47 8 1
                                    

Happy reading. Thanks for coming inside😊

মাকৰ চেকাপ কৰি শেষ হোৱাৰ পাচত ডাক্তৰে অলপ সময় উদয় অকলে বিচাৰিলে। মাক ডাক্তৰৰ কেবিনৰ পৰা বাহিৰলৈ ওলাই যোৱাৰ পাচত উদয়ে ডাক্তৰলৈ প্ৰশ্নবোধক চাৱনিৰে চাই ৰ'ল। ডাক্তৰে উদয়ক বহিবলৈ দি মাকৰ ৰিপৰ্টবোৰ চাই থাকিল। উদয়ৰ মনত জিজ্ঞাসা বাঢ়ি গ'ল। তাৰ অলপ ভয়ো লাগিল মাকৰ কিবা ডাঙৰ অসুখ হৈছেনেকি ভাবি। সি মনৰ খুদুৱণিৰ বাবে বেছি সময় নীৰৱে বহি থাকিব নোৱাৰি ডাক্তৰলৈ চাই প্ৰশ্ন কৰিলে

- সকলো ঠিক আছেনে ডাক্তৰ?

- নাই। সকলো ঠিকে নাই। তোমাৰ মা generalized anxiety disorder (GAD) ৰ ৰোগী৷

- generalized anxiety disorder?

- এক প্ৰকাৰৰ মানসিক ৰোগ৷ কি কাৰণে এই ৰোগ হয় সঠিক ক'ব নোৱাৰি৷ কিন্তু মই ভাবোঁ তেখেতৰ এই বেমাৰৰ মূল কাৰণ ডিপ্ৰেচন।

- ডিপ্ৰেচন? কিয়? কেনেকৈ? কেতিয়াৰ পৰা?

- সেই প্ৰশ্নৰ উত্তৰ তোমাৰ হাততহে থাকিব লাগে৷

- মই! মোৰ হাতত!

- হয়৷ তোমালোক দুজন ব্ৰাদাৰ নহয়নে?

- হয়

- ভাইটি ক'ত।

- সি অষ্টেলিয়াত আছে।

- কিবা পঢ়ি আছে?

- হয়

- ভাইটি কিমান দিন অহা নাই অসমলৈ।

- যোৱাৰে পৰা অহাই নাই। প্ৰায় তিনিবছৰে হ'বৰ হ'ল।

- মমমম! তুমি কিমান দিন মাৰ লগত একেলগে সময় কটোৱা নাই?

উদয় নিৰুত্তৰ হৈ ডাক্তৰলৈ চাই ৰয়৷ সেয়ে ডাক্তৰে পুনৰ ক'লে

- পাৰা যদি তোমাৰ ভাইক এবাৰলৈ মাতা। ঘৰত আনন্দৰ পৰিবেশ এটা সৃষ্টি কৰা। সকলো বেমাৰ দৰবেৰে ভাল কৰিব নোৱাৰি। মই তোমালোকৰ ঘৰুৱা ডাক্তৰ বাবেহে ক'লো। এই বেমাৰত মই ঔষধ দিব নোৱাৰো৷ মোৰ এজন ভাল চাইক'লজিষ্ট চিনাকি আছে৷ মই তেখেতৰ নাম্বাৰটো লিখি দিছো৷ তেখেতৰ লগত এবাৰ কনচাল্ট কৰি ল'বা৷ ঠিক আছে?

- ঠিক আছে। এই বেমাৰৰ লক্ষণ কি?

- অশান্ত, বিৰক্ত, Hypervigilance, ভয়, সন্দেহ ইত্যাদি৷

উদয়াচল - তাইক লক্ষ্য কৰাই নহ'লWhere stories live. Discover now