Follow me please🙏🙏🙏
উদয়ৰ দৃষ্টিকোণ
পেকেটত থকা শেষ চিগাৰেটটোত হাত দি বেৰৰ ঘড়ীটোলৈ চকু দিলো। মই তেনেকৈ বহি থকা প্ৰায় দুঘন্টা হৈ গ'ল। ক'ব নোৱাৰা কৈয়ে এক পেকেট চিগাৰেট শেষ কৰি দিলো। তাকে দেখি শেষ চিগাৰেটটো মোৰ সোঁহাতৰ আঙুলি দুটাৰ মাজত এবাৰ নচোৱাই পুনৰ পেকেটত ভৰাই থৈ পিয়নক মাতিবলৈ বেলটো বজালো।
- চাৰ মাতিছিল?
কিছু সময়ৰ পাচতে মোৰ ৰুমৰ দোৱাৰ থেলি বাহাদুৰে সুধিলে। মই তালৈ চাই সন্মতিৰে মূৰ দুপিয়াই ক'লো
- নিচিক মাতি দিয়া।
কথাষাৰ শুনি সি ৰুমৰ বাহিৰলৈ যাব লোৱাৰ পূর্বে মই তাক পুনৰ ক'লো
- শুনা। নিচি অহাৰ ঠিক ৫ মিনিটৰ পাচত আচলক আহিব দিবা মোৰ ৰুমলৈ।
সি শলাগ লৈ ৰুমৰ বাহিৰ হ'ল। প্ৰায় ২মিনিটত নিচি মোৰ ৰুমত প্ৰবেশ কৰিলে। তাই সোমোৱাৰ লগে লগে মই ঘড়ীটোলৈ দেখুৱালো। তাই কথাটো বুজি পুনৰ ওলাই যাবলৈ লওতে মই তাইক ৰখাই ক'লো
- তুমি সেই পাৰ্টিচনৰ পাচত বহি থকা। তাইক বাহাদুৰে পঠিয়াই দিব।
- তুমি কি ভাবিছা?
তাই মোলৈ চাই সুধিলে। উত্তৰত মই তাইক মিচিকিয়াই ক'লো
- মই একো ভবা নাই। মই মাথোন কাম চাম।
- কাম বেয়া হ'লে কি কৰিবা?
- মই কিনো কৰিম? তুমি হে কৰিবা। তাই আহিবই এতিয়া। তুমি আঁৰ হৈ বহি দিয়া।
মোৰ কক্ষত পাৰ্টিচন দিয়া চেপাৰেত ঠাই অকণমান আছে। সকলোৱে ইয়াৰ কথা নাজানে। কিছুমান বিশেষ মুহূর্তত ইয়াৰ ব্যবহাৰ হয়। নিচি বহি লোৱাৰ অলপ সময়ৰ পাচতে আচলে মোৰ দোৱাৰ টুকুৰিয়ালে। মই মোৰ আসনৰ পৰা ক'লো
- Come in.
