Follow me please🙏😊
নক্ষত্ৰাৰ দৃষ্টিকোণ
ৰাতিপুৱা চপ খুলিয়া কফিচপৰ চাৰিওফালে এবাৰ চকু ঘূৰালো। উদয় চাৰৰ অনুপস্থিতিৰ উমান পালো। তেওঁ কালি দি যোৱা অফাৰটোলৈ মনত পৰিল। অফাৰ দি চপৰ বাহিৰ হোৱা উদয়চাৰৰ দৃশ্যটো চকুত ভাঁহি উঠিল। মোৰ ভাৱ হ'ল তেওঁ চাগে চপলৈ পুনৰ নাহিবই। নিৰাশ আৰু গধুৰ মন এটা লৈ চপৰ ভিতৰলৈ সোমাবলৈ লওতেই কোনোবাই মোক পিছফালৰ পৰা সাৱটি ধৰিলেহি। মই থৎ মৎ খাই নিজকে আগন্তুকৰ বাহু বন্ধনৰ পৰা মুক্ত কৰি ঘূৰি চাই চাজাদ মোৰ সন্মুখত থিয় হৈ থকা দেখা পালো। তেখেতৰ আকস্মিক স্পৰ্শই মোক অস্বস্তিত পেলালে। এনেকৈ তেওঁ মোক স্পৰ্শ কৰাটো মোৰ অকনো ভাল নালাগিল। তথাপিও নিজৰ অনুভূতিক ঢাকি ৰাখি তেওঁলৈ চাই মিচিকিয়া হাঁহি এটাৰে সম্ভাষণ জনালো। ঘৰৰ মিতুৰ তাতে মামীৰ বান্ধবীৰ ল’ৰা অভদ্ৰামি কৰিব নোৱাৰি। সহ্য কৰিবই লাগিব। মই লাহেকে তেওঁলৈ মূৰ তুলি চালো। তেওঁ মোতকৈ প্ৰায় ৮ ইঞ্চিমান ওখ। সেয়ে তেখেতৰ চকুলৈ চাবলৈ মূৰ তুলিব লগীয়া হয়। তেওঁ মোলৈ চাই মিচিকিয়াই থাকি ক’লে
-হেই নক্ষত্ৰা। কেনে আছা?
মই সেমেকা হাঁহি এটাৰে থেৰু গেৰু কৈ তেখেতৰ পৰা চকু মাটিত নিবন্ধ কৰিলো। মোৰ আচৰণে স্পষ্ট প্ৰকাশ কৰিছে যে তেখেতৰ উপস্থিতিয়ে মোক দুবিধাত পেলাইছে। তেখেতে কথাটো ভালদৰেই বুজি পাৰিছে। সেই বাবেই মোৰ ৰং চাইবলৈ তেওঁৰ মূৰটো চাপৰাই মোৰ সমান হৈ ক'লে
- কি খবৰ নক্ষত্রা। মোক মিচ কৰিছানে?
মই দুবিধাৰ পৰা পৰিত্ৰাণ পাবলৈ নকল মিচিকিয়া হাঁহি এটা মাৰি ক’লো
-আপুনি ইয়াত কি কৰিছে?
-তোমাক চাবলৈ আহিলো।
তেখেতৰ স্পষ্ট উত্তৰে সদায়ে মোক অস্বস্তিত পেলাই। তথাপি মই নিজকে প্ৰকাশ নকৰি ক’লো
-চাহেদা বা আৰু মামী আপোনাৰ তালৈ গৈছে। কেনে আছে দুয়ো?
-ভাল। ভালেই চাগে। তোমাৰ বায়ে মোক ৰিজেক্ট কৰাৰ পাচত তাই মোৰ ঘৰলৈ গৈ মোৰ আত্মীয় হ’বলৈ চেষ্টা কৰাটো ৱৰ্থলেচ। অৰ্থহীন। মই ইয়ালৈ আহিছো তোমাৰ ফাইনেল
YOU ARE READING
উদয়াচল - তাইক লক্ষ্য কৰাই নহ'ল
Hayran KurguWell established publisher Uday Saikia. His heart is broken by untold love . It made him rude and harsh. He would take a long 3 years to overcome from his 1st love Ziya. This strory is begins when Successful business man meet Nakshatra, a shy, nerd...