36 8 0
                                    

উদয়ৰ দৃষ্টিকোণ

মা GAD ত আক্ৰান্ত বুলি ডাক্তৰে জনোৱা আজি এমাহেই হ'ব হ'ল। তনয় অহা সপ্তাহত পাবহি লাগে৷ তাৰ পৰীক্ষা চলি আছে বাবে আহোঁতে দেৰি হৈছে৷ ফোনত মই তাক সকলো কথা কৈ দিয়া নাই৷ আহিলে মুখামুখি কৈ ক'লে ভাল হ'ব৷

এই এমাহ পৰা মোৰ ৰুটিনৰো বহু পৰিবৰ্তন হৈছে। ৰাতিপুৱা মাৰ লগত ব্ৰেকফাষ্ট কৰিহে ঘৰৰ বাহিৰ হও। ৰাতিৰ ডিনাৰৰ সময়ত যেনে তেনে হ'লেও ঘৰলৈ আহোঁ। চাইকলজিষ্ট জনৰ লগত কঞ্চাল কৰি আছো৷ তেওঁৰ মতে মা যথেষ্ঠ সুস্থ হৈ পৰিছে। তিনিটা বছৰ মাক সময় নিদিয়াৰ বাবে নিজকে অপৰাধী যেন লাগে৷ মাক এনেকৈ অকলশৰীয়া নকৰা হ'লে তেওঁৰ কেতিয়াও এনে বেমাৰ নহ'ল হয়৷ নিজৰ পৰা পলাবলৈ গৈ মাক যে আঘাত দি আছিলো সেই কথা এবাৰো মনলৈ নাহিল৷ বৰ স্বাৰ্থপৰ হৈ পৰিছিলোঁ৷ এতিয়া সকলো শুধৰাব লাগিব৷ সেয়ে যিমান পাৰোঁ বেছি সময় মই মাৰ লগতে থাকি ভাল পাবলৈ লৈছো৷ যিহেতু মায়ে ভাল পায়৷ মই লগত থাকিলে৷

"অঞ্জলি চেনেল"ৰ কামবোৰ প্লাবনক শিকাই বুজাই লৈছো। সি মাচ কমত গেজুৱেচন কৰাৰ বাবে মোৰ সুবিধা হ'ল। সি তাৰ পঢ়াৰ লগতে চেনেলটোৰ কামবোৰো ভালদৰেই কৰিব পৰা হৈছে।

“প্ৰতিবিম্ব সময়ৰ’’ বেছিভাগ কামেই অচিমৰ ওপৰতে এৰি দিলো। অচিম আহমেদ আমাৰ চেনেলৰ চিনিয়ৰ সাংবাদিক। কিন্তু সি মোৰ কলেজৰ বন্ধু। সি আৰু মই একেলগে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা মাচ কমিউনিকেচনত মাষ্টাৰ ডিগ্ৰী লৈছিলো। কৌশিকৰ পাচতে সিয়ে মোৰ একমাত্ৰ বন্ধু। মই মোৰ মনৰ কথাবোৰ তাৰ আগত দিধাহীন ভাবে ক'ব পাৰোঁ। এই তিনি বছৰত সি মোৰ বেছি আপোন হৈ পৰিছে। এই তিনিবছৰত মোৰ লগত হোৱা সকলো সৰু ডাঙৰ ঘটনাৰ সাক্ষী সি।

আজি আৰ্জেণ্ট মিটিং এখন থকাৰ বাবে ঘৰৰ পৰা লৰালৰিকৈ ওলালো। বাটতে অচিমক পিক কৰি ল'লো। তাক প্ৰায়ে মই লগত লৈ যাও। অফিচত পাতিব নোৱাৰা কথা আৰু কিছুমান আলোচনা আমি এনেকৈয়ে গাড়ীতে কৰোঁ। আমাৰ গাড়ী আহি সেই নিৰ্দিষ্ট স্থান পালেহি। য'ত মই সেইদিনা নীলা আচলৰ ছোৱালীজনীক খোন্দা মাৰিছিলো। কিবা নাম কৈছিল তাই! মই পাহৰি পেলালো। আচলতে সেইদিনা মিটিঙৰ চিন্তা লাগি থকাৰ বাবে গুৰুত্ব দিয়া নাছিলো। কিন্তু এই এমাহে মোৰ চকুৱে কিয় যে সদায় তাইকে বিচাৰি থাকে। অজানিতে মোৰ গাড়ী সেই ঠাইত সদায়ে শ্লল হৈ পৰে! তাই খুন্দা মৰা ঠাই টোকোৰা পোৱা মাত্ৰে মোৰ গাড়ীৰ স্পিড নিজে নিজে কমি যায়। কিন্তু এই এক মাহত তাইক এবাৰো দেখা নাপালো। আজিও মোৰ গাড়ীৰ স্পিড উক্ত স্থানত কমি আহিল। মোৰ মনৰ কথা বুজিব পাৰি অচিমে বেকাঁ হাঁহি এটা মাৰি নীৰৱেই থাকি গ'ল। তাৰ সেইতুৱে ভাল গুণ যে সি কেতিয়াও মই আঘাত পোৱা কাম নকৰে। কিন্তু সি নীৰবে সকলো লক্ষ্য কৰি থাকে৷ সি মোৰ মনৰ ভাববোৰৰ কিবা এটা অংক কৰি পেলাইছে নিশ্চয়৷ সেই স্থান পাৰ হোৱাৰ পাচত মোৰ গাড়ীয়ে পুনৰ নিজ গতি ল'লে৷ অফিচ পোৱাৰ আগে আগে অচিমে ক'লে

উদয়াচল - তাইক লক্ষ্য কৰাই নহ'লWhere stories live. Discover now