তাই চুচুক-চামাকৈ আহি মোৰ সন্মুখত থিয় হ'ল। মই তালৈ নোচোৱাকৈ হাত মেলি তাই কৰা কামৰ ফাইলটো খোজিলো। হাতখনলৈ বহু সময় একো নাহিলত মই মূৰ তুলি তাইলে চালো। তাৰপাচত ইংগিতেৰে সুধিলো কি হ'ল? তাই চিডাক্টিভ হাঁহি এটা মাৰি ক'লে
- নিচিয়ে মোক ভালদৰে ইন্ফৰমেচনেই দিয়া নাই।
- নিচি মেম।
মই তাইৰ কথাষাৰ শুধৰাই দিলো।তাই কামুক ভংগীৰে তলৰ ওঠঁটো কামোৰি মোৰ শৰীৰত চকু ঘূৰাই তাই পুনৰ কৈ গ'ল
- Sorry. নিচি মেম। তেখেতে মোক ভালদৰে বুজাব জনা নাই। সেয়ে মই কি কৰিব লাগে বুজি পোৱা নাই। তাৰবাবে মই কামবোৰ কৰিব পৰা নাই। এতিয়া যদি তুমি কৈ যোৱা তেন্তে মই পাঁচ মিনিটতে সকলো কৰি দিম।
মোৰ কোনো এম্প্লইয়ে মোক তুমি সম্বোধন কৰিব নোৱাৰে। তাই কৈ প্রথম ভুল কৰিলে। তাৰ পিছত তাই নিচিৰ কামত খুট উলিয়ালে। যিটো কৰিবলৈ পলাশ বা অচিমৰো সাহস নাই। তাইৰ দ্বিতীয় ভুল। তাই মোক কামনাৰে বশ কৰিব বিচাৰিলে। মই কামৰ আগত আন একোকে গুৰুত্ব নিদিও। মোৰ কথা তাই ইনভেষ্টিগেট কৰি নল'লে। তাইৰ তৃতীয় ভুল।
পৰ্দাৰ আঁৰৰ পৰা নিচিয়ে সকলো লক্ষ্য কৰি নীৰৱে বহি ৰ'ল। মই মোৰ হাতখন সংকোচিত কৰি আনি চকীখনত আৰামত বহি
তাইক এবাৰ ওপৰৰ পৰা তললৈ লক্ষ্য কৰিলো। তাৰ পাছত মিচিকিয়াই ক'লো- তুমি যাব পাৰা।
তাই কিন্তু কোঠাৰ পৰা ওলাই নগ'ল। তাৰ পৰিবৰ্তে তাই টেবুলৰ কাষেৰে মোৰ একেবাৰে ওচৰলৈ আহিল। চকীখনৰ হেণ্ডেল দুডালত হাত দুখন থৈ হাওলি মোৰ মুখৰ ওচৰলৈ মুখখন আনিলে । কামনা ভৰা চাৱনিৰে মোলৈ চাই ওঁঠ দুটি জিভাৰে তিয়াই ক'লে
- যাবলৈ ক'লা যে? একো নকৰা।
তাইৰ কাৰ্য্যত মই তৎমৎ খালো। এনে ব্যবহাৰ আজিয়ে প্ৰথম। মই কি কৰিম ভাবি থাকোতে তাই মোৰ কোলাত বহি দিলে। লাহেকৈ তাইৰ আঙুলি মোৰ ওঁঠত ঘূৰাবলৈ ধৰিলে। মইও পুৰুষ হে। তাইৰ শৰীৰৰ স্পৰ্শ ই মোৰ শৰীৰত সিঁহৰণ তুলিলে। যিহেতু তাইৰ নেদেখাব লগীয়া বেছিভাগ অংশই উন্মুক্ত। তাই এনেদৰে মোৰ কোলাত বহিছে যে তাইৰ ওঠন বক্ষই মোৰ বুকু স্পৰ্শ কৰিছে। তাৰপাচত তাই মোৰ হাতখন তাইৰ উদং কঁকালত থৈ তাইৰ ওঁঠে মোৰ ওঁঠ সামৰি ধৰিলে। মই কিং কর্তব্য বিমূঢ় হৈ থকা মুহূর্ততে নিচি পৰ্দাৰ আঁৰৰ পৰা আহি আমাৰ আগত থিয় হ'ল। নিচিক দেখি মই আগ পাছ নুগুনি আচলক একে ঠেলাতে মোৰ কোলাৰ পৰা তললৈ পেলাই দিলো।
Please vote, commant and share..
YOU ARE READING
উদয়াচল - তাইক লক্ষ্য কৰাই নহ'ল
FanfictionWell established publisher Uday Saikia. His heart is broken by untold love . It made him rude and harsh. He would take a long 3 years to overcome from his 1st love Ziya. This strory is begins when Successful business man meet Nakshatra, a shy, nerd...