57 6 0
                                    

Hi wattpader
Thanks for coming inside.
Happy reading

উদয়ৰ দৃষ্টিকোণ

- আমি পইচা নিবলৈ অহা নাই।

মই মূৰ তুলি চাই নীলা আচলত মোৰ চকুৱে বিচাৰি থকা ছোৱালীজনীক দেখি একেলগে খং, আনন্দিত, উৎফোল্লিত কিবা বুজাব নোৱাৰা অনুভূতি এটা অনুভৱ কৰিলো। তাই সেই একে কথা। পইচা একো নহয় এটিটিউদ। মই তাইৰ চকুলৈ চালত তাই ক'লে

- আপোনাৰ উপস্থিতিয়ে আমাৰ ছাত্ৰ- ছাত্ৰীসকলক উৎসাহিত কৰিব।

- চোৱা সেইদিনা মোৰ হেকটিক। একেবাৰে সময় নাই।

- জানিছো আপুনি বৰ ব্যস্ত মানুহ। তথাপি আমি আহিছিলো আপোনাৰ সময় বিচাৰি। আমাৰ কলেজে মানব সম্পদ গঢ়ে। আপুনি আমাৰ কলেজলৈ গ'লে আপোনাৰ একো লাভ নহ'ব। ওলোটাকৈ সময় নষ্ট হ'ব। কিন্তু যদি যায় আমাৰ ছাত্ৰ-ছাত্ৰীয়ে অনুপ্ৰেৰণা পাব। পঢ়া সাবিয়াস পাব। আপোনাৰ খোজত খোজ থোৱাৰ প্ৰচেষ্টা কৰিব। সিমানেই। সেয়ে আমাক আপোনাৰ সময় লাগে পইচা নহয়।

মই লিখি শেষ কৰা চেকখন তাইলৈ আগবঢ়াই দি ক'লো

- ক্ষমা কৰিবা। মই সময় দিব নোৱাৰিম। এইখন লোৱা। মই এইটো দি হে সহায় কৰিব পাৰিম।

- আপুনি নহ'লে আমাক আপোনাৰ পইচাও নালাগে ব'ল নিতা আমি যাও।

চেকখনলৈ এবাৰো নোচোৱাকৈ তাই লগৰজনীক টানি বৰ্ড ৰুমৰ বাহিৰ পালেগৈ। তাই তেনেকৈ ওলাই যোৱাৰ পাচত মোৰ মিটিংত মন নব'হা হ'ল। মোৰ অস্বস্তি অচিমে বুজি পাই দহ মিনিটৰ ব্ৰেক এটা বিচাৰিলে। সি মোক মোৰ ৰুমলৈ মাতি লৈ আহিল। ৰুমত সোমাই মই চকীখনত আৰামত বহি এচিটো অন কৰি দিলো। নবেম্বৰ সোমালেহি অথচ এ চি ল'ব পৰা বতৰ হৈ আছে। ধৰালৈ সচাঁই পৰিবৰ্তন নামিছে। মই বহাৰ পাচত অচিম মোৰ সন্মুখত বহি সুধিলে

- কি হ'ল। ছোৱালীজনীৰ কথা ইমান গাত লাগিল যে।

- নাযানো তাইৰ কথাবোৰে সদায় আমনি কৰে মোক

- সদায়! মানে ?

মোৰ কথাত প্ৰথমে আচৰিত হৈ তাৰ পাচত মনত পৰাৰ দৰে সি উৎফোল্লিত হৈ ক'লে

- তাৰ মানে এইজনীয়ে সেই ছোৱালীজনী। তোমাৰ আচল।

- মোৰ নহয়।

উদয়াচল - তাইক লক্ষ্য কৰাই নহ'লWhere stories live. Discover now