৰেণ্ট টিচাৰ মিট শেষ হল৷ উদয় সভাকক্ষৰ পৰা উলাই নিৰ্ভয়ক বিচাৰিলে৷ নিৰ্ভয় আৰু তাৰ লগৰসকলে চুটিৰ পাচত গাৰজেন্তৰ অপেক্ষাত স্কুলৰ গেটৰ গেটকিপাৰৰ কাষতে থিয় হৈ আছে৷ নিৰ্ভয়ে দেউতাকক দেখা মাত্ৰ সি দৌৰি দেউতাকৰ কোলাত উঠিলহি৷ উদয়ে আলফুলে ৱাটাৰ ফ্লাক্স আৰু স্কুলৰ বেগটোৰে সৈতে নিৰ্ভয়ক কোলাত তুলি ললে৷ উদয়ে লাহে লাহে নিজৰ গাড়ীৰ পেচেঞ্জাৰ চিটৰ দুৱাৰ খুলি নিৰ্ভয়ক বহুৱাই দিলে৷ নিৰ্ভয়ৰ পৰা বেগটো এৰুৱাই পিছৰ চিটলৈ থৈ দিলে৷ তাৰপাছত সি আহি দ্ৰাইভাৰ চিটত বহিল৷ পকেটৰ পৰা গাড়ীৰ চাবি উলিয়াই থাকি নিৰ্ভয়লৈ চাই সুধিলে
- টিফিন ফিনিচ কৰিলানে?
- মমম৷
কিবা এটা ভাবি সি দেউতাকলৈ চাই সুধিলে
- দেউতা আজি টিফিন তুমি বনাইছিলা৷
- অ'৷ কিয়?
- মই গম পাইছিলো
- কেনেকৈ৷ খাবলৈ বেয়া হৈছিল নেকি?
- মোৰ ফ্ৰেণ্ড পূজাই বৰ ভাল পালে৷
- তুমি টিফিন ফিনিচ কৰিলো কৈছিলা৷
- অ'৷ টিফিন ফিনিচ কৰিলো৷ মইটো কোৱা নাই অকলে খালো বুলি৷
নিৰ্ভয়ৰ কথাত উদয়ৰ ওঁঠত বেঁকা হাঁহি এটি জিলিকি উঠিল৷ সি গাড়ী ষ্টাৰ্ট দি আগবাঢ়িল৷
- পূজা কোন?
- মোৰ গাৰ্লফ্ৰেণ্ড৷
- হা৷
- জাষ্ট চিল দেউতা৷ আজিকালি এইটো কমন৷
- কি কোৱা!
- তোমালোক অল্ড মডেল মানুহে নুবুজিবা৷
- পূজাই সদায় তোমাৰ লগতে টিফিন খাই৷
- আগতে নাখাইছিল৷ যেতিয়াৰ পৰা তাই মোৰ প্ৰপজেল এক্সেপ্ত কৰিলে তেতিয়া পৰা৷
- প্ৰপজেল?
- অঃ দেউতা ইমানো নাজানা৷ মই প্ৰপজ নকৰিলে তাই এক্সেপ্ত কৰিব কেনেকৈ৷ প্ৰপজ কৰাটোত ব্ৰেভ বয়ৰ কাম৷ ছোৱালীয়ে কৰিব নোৱাৰে৷ প্ৰপজ এক্সেপ্ত কৰিলে বাবেহে তাই মোৰ গাৰ্লফ্ৰেণ্ড হল৷
YOU ARE READING
উদয়াচল - তাইক লক্ষ্য কৰাই নহ'ল
FanfictionWell established publisher Uday Saikia. His heart is broken by untold love . It made him rude and harsh. He would take a long 3 years to overcome from his 1st love Ziya. This strory is begins when Successful business man meet Nakshatra, a shy, nerd...