১৪

30 5 2
                                    

Please follow me if not yet 😊
Happy reading ☺😘

উদয়ৰ দৃষ্টিকোণ

- কিমান! কিমান তথ্য দিলা বৰ্ণালী চেনেলক?

জয়ন্তই খঙেৰে  মধ্য বয়সৰ মানুহজনক প্ৰশ্ন কৰিলে। মানুহজনে তললৈ লজ্জাৰে মূৰ কৰি শান্তভাৱে মোৰ চকীৰ বিপৰীতে খালি ঠাইকণত থিয় হৈ আছে। মই সিহঁতক নীৰৱে লক্ষ্য কৰি ৰ'লো। প্ৰথম মি ৎটিংখন সফলভাৱে সমাপ্ত হোৱাৰ পাচৰ পৰা মই মোৰ আসন এৰাই নাই। নিজৰ চকীৰ পৰাই জয়ন্তহঁতৰ কথোপকথন শুনি গ'লো। প্লাৱনে মোৰ সোঁফালৰ চকীখনত বহি আছে। সিও নীৰৱ। তাৰ চকু বা শৰীৰ ক'তো একো অনুভুতি ব্যক্ত হোৱা নাই।

- শইকীয়া চাৰ ক্ষমা কৰক। মাত্ৰ এখন টেণ্ডাৰৰ হে কথা কৈছিলো। বাকী একো কোৱা নাই।

মধ্য বয়সৰ মানুহজনে অৱশেষত মুখ খুলিলে। কিন্তু তেখেতে কথা আৰম্ভ কৰি শেষ কৰাৰ আগতেই মোৰ কাষত বহি থকা প্লাৱনে তেওঁ দিশে খঙত চোচা লৈ ক'লে

- কালপ্ৰিত। তোৰ বাবেই প্ৰজেক্টটো গুচি যাব। কিয় কৰিলি এনে। কিমান পইচা পালি যে ইমান বছৰৰ বিশ্বাসক ভাঙি দিলি। মই তোক

প্লাৱনে মানুহজনৰ ক'লাৰত ধৰি ঘুচা এটা মাৰিবলৈ লৈও ৰৈ গ'ল। মানুহজনৰ বয়সটোৰ বাবেই চাগে সি ৰৈ গ'ল। তাৰ বহুত খং উঠিছে কিয়নো এই প্ৰজেক্টৰ বাবে সি বহু কষ্ট কৰিছিল। সি মানুহজনক এৰি দি নিজকে শান্ত কৰি পুনৰ নিজৰ আসনলৈ ঘূৰি আহিল। প্লাৱনৰ গ্ৰিপৰ পৰা এৰ খাই মানুহজন নিজৰ আঁঠুত বাগৰি পৰিল। তাৰ পাচত তেওঁ আঁঠু কাঢ়ি থাকিয়ে ক'বলৈ ধৰিলে
মোৰ ক্ষমা কৰক। মোৰ একমাত্ৰ ছোৱালীৰ প্ৰাণৰ ভাবোকি নহা হ'লে মই কেতিয়াও এনে কাম নকৰিলো হেঁতেন। মই আপোনাৰ দেউতাৰ দিনৰ পৰা ইয়াতে কাম কৰি আছো। কোনো দিন কোনেই মোৰ বিপক্ষত বা মোৰ পৰা একো অসুবিধা পোৱা নাই। কিন্তু এইবাৰ মোক বাধ্য কৰিলে। চাৰ

অশ্ৰুসিক্ত নয়নেৰে মানুহজনে মোলৈ চাই কথাবোৰ কৈ গ'ল। তেখেতৰ চকুত সচাঁৰ লগতে মই আৰু কিবা এটা দেখিবলৈ পালো। মানুহজনে কথাবোৰ সম্পূৰ্ণ কৰিব নোৱাৰিলে। তেখেতক শুকে খুন্দা মাৰি ধৰিলে। মানুহজনে ডাঙৰ কৈ কান্দিবলৈ ধৰিলে। তেখেতৰ কান্দোনৰ মাজতেই  জয়ন্তই এইবাৰ অলপ কোমল সুৰত তেওঁক ক'লে

উদয়াচল - তাইক লক্ষ্য কৰাই নহ'লWhere stories live. Discover now