৪৪

22 3 2
                                    

Please follow me 🙏🙏

নক্ষত্রাৰ দৃষ্টিকোণ

মোৰ অবচেতন মন অবৰ্ণনিয় অন্ধকাৰত ওপঙি ফুৰিছে। স্মৃতি কোঠাটো খালি, শূন্য। চিৰকালৰে পৰা মই যেন এনেকৈয়ে পৰি আছো। ইয়াত এই বগা কোঠাটোতে। কাৰোবাৰ অপেক্ষাত। কিন্তু কোনো চিনাকি লোকক দেখা নাই। কেতিয়াবা কাৰোবাৰ স্পৰ্শ অনুভৱ কৰোঁ। কথা এটা দুটা শুনো আকৌ নুশুনা হও। মোৰ বাবে কোনো নাহে। মই সম্পূর্ণ অকলে ইয়াত বহি আছো। তথাপিও নিসংগতাতেই যেন শান্তি। মই জীবনলৈ কোনো ধৰণৰ মোহ অনুভব কৰা নাছিলো। আচলতে মই জীয়াই থাকিবই বিচৰা নাছিলো। মই জীয়াই থাকিব লগীয়া কোনো কাৰণে স্মৰণ কৰিব পৰা নাই। সেয়ে মই সেই মূহুৰ্তলৈ এনেদৰে আছিলো যি মূহুর্তলৈকে তেওঁৰ মুখৰ কথাষাৰ শুনা নাছিলো।

- I love you..... বহুত বহুত ভাল পাও তোমাক। নিজৰ অহংকাৰত থাকোতে তোমাক কোৱা নহল। মোক ক্ষমা কৰা। প্লিজ চকু মেলা। মই আৰু সহ্য কৰিব নোৱাৰিছো। মই নিজকে বৰ শক্তিশালী বুলিয়েই ভাবি ছিলো কিন্তু............... তোমাৰ ঠাইত মইহে থাকিব লাগে। প্লিজ উঠা। এবাৰ উঠা।

তেওঁৰ কথাৰ সুৰত থকা কম্পন শুনিলে স্পষ্ট বুজিব পাৰি যে তেওঁ কান্দিছে। কিন্তু কিয়! অসংখ্য নীৰৱতাৰ পাচত হঠাৎ কিয় মই এই শব্দ কেইটা শুনা পালো। এতিয়া কিয় আৰু তেওঁ কিয় ক্ষমা বিচাৰিছে! "তোমাৰ ঠাইত মইহে থাকিব লাগে" মানে কি কব বিচাৰিছে!

অকস্মাৎ বহুবোৰ উত্তৰবিহীন প্ৰশ্নই মোৰ মন হাহাকাৰ কৰি উঠিল। এটা অদ্ভুত অনুভূতি কিন্তু তথাপিও........... তেওঁ কণ্ঠ যেন মোৰ পৰিচিত। স্মৰণ কৰিব বিচৰোতে অকস্মাৎ মোৰ হৃদস্পন্দন বৃদ্ধি হোৱা মই অনুভব কৰিলো। হঠাৎ তেওঁক সান্তনা দিয়াৰ প্ৰয়োজন বোধ কৰিলো। তেওঁক বুজাবলৈ মন হাহাকাৰ কৰি উঠিল যে সকলো ভালে আছে। মই ভালে আছো।

- আছো ভালে

কথা কবলৈ চেষ্টা কৰি থাকি দ্ৰুতগতিত চকুযোৰ মেলি দিলো কিন্তু বগা উজ্জ্বল পোহৰে মোৰ চকু চাত মাৰি ধৰিলে।

- নক্ষত্রা

পুৰুষৰ কণ্ঠ এটা মোৰ কাণত পৰিল কিন্তু মোৰ চকুৰে একো স্পষ্ট দেখা পোৱা নাই। পুৰুষৰ এটা ছাঁয়াময় ৰূপে অস্পষ্ট ভাবে মই দেখা পালো। তাৰোপৰি মই পোহৰৰফালে লক্ষ্য কৰিব পৰা নাই।

- Oh my god. নক্ষত্রা তুমি অবশেষত হাৰ পালা।

তেওঁ আনন্দত উত্তেজিত হৈ চিতকাৰ কৰি উঠিল।

- অঃ পোহৰ। এক মিনিট ৰবা।

তেওঁ নিজৰ কথাৰ ক্ৰম ৰাখি কথাটো যোগ কৰি কৰবালৈ আঁতৰি গল। কিছু সময়তে কোঠাত পোহৰ পাতল হৈ পৰিল। মই লাহে লাহে চকু ভাল দৰে খুলিব পৰা হলো। তেওঁ পুনৰ আহি মোৰ কাষত থিয় হলহি। এতিয়া মোৰ দৃষ্টি শক্তি স্বাভাবিক। চকুত অসংখ্য প্ৰশ্ন, আনন্দ আৰু উত্তেজনা লৈ তেওঁ মোলৈ চাই আছে।

- তুমি! তুমি মই কোন হয় চিনি পাইছেন?

তেওঁ মোক প্ৰশ্নটো কৰি ধৈর্য্যৰে মোৰ উত্তৰলৈ অপেক্ষা কৰিলে।

লাহেকৈ মই কথা কবলৈ চেষ্টা কৰিলো। কিন্তু মই মাত উলিয়াব নোৱাৰিলো। মোৰ জিভাখন শুকান হৈ আছে। মোৰ এনে লাগিল কেনেকৈ কথা কব লাগে মোৰ শৰীৰে পাহৰি পেলালে। মই কথা কবলৈ অপ্ৰাণ চেষ্টা কৰিলো

- চা জা দ।

বহু কষ্টৰে তেওঁৰ নামটো ওঁঠলৈ নিগৰি ওলাল। মূহুর্ততে এটা হাঁহি তেওঁৰ ওঁঠত বিয়পি পৰিল।

- Thank god

আনন্দত উত্তেজিত হৈ তেওঁ কথাটো কলে। লগে লগেই তেওঁ দুহাত বিস্তাৰিত কৰি মোক সাবতি ধৰিলে। মইও তেওঁৰ মৰমক গ্ৰহণ কৰিব চেষ্টা কৰিলো কিন্তু মই হাতখন লৰাবকে পৰা নাই। মোৰ গোটেই শৰীৰৰ অৱস হৈ আছে। মই শৰীৰৰ এটা অংগও লৰচৰ কৰিব নোৱাৰা হলো। মোৰ কি হৈছে বুজিবলৈ চেষ্টা কৰিলো। কিছু সময়ৰ আগতে মই সংজ্ঞাহীন হোৱাৰ আগৰ কেইটিমান দৃশ্য মোৰ চকুত ভাঁহি উঠিল।

- উ দ য় চা

মই উচ্চাৰণ কৰিবলৈ যত্ন কৰিলো। মোৰ কথা শুনি তেখেতৰ চকু ডাঙৰ হৈ পৰিল।

- উদয়। ঠিকে ঠিকে। তেওঁক খবৰ দিব লাগিব।

তেওঁ ফোনটো হাতলৈ তুলি মোৰ প্ৰশ্নোত্তৰ দি কিছু সময়লৈ মোৰ ওচৰৰ পৰা আঁতৰি গল। মই লক্ষ্য কৰি ৰলো ফোনটো কাণত লগাই থিয় হৈ থকা চাজাদৰ পিঠিটো।

Please vote commant and share🙏🙏

উদয়াচল - তাইক লক্ষ্য কৰাই নহ'লWhere stories live. Discover now